মণিপুৰ Archives - Purbottar Asomiya https://purbottar.com/category/মণিপুৰ/ Wed, 28 Feb 2024 13:00:30 +0000 en-US hourly 1 https://purbottar.com/wp-content/uploads/2023/12/cropped-android-chrome-512x512-9-32x32.png মণিপুৰ Archives - Purbottar Asomiya https://purbottar.com/category/মণিপুৰ/ 32 32 178360463 জ্যেষ্ঠ আৰক্ষী বিষয়াৰ অপহৰণক লৈ পুনৰ উত্তেজনা মণিপুৰত https://purbottar.com/tensions-again-in-manipur-over-the-kidnapping-of-a-senior-police-officer/ https://purbottar.com/tensions-again-in-manipur-over-the-kidnapping-of-a-senior-police-officer/#respond Wed, 28 Feb 2024 13:00:04 +0000 https://purbottar.com/?p=49205 মণিপুৰত পুনৰ উত্তেজনা বৃদ্ধি পাইছে। মঙলবাৰে মণিপুৰত পুনৰ উত্তেজনা বৃদ্ধি পোৱাত সেনাৰ তহল আৰম্ভ হৈছে। মেইটেই সংগঠন আৰামবাই টেংগোলৰ সদস্যসকলে এজন জ্যেষ্ঠ আৰক্ষী বিষয়াক তেওঁৰ বাসগৃহৰ পৰা অপহৰণ কৰাৰ অভিযোগত ইম্ফল পূবত অসম ৰাইফলছৰ চাৰিটা কোম্পানী মোতায়েন কৰা হৈছে। মণিপুৰ আৰক্ষীৰ অভিযান শাখাত নিযুক্ত অতিৰিক্ত আৰক্ষী অধীক্ষক অমিত কুমাৰক আৰক্ষী আৰু নিৰাপত্তা বাহিনীৰ দ্বাৰা তৎক্ষণাৎ […]

The post জ্যেষ্ঠ আৰক্ষী বিষয়াৰ অপহৰণক লৈ পুনৰ উত্তেজনা মণিপুৰত appeared first on Purbottar Asomiya.

]]>
মণিপুৰত পুনৰ উত্তেজনা বৃদ্ধি পাইছে। মঙলবাৰে মণিপুৰত পুনৰ উত্তেজনা বৃদ্ধি পোৱাত সেনাৰ তহল আৰম্ভ হৈছে। মেইটেই সংগঠন আৰামবাই টেংগোলৰ সদস্যসকলে এজন জ্যেষ্ঠ আৰক্ষী বিষয়াক তেওঁৰ বাসগৃহৰ পৰা অপহৰণ কৰাৰ অভিযোগত ইম্ফল পূবত অসম ৰাইফলছৰ চাৰিটা কোম্পানী মোতায়েন কৰা হৈছে। মণিপুৰ আৰক্ষীৰ অভিযান শাখাত নিযুক্ত অতিৰিক্ত আৰক্ষী অধীক্ষক অমিত কুমাৰক আৰক্ষী আৰু নিৰাপত্তা বাহিনীৰ দ্বাৰা তৎক্ষণাৎ ব্যৱস্থা গ্ৰহণ কৰাৰ পিছত উদ্ধাৰ কৰা হয়। আৰক্ষী বিষয়াজনক এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে, য’ত তেওঁৰ অৱস্থা স্থিৰ বুলি কোৱা হৈছে।

এই সন্দৰ্ভত প্ৰশাসনে কয় – আৰামবাই টেংগোলৰ সদস্যসকলে মঙলবাৰে সন্ধিয়া প্ৰায় ৭ বজাত ইম্ফল পূবৰ ৱাংখেইত কুমাৰৰ ঘৰত আক্ৰমণ কৰে। গুলীচালনা ঘটনা এই কথাৰ পৰা উদ্ভৱ হৈছিল যে সংশ্লিষ্ট বিষয়াজনে বাহন চুৰিৰ সৈতে জড়িত থকাৰ অভিযোগত গোটটোৰ ছয়জন সদস্যক গ্ৰেপ্তাৰ কৰিছিল। গ্ৰেপ্তাৰ হোৱাৰ পিছত, মীৰা পুবিছৰ (মেইটেই মহিলা গোট) এটা দলে প্ৰতিবাদ সাব্যস্ত কৰে আৰু তেওঁৰ মুক্তিৰ দাবীত পথ অৱৰোধ কৰে। মঙলবাৰে সন্ধিয়া হোৱা আক্ৰমণত, আৰামবাই টেংগোলৰ সশস্ত্ৰ কৰ্মীসকলে ঘৰটো লণ্ডভণ্ড কৰে আৰু গুলীচালনাৰ ফলত কমেও চাৰিখন বাহন ক্ষতিগ্ৰস্ত কৰে।

The post জ্যেষ্ঠ আৰক্ষী বিষয়াৰ অপহৰণক লৈ পুনৰ উত্তেজনা মণিপুৰত appeared first on Purbottar Asomiya.

]]>
https://purbottar.com/tensions-again-in-manipur-over-the-kidnapping-of-a-senior-police-officer/feed/ 0 49205
সতীৰ্থৰ ওপৰত নিৰ্বিচাৰ গুলীবৰ্ষণ কৰি আত্মহত্যা অসম ৰাইফলছৰ জোৱানৰ, ৬ জন আহত https://purbottar.com/%e0%a6%b8%e0%a6%a4%e0%a7%80%e0%a7%b0%e0%a7%8d%e0%a6%a5%e0%a7%b0-%e0%a6%93%e0%a6%aa%e0%a7%b0%e0%a6%a4-%e0%a6%a8%e0%a6%bf%e0%a7%b0%e0%a7%8d%e0%a6%ac%e0%a6%bf%e0%a6%9a%e0%a6%be%e0%a7%b0-%e0%a6%97/ https://purbottar.com/%e0%a6%b8%e0%a6%a4%e0%a7%80%e0%a7%b0%e0%a7%8d%e0%a6%a5%e0%a7%b0-%e0%a6%93%e0%a6%aa%e0%a7%b0%e0%a6%a4-%e0%a6%a8%e0%a6%bf%e0%a7%b0%e0%a7%8d%e0%a6%ac%e0%a6%bf%e0%a6%9a%e0%a6%be%e0%a7%b0-%e0%a6%97/#respond Wed, 24 Jan 2024 10:24:48 +0000 https://purbottar.com/?p=47782 মণিপুৰৰ ভাৰত-ম্যানমাৰ সীমান্তত সতীৰ্থৰ ওপৰত নিৰ্বিচাৰ গুলীবৰ্ষণ কৰি আত্মহত্যা কৰে এগৰাকী অসম ৰাইফলছৰ জোৱানে। বুধবাৰে নিশা অসম ৰাইফলছৰ জোৱানজনৰ গুলীবৰ্ষণত আহত হয় আন ৬ গৰাকী জোৱান। সূত্ৰ অনুসৰি এতিয়া আহত ছয়জন লোককে লেইমাখঙৰ সামৰিক চিকিৎসালয়লৈ স্থানান্তৰ কৰা হৈছে। জানিব পৰা মতে, বাৰ্ষিক ছুটীৰ পিছত ২০ জানুৱাৰীত কৰ্তব্যত পুনৰ যোগদান কৰিছিল জোৱানজনে। ‘মানসিক সমস্যা’ৰ বাবেই এনে […]

The post সতীৰ্থৰ ওপৰত নিৰ্বিচাৰ গুলীবৰ্ষণ কৰি আত্মহত্যা অসম ৰাইফলছৰ জোৱানৰ, ৬ জন আহত appeared first on Purbottar Asomiya.

]]>
মণিপুৰৰ ভাৰত-ম্যানমাৰ সীমান্তত সতীৰ্থৰ ওপৰত নিৰ্বিচাৰ গুলীবৰ্ষণ কৰি আত্মহত্যা কৰে এগৰাকী অসম ৰাইফলছৰ জোৱানে। বুধবাৰে নিশা অসম ৰাইফলছৰ জোৱানজনৰ গুলীবৰ্ষণত আহত হয় আন ৬ গৰাকী জোৱান। সূত্ৰ অনুসৰি এতিয়া আহত ছয়জন লোককে লেইমাখঙৰ সামৰিক চিকিৎসালয়লৈ স্থানান্তৰ কৰা হৈছে।

জানিব পৰা মতে, বাৰ্ষিক ছুটীৰ পিছত ২০ জানুৱাৰীত কৰ্তব্যত পুনৰ যোগদান কৰিছিল জোৱানজনে। ‘মানসিক সমস্যা’ৰ বাবেই এনে ঘটনা সংঘটিত কৰা বুলি সন্দেহ কৰা হৈছে।

ইফালে ইগাৰৰ জনসম্পৰ্ক বিষয়াই জনোৱা মতে, আহত জোৱান কেইজনৰ এজনৰ অৱস্থা বৰ্তমানো অতি সংকটজনক হৈ আছে।

ঘটনা সন্দৰ্ভত অধিক তদন্তৰ বাবে ব্ৰিগেডিয়াৰ পৰ্যায়ৰ আভ্যন্তৰীণ তদন্তৰ ব্যৱস্থা কৰা হৈছে।

The post সতীৰ্থৰ ওপৰত নিৰ্বিচাৰ গুলীবৰ্ষণ কৰি আত্মহত্যা অসম ৰাইফলছৰ জোৱানৰ, ৬ জন আহত appeared first on Purbottar Asomiya.

]]>
https://purbottar.com/%e0%a6%b8%e0%a6%a4%e0%a7%80%e0%a7%b0%e0%a7%8d%e0%a6%a5%e0%a7%b0-%e0%a6%93%e0%a6%aa%e0%a7%b0%e0%a6%a4-%e0%a6%a8%e0%a6%bf%e0%a7%b0%e0%a7%8d%e0%a6%ac%e0%a6%bf%e0%a6%9a%e0%a6%be%e0%a7%b0-%e0%a6%97/feed/ 0 47782
মণিপুৰত অব্যাহত আছে অপ্ৰীতিকৰ পৰিস্থিতি! পুনৰ ৫ দিনৰ বাবে বন্ধ ইণ্টাৰনেট সেৱা https://purbottar.com/%e0%a6%ae%e0%a6%a3%e0%a6%bf%e0%a6%aa%e0%a7%81%e0%a7%b0%e0%a6%a4-%e0%a6%85%e0%a6%ac%e0%a7%8d%e0%a6%af%e0%a6%be%e0%a6%b9%e0%a6%a4-%e0%a6%86%e0%a6%9b%e0%a7%87-%e0%a6%85%e0%a6%aa%e0%a7%8d%e0%a7%b0/ https://purbottar.com/%e0%a6%ae%e0%a6%a3%e0%a6%bf%e0%a6%aa%e0%a7%81%e0%a7%b0%e0%a6%a4-%e0%a6%85%e0%a6%ac%e0%a7%8d%e0%a6%af%e0%a6%be%e0%a6%b9%e0%a6%a4-%e0%a6%86%e0%a6%9b%e0%a7%87-%e0%a6%85%e0%a6%aa%e0%a7%8d%e0%a7%b0/#respond Wed, 20 Dec 2023 09:36:21 +0000 https://purbottar.com/?p=46632 বিগত কেইবামাহো ধৰি মণিপুৰত জ্বলি আছে হিংসাৰ দাবানল। ৰাজ্যখনৰ দুটা জনগোষ্ঠীৰ মাজত হোৱা হিংসাই এক বৃহৎ ৰূপ ধাৰণ কৰিছে। এই সময়ছোৱাত বহু লোকে প্ৰাণ হেৰুৱাইছে। বহু লোক গৃহহীন হৈ পৰিছে। সোমবাৰে জিৰিবাম জিলাত এজন আৰক্ষীয়ে ৩২ বছৰীয়া এজন যুৱকক গুলীয়াই হত্যা কৰে। এই হত্যাকাণ্ডত ক্ষুব্ধ হৈ মঙলবাৰে আৰক্ষী জোইতম অৰুন্ত সিঙৰ ঘৰত আক্রমণ কৰি ক্ষতিসাধন […]

The post মণিপুৰত অব্যাহত আছে অপ্ৰীতিকৰ পৰিস্থিতি! পুনৰ ৫ দিনৰ বাবে বন্ধ ইণ্টাৰনেট সেৱা appeared first on Purbottar Asomiya.

]]>
বিগত কেইবামাহো ধৰি মণিপুৰত জ্বলি আছে হিংসাৰ দাবানল। ৰাজ্যখনৰ দুটা জনগোষ্ঠীৰ মাজত হোৱা হিংসাই এক বৃহৎ ৰূপ ধাৰণ কৰিছে। এই সময়ছোৱাত বহু লোকে প্ৰাণ হেৰুৱাইছে। বহু লোক গৃহহীন হৈ পৰিছে। সোমবাৰে জিৰিবাম জিলাত এজন আৰক্ষীয়ে ৩২ বছৰীয়া এজন যুৱকক গুলীয়াই হত্যা কৰে। এই হত্যাকাণ্ডত ক্ষুব্ধ হৈ মঙলবাৰে আৰক্ষী জোইতম অৰুন্ত সিঙৰ ঘৰত আক্রমণ কৰি ক্ষতিসাধন কৰে একাংশ লোকে৷

মণিপুৰত আকৌ এবাৰ হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হয়। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে ৫ দিনৰ বাবে ইন্টাৰনেট নিষিদ্ধ কৰাৰ বিপৰীতে চুৰাচান্দপুৰ জিলাত দুমাহৰ বাবে আই পি চিৰ ১৪৪ ধাৰাত নিষেধাজ্ঞা আদেশ জাৰি কৰা হৈছে। জিলা দণ্ডাধীশে এটা আদেশ জাৰি কৰি কয় যে দুয়োটা গোটৰ মাজত হোৱা সংঘাতৰ বাবে এতিয়াও শান্তি ভংগৰ সম্ভাৱনা আছে, পৰিস্থিতি এতিয়াও উত্তেজিত হৈ আছে।

এই নিৰ্দেশৰ পিছত সোমবাৰৰ পৰা ৰাজ্যত ১৪৪ ধাৰা কাৰ্যকৰী কৰা হৈছে, যিটো ধাৰা ২০২৪ চনৰ ১৮ ফেব্ৰুৱাৰীলৈকে বলবৎ থাকিব। ইয়াৰ অধীনত পাঁচজন বা তাতকৈ অধিক লোকক একেলগে থকা বা গোট খোৱাটো নিষিদ্ধ আৰু অস্ত্ৰ ৰখাও নিষিদ্ধ।

জিলা দণ্ডাধীশে কয় যে আইন প্ৰয়োগকাৰী সংস্থাসমূহে হিংসাত্মক পৰিস্থিতিত শান্তি বজাই ৰখাৰ বাবে সকলো প্ৰচেষ্টা হাতত লৈছে। উল্লেখযোগ্য যে চলিত বৰ্ষৰ মে’ মাহৰ পৰা মণিপুৰৰ বহু ঠাইত জাতিগত সংঘাত চলি আহিছে। যোৱা সোমবাৰে চুৰাচান্দপুৰ জিলাত বিশেষকৈ থিংকাংফাই গাঁৱত হিংসাত্মক ঘটনা সংঘটিত হয়। অৱশ্যে কোনো ডাঙৰ লোকচান হোৱা নাই।

উল্লেখ্য যে মণিপুৰৰ মেইটেই সম্প্ৰদায়ে অনুসূচিত জনজাতি (এছটি)ৰ মৰ্যাদা বিচাৰিছে, যাৰ বিৰোধিতা কৰা হৈছে। মেইটেই সম্প্ৰদায়ৰ দাবীৰ প্ৰতিবাদত ৩ মে’ত জনজাতীয় সংহতি পদযাত্ৰাৰ আয়োজন কৰা হয়, তাৰ পিছত জাতিগত হিংসাৰ সূচনা হয়। এই হিংসাত ১৮০ জনতকৈ অধিক লোকৰ মৃত্যু হয়।

The post মণিপুৰত অব্যাহত আছে অপ্ৰীতিকৰ পৰিস্থিতি! পুনৰ ৫ দিনৰ বাবে বন্ধ ইণ্টাৰনেট সেৱা appeared first on Purbottar Asomiya.

]]>
https://purbottar.com/%e0%a6%ae%e0%a6%a3%e0%a6%bf%e0%a6%aa%e0%a7%81%e0%a7%b0%e0%a6%a4-%e0%a6%85%e0%a6%ac%e0%a7%8d%e0%a6%af%e0%a6%be%e0%a6%b9%e0%a6%a4-%e0%a6%86%e0%a6%9b%e0%a7%87-%e0%a6%85%e0%a6%aa%e0%a7%8d%e0%a7%b0/feed/ 0 46632
মণিপুৰত পুনৰ সংঘর্ষ! প্ৰচণ্ড গুলীয়াগুলিত নিহত এজন কুকি গাঁওৰক্ষী https://purbottar.com/%e0%a6%ae%e0%a6%a3%e0%a6%bf%e0%a6%aa%e0%a7%81%e0%a7%b0%e0%a6%a4-%e0%a6%aa%e0%a7%81%e0%a6%a8%e0%a7%b0-%e0%a6%b8%e0%a6%82%e0%a6%98%e0%a6%b0%e0%a7%8d%e0%a6%b7-%e0%a6%aa%e0%a7%8d%e0%a7%b0%e0%a6%9a/ https://purbottar.com/%e0%a6%ae%e0%a6%a3%e0%a6%bf%e0%a6%aa%e0%a7%81%e0%a7%b0%e0%a6%a4-%e0%a6%aa%e0%a7%81%e0%a6%a8%e0%a7%b0-%e0%a6%b8%e0%a6%82%e0%a6%98%e0%a6%b0%e0%a7%8d%e0%a6%b7-%e0%a6%aa%e0%a7%8d%e0%a7%b0%e0%a6%9a/#respond Mon, 27 Nov 2023 09:13:26 +0000 https://purbottar.com/?p=45782 পুনৰ সংঘৰ্ষ উত্তৰ-পূবৰ হিংসাজৰ্জৰ ৰাজ্য মণিপুৰত। শুকুৰবাৰে নিশা মেইটেই আৰু কুকিসকলৰ মাজত পুনৰ সংঘটিত সংঘৰ্ষত নিহত হয় এজন কুকি গাঁওৰক্ষীৰ। এই ঘটনাৰ পিছতে সন্ধানহীন হৈ আছে একাধিক মেইটেই লোক। স্থানীয় সূত্ৰৰ পৰা জানিব পৰা মতে, শুকুৰবাৰে পুৱা প্ৰায় ২ বজাত বিষ্ণুপুৰ জিলাৰ সীমান্ত অতিক্ৰম কৰি মেইটেইৰ এটা বাহিনীয়ে স্বয়ংক্ৰিয় অস্ত্ৰৰে জৌপি গাঁৱত আক্ৰমণ কৰে। যাৰ […]

The post মণিপুৰত পুনৰ সংঘর্ষ! প্ৰচণ্ড গুলীয়াগুলিত নিহত এজন কুকি গাঁওৰক্ষী appeared first on Purbottar Asomiya.

]]>
পুনৰ সংঘৰ্ষ উত্তৰ-পূবৰ হিংসাজৰ্জৰ ৰাজ্য মণিপুৰত। শুকুৰবাৰে নিশা মেইটেই আৰু কুকিসকলৰ মাজত পুনৰ সংঘটিত সংঘৰ্ষত নিহত হয় এজন কুকি গাঁওৰক্ষীৰ। এই ঘটনাৰ পিছতে সন্ধানহীন হৈ আছে একাধিক মেইটেই লোক।

স্থানীয় সূত্ৰৰ পৰা জানিব পৰা মতে, শুকুৰবাৰে পুৱা প্ৰায় ২ বজাত বিষ্ণুপুৰ জিলাৰ সীমান্ত অতিক্ৰম কৰি মেইটেইৰ এটা বাহিনীয়ে স্বয়ংক্ৰিয় অস্ত্ৰৰে জৌপি গাঁৱত আক্ৰমণ কৰে। যাৰ প্ৰত্যুত্তৰ দিয়ে কুকি গাঁওখনৰ গাঁওৰক্ষী সকলেও।

দুয়োপক্ষৰ মাজত হোৱা এই সংঘৰ্ষত নিহত হৈছে খুপমিংথাং নামৰ এজন গাঁওৰক্ষী। কেইজনমান মেইটেই আক্ৰমণকাৰী নিৰুদ্দেশ হোৱাৰ খবৰ পোৱা গৈছে।

নিৰুদ্দেশ হোৱা সংগীক বিচাৰি পুনৰ আৰামবাই টেংগল আৰু মেইটেইত লিপুনৰ বৃহৎ সৈন্যবাহিনী গোট খাইছে। মেইটেই কমাণ্ডোৱেও তেওঁলোকৰ লগত যোগ দিছে। কুকিৰ জৰিয়তে চুৰাচান্দপুৰ জিলাত জৰুৰীকালীন বন্ধ ঘোষণা কৰা হৈছে।

The post মণিপুৰত পুনৰ সংঘর্ষ! প্ৰচণ্ড গুলীয়াগুলিত নিহত এজন কুকি গাঁওৰক্ষী appeared first on Purbottar Asomiya.

]]>
https://purbottar.com/%e0%a6%ae%e0%a6%a3%e0%a6%bf%e0%a6%aa%e0%a7%81%e0%a7%b0%e0%a6%a4-%e0%a6%aa%e0%a7%81%e0%a6%a8%e0%a7%b0-%e0%a6%b8%e0%a6%82%e0%a6%98%e0%a6%b0%e0%a7%8d%e0%a6%b7-%e0%a6%aa%e0%a7%8d%e0%a7%b0%e0%a6%9a/feed/ 0 45782
পুনৰ মণিপুৰত হিংসাৰ দাবানল! প্ৰচণ্ড গুলীয়াগুলিত আৰক্ষী জোৱানসহ নিহত ২ https://purbottar.com/%e0%a6%aa%e0%a7%81%e0%a6%a8%e0%a7%b0-%e0%a6%ae%e0%a6%a3%e0%a6%bf%e0%a6%aa%e0%a7%81%e0%a7%b0%e0%a6%a4-%e0%a6%b9%e0%a6%bf%e0%a6%82%e0%a6%b8%e0%a6%be%e0%a7%b0-%e0%a6%a6%e0%a6%be%e0%a6%ac%e0%a6%be/ https://purbottar.com/%e0%a6%aa%e0%a7%81%e0%a6%a8%e0%a7%b0-%e0%a6%ae%e0%a6%a3%e0%a6%bf%e0%a6%aa%e0%a7%81%e0%a7%b0%e0%a6%a4-%e0%a6%b9%e0%a6%bf%e0%a6%82%e0%a6%b8%e0%a6%be%e0%a7%b0-%e0%a6%a6%e0%a6%be%e0%a6%ac%e0%a6%be/#respond Tue, 21 Nov 2023 09:36:54 +0000 https://purbottar.com/?p=45602 মণিপুৰত পুনৰ আৰম্ভ হৈছে হিংসা। সোমবাৰে সংঘটিত হিংসাত্মক কাণ্ডত কাংপকপি জিলাত দুটা প্ৰতিদ্বন্দ্বী গোটৰ মাজত হোৱা গুলীচালনাৰ সময়ত ৬ নং আই আৰ বিৰ এজন আৰক্ষী জোৱান হেনমিনলেন ভাইফেইকে ধৰি দুজন ব্যক্তিয়ে প্ৰাণ হেৰুৱায়। আৰক্ষীৰ মতে, হাৰোথেল আৰু কোবছা গাঁৱৰ মাজৰ এটা স্থানত গুলীচালনা সংঘটিত হয় যদিও গুলীচালনাৰ কাৰণ কি সেয়া এতিয়াও স্পষ্ট হোৱা নাই। এটা […]

The post পুনৰ মণিপুৰত হিংসাৰ দাবানল! প্ৰচণ্ড গুলীয়াগুলিত আৰক্ষী জোৱানসহ নিহত ২ appeared first on Purbottar Asomiya.

]]>
মণিপুৰত পুনৰ আৰম্ভ হৈছে হিংসা। সোমবাৰে সংঘটিত হিংসাত্মক কাণ্ডত কাংপকপি জিলাত দুটা প্ৰতিদ্বন্দ্বী গোটৰ মাজত হোৱা গুলীচালনাৰ সময়ত ৬ নং আই আৰ বিৰ এজন আৰক্ষী জোৱান হেনমিনলেন ভাইফেইকে ধৰি দুজন ব্যক্তিয়ে প্ৰাণ হেৰুৱায়। আৰক্ষীৰ মতে, হাৰোথেল আৰু কোবছা গাঁৱৰ মাজৰ এটা স্থানত গুলীচালনা সংঘটিত হয় যদিও গুলীচালনাৰ কাৰণ কি সেয়া এতিয়াও স্পষ্ট হোৱা নাই।

এটা জনজাতীয় সংগঠনে দাবী কৰিছিল যে কুকি-জো সম্প্ৰদায়ৰ লোকক কোনো প্ৰৰোচনা নকৰাকৈ আক্ৰমণ কৰা হৈছিল। তদুপৰি জিলাখনতো বন্ধ ঘোষণা কৰা হৈছে।

উল্লেখ্য যে, মে’ মাহৰ আৰম্ভণিতে উত্তৰ-পূব ৰাজ্যখনত মেইটেই আৰু কুকি জনগোষ্ঠীৰ মাজত জাতিগত সংঘাত আৰম্ভ হোৱাৰ পিছৰে পৰা অঞ্চলটোত গাঁৱৰ মানুহৰ মাজত গুলীচালনাৰ কেইবাটাও ঘটনা সংঘটিত হৈছে৷ এজন আৰক্ষী বিষয়াৰ মতে, অঞ্চলটোত অতিৰিক্ত বাহিনী মোতায়েন কৰা হৈছে আৰু ঘটনাৰ লগত জড়িত লোকসকলক গ্ৰেপ্তাৰ কৰিবলৈ তালাচী অব্যাহত আছে।

ইফালে, কুকি-জো সম্প্ৰদায়ৰ লোকৰ ওপৰত হোৱা এই আক্ৰমণক গৰিহণা দি কাংপোকপিৰ জনজাতি ঐক্য সমিতিয়ে জিলাখনত জৰুৰীকালীন বন্ধৰ ঘোষণা কৰিছে। ইয়াৰ উপৰিও COTU য়ে এখন বৈঠকত দাবী জনায় যে চৰকাৰে আদিবাসীসকলৰ বাবে সুকীয়া প্ৰশাসনৰ ব্যৱস্থা কৰিব লাগে।

দৰাচলতে অনুসূচিত জনজাতি (এছ টি)ৰ মৰ্যাদা প্ৰদানৰ বাবে মেইটেই সম্প্ৰদায়ৰ দাবীৰ প্ৰতিবাদত ৩ মে’ত পাহাৰীয়া জিলাসমূহত আয়োজন কৰা জনজাতীয় সংহতি সমদলৰ পিছত হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হয়। ইয়াৰ বাবে এই পৰ্যন্ত ১৮০ জনতকৈ অধিক লোকৰ মৃত্যু হৈছে।

উল্লেখ্য যে, মণিপুৰৰ জনসংখ্যাৰ প্ৰায় ৫৩ শতাংশ মেইটেই লোক। মেইটেই সকল মুখ্যতঃ ইম্ফল উপত্যকাত বাস কৰে। আনহাতে নগা আৰু কুকিকে ধৰি জনজাতীয় লোকসকলে জনসংখ্যাৰ প্ৰায় ৪০ শতাংশ আৰু তেওঁলোক মূলতঃ পাহাৰীয়া জিলাত বাস কৰে।

The post পুনৰ মণিপুৰত হিংসাৰ দাবানল! প্ৰচণ্ড গুলীয়াগুলিত আৰক্ষী জোৱানসহ নিহত ২ appeared first on Purbottar Asomiya.

]]>
https://purbottar.com/%e0%a6%aa%e0%a7%81%e0%a6%a8%e0%a7%b0-%e0%a6%ae%e0%a6%a3%e0%a6%bf%e0%a6%aa%e0%a7%81%e0%a7%b0%e0%a6%a4-%e0%a6%b9%e0%a6%bf%e0%a6%82%e0%a6%b8%e0%a6%be%e0%a7%b0-%e0%a6%a6%e0%a6%be%e0%a6%ac%e0%a6%be/feed/ 0 45602
অশান্ত মণিপুৰত পুনৰ উদ্ধাৰ মৃতদেহ! গুলীবিদ্ধ মৃতদেহ উদ্ধাৰক লৈ তীব্ৰ চাঞ্চল্য https://purbottar.com/%e0%a6%85%e0%a6%b6%e0%a6%be%e0%a6%a8%e0%a7%8d%e0%a6%a4-%e0%a6%ae%e0%a6%a3%e0%a6%bf%e0%a6%aa%e0%a7%81%e0%a7%b0%e0%a6%a4-%e0%a6%aa%e0%a7%81%e0%a6%a8%e0%a7%b0-%e0%a6%89%e0%a6%a6%e0%a7%8d%e0%a6%a7/ https://purbottar.com/%e0%a6%85%e0%a6%b6%e0%a6%be%e0%a6%a8%e0%a7%8d%e0%a6%a4-%e0%a6%ae%e0%a6%a3%e0%a6%bf%e0%a6%aa%e0%a7%81%e0%a7%b0%e0%a6%a4-%e0%a6%aa%e0%a7%81%e0%a6%a8%e0%a7%b0-%e0%a6%89%e0%a6%a6%e0%a7%8d%e0%a6%a7/#respond Fri, 10 Nov 2023 06:57:56 +0000 https://purbottar.com/?p=45253 হিংসাজৰ্জৰ মণিপুৰত এহাল্ পুৰুষ-মহিলাৰ গুলীবিদ্ধ মৃতদেহ উদ্ধাৰৰ পিছতে পুনৰ সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ। যোৱা ৭ নৱেম্বৰত লেইমাখঙৰ এখন বিয়ালৈ চুৰাচান্দপুৰৰ পৰা আহি আছিল সেনা জোৱানৰ এটা পৰিয়াল। মেইটেই বাহিনীয়ে কাংচুপ চেক পোষ্টত যৌথ বাহিনীৰ সন্মুখত তেওঁলোকৰ বাহন ৰখাই ৫ জন লোকক লৈ যায়। পিছত সেনাই সংকটজনক অৱস্থাত এজনক উদ্ধাৰ কৰে যদিও আন দুজন পুৰুষ আৰু […]

The post অশান্ত মণিপুৰত পুনৰ উদ্ধাৰ মৃতদেহ! গুলীবিদ্ধ মৃতদেহ উদ্ধাৰক লৈ তীব্ৰ চাঞ্চল্য appeared first on Purbottar Asomiya.

]]>
হিংসাজৰ্জৰ মণিপুৰত এহাল্ পুৰুষ-মহিলাৰ গুলীবিদ্ধ মৃতদেহ উদ্ধাৰৰ পিছতে পুনৰ সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ। যোৱা ৭ নৱেম্বৰত লেইমাখঙৰ এখন বিয়ালৈ চুৰাচান্দপুৰৰ পৰা আহি আছিল সেনা জোৱানৰ এটা পৰিয়াল। মেইটেই বাহিনীয়ে কাংচুপ চেক পোষ্টত যৌথ বাহিনীৰ সন্মুখত তেওঁলোকৰ বাহন ৰখাই ৫ জন লোকক লৈ যায়। পিছত সেনাই সংকটজনক অৱস্থাত এজনক উদ্ধাৰ কৰে যদিও আন দুজন পুৰুষ আৰু দুগৰাকী মহিলাৰ সন্ধান পোৱা নগ’ল।

আৰক্ষীয়ে জনোৱা মতে, পশ্চিম ইম্ফলৰ লামছাঙৰ পৰা উদ্ধাৰ হৈছে এগৰাকী মহিলাৰ গুলীবিদ্ধ মৃতদেহ। কুকিজত লিখা আছিল যে মৃতদেহটো জাখাম প্ৰৌদৰ পত্নী নেংকিম হাওকিপৰ। তেওঁলোকৰ পুত্ৰ সেনাবাহিনীত কৰ্মৰত। আনহাতে প্ৰায় একে সময়তে পূব ইম্ফলৰ ইৰিবুঙত উদ্ধাৰ হয় এজন লোকৰো মৃতদেহ। কুকি সকলৰ তথ্য অনুসৰি এই মৃতদেহটো হৈছে লামকাত কৰ্মৰত গাঁৱৰ চকীদাৰ জামখোথাং লংঘলৰ। দুয়োটা মৃতদেহ অচিনাক্ত বুলি মৰ্গত ৰখা হৈছে।

কুকি সংগঠনসমূহে অভিযোগ কৰে যে জামখোথাংক বন্দী কৰাৰ পিছত ইম্ফললৈ অনা হৈছিল। তাত তেওঁক ভিৰৰ সন্মুখত দৌৰাই গোটেই দিনটো অত্যাচাৰ কৰা হৈছিল আৰু তাৰ পিছত ৰাস্তাত মাৰপিট কৰি হত্যা কৰা হৈছিল। ইয়াৰ পিছতো আৰক্ষীয়ে কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে। লগতে কয় যে চাণ্ডেল জিলাৰ বনজয় গাঁৱৰ মুখীয়ালৰ ডাঙৰ পুত্ৰ ডেনিছ থংমিনলেনক পথাৰলৈ যোৱাৰ পথত অপহৰণ কৰা হয়।

ইফালে, ম্যানমাৰৰ সেনাৰ সৈতে সংঘৰ্ষৰ অন্তত চাণ্ডেল জিলাৰ ম্যানমাৰ সীমান্তৰ সিপাৰে পলায়ন কৰে মেইটেই উগ্ৰপন্থীৰ এটা দল। অভিযোগ অনুসৰি, যেতিয়া তেওঁলোকে মেইটেই কমাণ্ডিং অফিচাৰ অৱ আছাম ৰাইফলছৰ সহায় বিচাৰিছিল, তেতিয়া তেওঁ তেওঁলোকক এখন ট্ৰাকত ইম্ফললৈ পঠোৱাৰ ব্যৱস্থা কৰিছিল। সেই কথা জানিব পাৰি স্থানীয় ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰে। আছাম ৰাইফলছৰ কামাণ্ডিং অফিচাৰৰ সৈতেও মহিলাৰ সংঘৰ্ষ ঘটে।

অসম ৰাইফলছৰ ডিজি, ৰাজ্যিক নিৰাপত্তা উপদেষ্টা আৰু আই জি চাউথলৈ এই বিষয়ে অৱগত কৰি চান্দেল কুকি অৰ্গেনাইজেশ্যনে প্ৰতিবাদী পত্ৰ প্ৰেৰণ কৰিছে। অ’চিৰ লগতে মেইটেইৰ অন্যান্য বিষয়া-কৰ্মচাৰীক শীঘ্ৰে কুকি অঞ্চলৰ পৰা আঁতৰাই নিবলৈ দাবী জনাইছে। উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ মানি মণিপুৰ চৰকাৰে কোনো সংঘাত নথকা জিলাসমূহৰ ৰাজধানী চহৰসমূহত ম’বাইল ইণ্টাৰনেটৰ প্ৰৱৰ্তনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

The post অশান্ত মণিপুৰত পুনৰ উদ্ধাৰ মৃতদেহ! গুলীবিদ্ধ মৃতদেহ উদ্ধাৰক লৈ তীব্ৰ চাঞ্চল্য appeared first on Purbottar Asomiya.

]]>
https://purbottar.com/%e0%a6%85%e0%a6%b6%e0%a6%be%e0%a6%a8%e0%a7%8d%e0%a6%a4-%e0%a6%ae%e0%a6%a3%e0%a6%bf%e0%a6%aa%e0%a7%81%e0%a7%b0%e0%a6%a4-%e0%a6%aa%e0%a7%81%e0%a6%a8%e0%a7%b0-%e0%a6%89%e0%a6%a6%e0%a7%8d%e0%a6%a7/feed/ 0 45253
মণিপুৰ আৰক্ষীৰ মহানিৰ্দেশক আৰু জ্যেষ্ঠ IPS বিষয়াসহ দেশৰ ২০৪ গৰাকী আৰক্ষীক গৃহমন্ত্ৰীৰ বিশেষ অভিযান পদক… https://purbottar.com/%e0%a6%ae%e0%a6%a3%e0%a6%bf%e0%a6%aa%e0%a7%81%e0%a7%b0-%e0%a6%86%e0%a7%b0%e0%a6%95%e0%a7%8d%e0%a6%b7%e0%a7%80%e0%a7%b0-%e0%a6%ae%e0%a6%b9%e0%a6%be%e0%a6%a8%e0%a6%bf%e0%a7%b0%e0%a7%8d%e0%a6%a6%e0%a7%87/ https://purbottar.com/%e0%a6%ae%e0%a6%a3%e0%a6%bf%e0%a6%aa%e0%a7%81%e0%a7%b0-%e0%a6%86%e0%a7%b0%e0%a6%95%e0%a7%8d%e0%a6%b7%e0%a7%80%e0%a7%b0-%e0%a6%ae%e0%a6%b9%e0%a6%be%e0%a6%a8%e0%a6%bf%e0%a7%b0%e0%a7%8d%e0%a6%a6%e0%a7%87/#respond Tue, 31 Oct 2023 09:22:03 +0000 https://purbottar.com/?p=44950 মণিপুৰ আৰক্ষী সঞ্চালক প্ৰধান ৰাজীৱ সিং আৰু আন ২০৪ গৰাকী আৰক্ষীক ২০২৩ চনৰ বাবে কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ বিশেষ অভিযান পদকৰ বাবে নিৰ্বাচিত কৰা হৈছে। জম্মু-কাশ্মীৰৰ বিভিন্ন পদত কাম কৰি বৰ্তমান কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীত পদবীত থকা জ্যেষ্ঠ আই পি এছ বিষয়া অমিত কুমাৰৰ নামো এই তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে। মে’ মাহৰ পৰা আৰম্ভ হোৱা হিংসাত্মক পৰিস্থিতিৰ […]

The post মণিপুৰ আৰক্ষীৰ মহানিৰ্দেশক আৰু জ্যেষ্ঠ IPS বিষয়াসহ দেশৰ ২০৪ গৰাকী আৰক্ষীক গৃহমন্ত্ৰীৰ বিশেষ অভিযান পদক… appeared first on Purbottar Asomiya.

]]>
মণিপুৰ আৰক্ষী সঞ্চালক প্ৰধান ৰাজীৱ সিং আৰু আন ২০৪ গৰাকী আৰক্ষীক ২০২৩ চনৰ বাবে কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ বিশেষ অভিযান পদকৰ বাবে নিৰ্বাচিত কৰা হৈছে। জম্মু-কাশ্মীৰৰ বিভিন্ন পদত কাম কৰি বৰ্তমান কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীত পদবীত থকা জ্যেষ্ঠ আই পি এছ বিষয়া অমিত কুমাৰৰ নামো এই তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে।

মে’ মাহৰ পৰা আৰম্ভ হোৱা হিংসাত্মক পৰিস্থিতিৰ পিছতে মণিপুৰ আৰক্ষীৰ মুৰব্বী হিচাপে দায়িত্ব দিয়া হৈছিল আই পি এছ অমিত কুমাৰক। চি আৰ পি এফৰ মহাপৰিদৰ্শক হিচাপে পূৰ্বৰ ভূমিকাত কৰা কামৰ স্বীকৃতি স্বৰূপে তেওঁক এই বঁটাৰ বাবে নিৰ্বাচিত কৰা হৈছে। এই বঁটাৰ বাবে নিৰ্বাচিত হোৱা ২০৪ জন আৰক্ষী জোৱান ১০খন ৰাজ্যৰ তিনিটা কেন্দ্ৰীয় সংগঠন চি আৰ পি এফ, ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থা আৰু নিচা নিয়ন্ত্ৰণ ব্যুৰোৰ। এই ১০ খন ৰাজ্যৰ ভিতৰত অন্ধ্ৰপ্ৰদেশ, অসম, গুজৰাট, ঝাৰখণ্ড, মধ্যপ্ৰদেশ, তামিলনাডু, তেলেংগানা, ত্ৰিপুৰা, পশ্চিম বংগ আৰু উত্তৰাখণ্ড আছে।

উচ্চ পৰ্যায়ৰ পৰিকল্পনা জড়িত কাৰ্য্যকলাপক স্বীকৃতি দিবলৈ ২০১৮ চনত এই বঁটা প্ৰদান আৰম্ভ কৰা হৈছিল। এই বঁটা সন্ত্ৰাসবাদ বিৰোধী, সীমান্ত অভিযান, অস্ত্ৰ নিয়ন্ত্ৰণ, ড্ৰাগছ সৰবৰাহ আৰু প্ৰতিৰোধৰ ক্ষেত্ৰত প্ৰদান কৰা হয়। এই বঁটা প্ৰতি বছৰে ৩১ অক্টোবৰত আৰক্ষীক প্ৰদান কৰা হয়।

The post মণিপুৰ আৰক্ষীৰ মহানিৰ্দেশক আৰু জ্যেষ্ঠ IPS বিষয়াসহ দেশৰ ২০৪ গৰাকী আৰক্ষীক গৃহমন্ত্ৰীৰ বিশেষ অভিযান পদক… appeared first on Purbottar Asomiya.

]]>
https://purbottar.com/%e0%a6%ae%e0%a6%a3%e0%a6%bf%e0%a6%aa%e0%a7%81%e0%a7%b0-%e0%a6%86%e0%a7%b0%e0%a6%95%e0%a7%8d%e0%a6%b7%e0%a7%80%e0%a7%b0-%e0%a6%ae%e0%a6%b9%e0%a6%be%e0%a6%a8%e0%a6%bf%e0%a7%b0%e0%a7%8d%e0%a6%a6%e0%a7%87/feed/ 0 44950
হিংসাত উচটনি দিব পৰা ফটো-ভিডিঅ’ প্ৰচাৰ কৰিলেই বিহা হ’ব কঠোৰ শাস্তি! নিৰ্দেশ জাৰি মণিপুৰ চৰকাৰৰ https://purbottar.com/%e0%a6%b9%e0%a6%bf%e0%a6%82%e0%a6%b8%e0%a6%be%e0%a6%a4-%e0%a6%89%e0%a6%9a%e0%a6%9f%e0%a6%a8%e0%a6%bf-%e0%a6%a6%e0%a6%bf%e0%a6%ac-%e0%a6%aa%e0%a7%b0%e0%a6%be-%e0%a6%ab%e0%a6%9f%e0%a7%8b-%e0%a6%ad/ https://purbottar.com/%e0%a6%b9%e0%a6%bf%e0%a6%82%e0%a6%b8%e0%a6%be%e0%a6%a4-%e0%a6%89%e0%a6%9a%e0%a6%9f%e0%a6%a8%e0%a6%bf-%e0%a6%a6%e0%a6%bf%e0%a6%ac-%e0%a6%aa%e0%a7%b0%e0%a6%be-%e0%a6%ab%e0%a6%9f%e0%a7%8b-%e0%a6%ad/#respond Thu, 12 Oct 2023 08:58:26 +0000 https://purbottar.com/?p=44298 মণিপুৰত পাঁচ মাহৰো অধিক সময় ধৰি চলি আছে হিংসাত্মক ঘটনা। ইফালে ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে এই হিংসা সম্পৰ্কীয় বহু ভিডিঅ’। প্ৰথমে দুগৰাকী মহিলাক উলংগ কৰি পেৰেড কৰাৰ ভিডিঅ’ ভাইৰেল হোৱাৰ পিছতে পুনৰ ভাইৰেল হয় দুজন মেইটেই যুৱকক গুলীয়াই হত্যা কৰাৰ ভিডিঅ’। এতিয়া ৰাজ্য চৰকাৰে হিংসাৰ উচটনি দিয়া ভিডিঅ’ৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে। ৰাজ্যত […]

The post হিংসাত উচটনি দিব পৰা ফটো-ভিডিঅ’ প্ৰচাৰ কৰিলেই বিহা হ’ব কঠোৰ শাস্তি! নিৰ্দেশ জাৰি মণিপুৰ চৰকাৰৰ appeared first on Purbottar Asomiya.

]]>
মণিপুৰত পাঁচ মাহৰো অধিক সময় ধৰি চলি আছে হিংসাত্মক ঘটনা। ইফালে ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে এই হিংসা সম্পৰ্কীয় বহু ভিডিঅ’। প্ৰথমে দুগৰাকী মহিলাক উলংগ কৰি পেৰেড কৰাৰ ভিডিঅ’ ভাইৰেল হোৱাৰ পিছতে পুনৰ ভাইৰেল হয় দুজন মেইটেই যুৱকক গুলীয়াই হত্যা কৰাৰ ভিডিঅ’। এতিয়া ৰাজ্য চৰকাৰে হিংসাৰ উচটনি দিয়া ভিডিঅ’ৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে। ৰাজ্যত হিংসা আৰু সা-সম্পত্তিৰ ক্ষতিৰ ভিডিঅ’ ভাইৰেল হোৱা বন্ধ কৰিবলৈ নিৰ্দেশ জাৰি কৰিছে চৰকাৰে। মুখ্যমন্ত্ৰী এন বীৰেণ সিঙে কয় যে যিয়ে এনে ভিডিঅ’ প্ৰচাৰ কৰে তেওঁৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হ’ব।

ছ’চিয়েল মিডিয়াত ভাইৰেল ভিডিঅ’ৰ ফলত হিংসাত্মক পৰিস্থিতি
উল্লেখ্য যে, ছ’চিয়েল মিডিয়া প্লেটফৰ্মত ভিডিঅ’ আৰু ছবি অহৰহ ভাইৰেল হোৱাৰ পিছত এই আদেশ আহিছে। শেহতীয়াকৈ এটা ভিডিঅ’ ওলাইছে য’ত দুজন মেইটেই যুৱকক গুলীয়াই হত্যা কৰি তাৰ পিছত কুকি ভাষা কোৱা লোকৰ দল এটাই গাঁতত পুতি থোৱাৰ দৃশ্য দেখা গৈছে। অৱশ্যে ঘটনাস্থলী আৰু সমাধিস্থল এতিয়াও জানিব পৰা হোৱা নাই।

আই পি চি আৰু আই টি আইনৰ অধীনত ব্যৱস্থা
মণিপুৰ গৃহ বিভাগে এক নিৰ্দেশ জাৰি কৰি কয় যে বিষয়টোৰ তদন্তৰ অন্তত চৰকাৰে হিংসাৰ উচটনি দিয়া ভিডিঅ’ আৰু ছবি প্ৰচাৰ বন্ধ কৰাৰ সিদ্ধান্ত লৈছে। হিংসাৰ উচটনি দিব পৰা কোনো ছবি বা ভিডিঅ’ নাৰাখিব। এই ফটোসমূহ আৰক্ষী অধীক্ষকক উপযুক্ত ব্যৱস্থা গ্ৰহণৰ বাবে জমা দিব পাৰিব। লগতে সকীয়াই দিয়ে যে যদি কোনোবাই এই নিয়ম মানি নচলে তেন্তে তেওঁক কঠোৰ শাস্তি দিয়া হ’ব। আইপিচি আৰু আইটি আইনৰ অধীনত তেওঁৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ’ব। লগতে এই কথাও কোৱা হয় যে ৰাজ্যৰ পৰিস্থিতি স্বাভাৱিক কৰিবলৈ এনে ভিডিঅ’ আৰু ফটোৰ প্ৰচাৰ বন্ধ কৰিব লাগিব।

এই কাণ্ডৰ পিছত কঠোৰতা
ছ’চিয়েল মিডিয়াত নিৰুদ্দেশ হোৱা দুজন যুৱকৰ মৃতদেহৰ ফটো প্ৰকাশ পোৱাৰ পিছতে ছেপ্টেম্বৰ মাহত ইম্ফল উপত্যকাত প্ৰতিবাদৰ সূত্ৰপাত হৈছিল। প্ৰতিবাদকাৰীৰ ওপৰত নিৰাপত্তা বাহিনী আৰু আৰক্ষীৰ কাৰ্যত ১০০ৰো অধিক শিক্ষাৰ্থী আহত হৈছিল।

The post হিংসাত উচটনি দিব পৰা ফটো-ভিডিঅ’ প্ৰচাৰ কৰিলেই বিহা হ’ব কঠোৰ শাস্তি! নিৰ্দেশ জাৰি মণিপুৰ চৰকাৰৰ appeared first on Purbottar Asomiya.

]]>
https://purbottar.com/%e0%a6%b9%e0%a6%bf%e0%a6%82%e0%a6%b8%e0%a6%be%e0%a6%a4-%e0%a6%89%e0%a6%9a%e0%a6%9f%e0%a6%a8%e0%a6%bf-%e0%a6%a6%e0%a6%bf%e0%a6%ac-%e0%a6%aa%e0%a7%b0%e0%a6%be-%e0%a6%ab%e0%a6%9f%e0%a7%8b-%e0%a6%ad/feed/ 0 44298
অশান্ত মণিপুৰৰ পৰা পুনৰ ভাইৰেল ভিডিঅ’, জীৱন্তে জ্বলাই দিয়া হ’ল জনজাতীয় যুৱকক… https://purbottar.com/%e0%a6%85%e0%a6%b6%e0%a6%be%e0%a6%a8%e0%a7%8d%e0%a6%a4-%e0%a6%ae%e0%a6%a3%e0%a6%bf%e0%a6%aa%e0%a7%81%e0%a7%b0%e0%a7%b0-%e0%a6%aa%e0%a7%b0%e0%a6%be-%e0%a6%aa%e0%a7%81%e0%a6%a8%e0%a7%b0-%e0%a6%ad/ https://purbottar.com/%e0%a6%85%e0%a6%b6%e0%a6%be%e0%a6%a8%e0%a7%8d%e0%a6%a4-%e0%a6%ae%e0%a6%a3%e0%a6%bf%e0%a6%aa%e0%a7%81%e0%a7%b0%e0%a7%b0-%e0%a6%aa%e0%a7%b0%e0%a6%be-%e0%a6%aa%e0%a7%81%e0%a6%a8%e0%a7%b0-%e0%a6%ad/#respond Mon, 09 Oct 2023 09:17:15 +0000 https://purbottar.com/?p=44186 মণিপুৰত এতিয়াও বন্ধ হোৱা নাই হিংসা। শেহতীয়া ঘটনাত এজন জনজাতীয় যুৱকক জীৱন্তে জ্বলাই দিয়াৰ সাত ছেকেণ্ডৰ ভিডিঅ’ ভাইৰেল হৈ পৰিছে। এই ভিডিঅ’টো দেওবাৰে মণিপুৰৰ কেইবাটাও হোৱাটছএপ গ্ৰুপত শ্বেয়াৰ কৰা বুলি জানিব পৰা গৈছে। হিংসাত্মক পৰিস্থিতিত আক্ৰান্ত মণিপুৰৰ আন এক ভয়ংকৰ ভিডিঅ’ ছ’চিয়েল মিডিয়াত প্ৰকাশ পোৱাৰ পিছত সোমবাৰে বিৰোধীয়ে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। ভিডিঅ’টোত এজন জনজাতীয় […]

The post অশান্ত মণিপুৰৰ পৰা পুনৰ ভাইৰেল ভিডিঅ’, জীৱন্তে জ্বলাই দিয়া হ’ল জনজাতীয় যুৱকক… appeared first on Purbottar Asomiya.

]]>
মণিপুৰত এতিয়াও বন্ধ হোৱা নাই হিংসা। শেহতীয়া ঘটনাত এজন জনজাতীয় যুৱকক জীৱন্তে জ্বলাই দিয়াৰ সাত ছেকেণ্ডৰ ভিডিঅ’ ভাইৰেল হৈ পৰিছে। এই ভিডিঅ’টো দেওবাৰে মণিপুৰৰ কেইবাটাও হোৱাটছএপ গ্ৰুপত শ্বেয়াৰ কৰা বুলি জানিব পৰা গৈছে। হিংসাত্মক পৰিস্থিতিত আক্ৰান্ত মণিপুৰৰ আন এক ভয়ংকৰ ভিডিঅ’ ছ’চিয়েল মিডিয়াত প্ৰকাশ পোৱাৰ পিছত সোমবাৰে বিৰোধীয়ে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। ভিডিঅ’টোত এজন জনজাতীয় লোকক খাৱৈত জ্বলাই দিয়া দেখা গৈছে। এই ভাইৰেল ভিডিঅ’টোত আৰক্ষীয়ে কয় যে সংবাদ মাধ্যমৰ বাতৰি অনুসৰি ভিডিঅ’টো মে’ মাহৰ আৰম্ভণিৰ যেন লাগে আৰু আমি বিষয়টোৰ তদন্ত কৰি আছো। এই সন্দৰ্ভত ইণ্ডিয়া মিত্ৰজোঁটে প্ৰধানমন্ত্ৰী মোডীক সমালোচনা কৰি এই কাণ্ডটো “অত্যন্ত দুখজনক আৰু লজ্জাজনক” বুলি অভিহিত কৰে।

বিৰোধী এলায়েন্স ইণ্ডিয়াই এটা ব্লাৰ ভিডিঅ’ ক্লিপ শ্বেয়াৰ কৰি অফিচিয়েল টুইটাৰত লিখিছে “এয়া মণিপুৰৰ! মণিপুৰত এজন কুকি জনজাতীয় যুৱকক জীৱন্তে জ্বলাই দিয়া হৈছে, তেওঁৰ মৃত্যুৰ ঘটনা অতি দুখজনক আৰু লজ্জাজনক। চুবুৰীয়া দেশক লৈ শোক প্ৰকাশ কৰিছে মোদী জীয়ে, কিন্তু মণিপুৰক ৰক্ষা কৰাত ব্যৰ্থ হৈছে।”

দেওবাৰে মণিপুৰৰ কেইবাটাও হোৱাটছএপ গ্ৰুপত ৭ ছেকেণ্ডৰ এই ভিডিঅ’টো শ্বেয়াৰ কৰা হয়। ভিডিঅ’টোত যুৱকজনক ক’লা টি-চাৰ্ট আৰু ট্ৰাউজাৰ পিন্ধি খাৱৈত পৰি থকা দেখা গৈছে। মুখখন চেপি ধৰা হৈছে, আনহাতে শৰীৰত জুই জ্বলি আছে।

প্ৰিয়ংকা চতুৰ্বেদীৰ টুইট

ইণ্ডিয়া ব্লকৰ অংশীদাৰ তথা শিৱসেনাৰ সাংসদ প্ৰিয়ংকা চতুৰ্বেদীয়ে এই ঘটনাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। প্ৰিয়ংকাই লিখিছে “মণিপুৰৰ পৰা পোহৰলৈ অহা আন এক ভয়ংকৰ ভিডিঅ’ত এজন জনজাতীয় লোকক খাৱৈত জুই লগাই থকা দেখা গৈছে। এজন আৰক্ষী বিষয়াই জনোৱা মতে, ভিডিঅ’টো মে’ মাহৰ আৰম্ভণিৰ যেন লাগে। মণিপুৰৰ ট্ৰেজেডী এতিয়াও আলোচনা আৰু সমাধান হোৱা নাই।’’

যোৱা ৩ মে’ত উত্তৰ-পূব ৰাজ্য মণিপুৰত হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হয়, উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ বিৰুদ্ধে কুকি আৰু মেইটেই সম্প্ৰদায়ে ৰাজ্য চৰকাৰক মেইটেই সম্প্ৰদায়ক অনুসূচিত জনজাতি (এছটি) শ্ৰেণীত অন্তৰ্ভুক্ত কৰাৰ কথা বিবেচনা কৰিবলৈ কোৱা প্ৰতিবাদৰ পিছতে সৃষ্টি হয় সংঘৰ্ষৰ।

দেওবাৰে জিলা প্ৰশাসনে ইম্ফল পূবত লাউডস্পীকাৰ ব্যৱহাৰ কৰি কোনো ধৰণৰ শোভাযাত্ৰা, সমাৱেশ, প্ৰতিবাদ আৰু অবৈধ সমাবেশ বা ৰাজহুৱা সভাত তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ নিষেধাজ্ঞা আৰোপ কৰে। জিলা দণ্ডাধীশে এক অধিসূচনাযোগে কয় যে পাঁচজনতকৈ অধিক লোকৰ যিকোনো সমাৱেশে জিলাখনৰ জনশান্তি বিঘ্নিত কৰাৰ সম্ভাৱনা আছে আৰু ইয়াক প্ৰতিৰোধৰ বাবে তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰাটো প্ৰয়োজনীয়।

The post অশান্ত মণিপুৰৰ পৰা পুনৰ ভাইৰেল ভিডিঅ’, জীৱন্তে জ্বলাই দিয়া হ’ল জনজাতীয় যুৱকক… appeared first on Purbottar Asomiya.

]]>
https://purbottar.com/%e0%a6%85%e0%a6%b6%e0%a6%be%e0%a6%a8%e0%a7%8d%e0%a6%a4-%e0%a6%ae%e0%a6%a3%e0%a6%bf%e0%a6%aa%e0%a7%81%e0%a7%b0%e0%a7%b0-%e0%a6%aa%e0%a7%b0%e0%a6%be-%e0%a6%aa%e0%a7%81%e0%a6%a8%e0%a7%b0-%e0%a6%ad/feed/ 0 44186
পুনৰ উত্তপ্ত মণিপুৰ! ৰাজ্যিক মন্ত্ৰীৰ বাসগৃহৰ সমীপত গ্ৰেণেড বিস্ফোৰণ, CRPF জোৱানসহ আহত দুজন https://purbottar.com/%e0%a6%aa%e0%a7%81%e0%a6%a8%e0%a7%b0-%e0%a6%89%e0%a6%a4%e0%a7%8d%e0%a6%a4%e0%a6%aa%e0%a7%8d%e0%a6%a4-%e0%a6%ae%e0%a6%a3%e0%a6%bf%e0%a6%aa%e0%a7%81%e0%a7%b0-%e0%a7%b0%e0%a6%be%e0%a6%9c%e0%a7%8d/ https://purbottar.com/%e0%a6%aa%e0%a7%81%e0%a6%a8%e0%a7%b0-%e0%a6%89%e0%a6%a4%e0%a7%8d%e0%a6%a4%e0%a6%aa%e0%a7%8d%e0%a6%a4-%e0%a6%ae%e0%a6%a3%e0%a6%bf%e0%a6%aa%e0%a7%81%e0%a7%b0-%e0%a7%b0%e0%a6%be%e0%a6%9c%e0%a7%8d/#respond Sun, 08 Oct 2023 10:34:56 +0000 https://purbottar.com/?p=44145 মণিপুৰৰ পশ্চিম ইম্ফল জিলাৰ ৰাজ্যিক মন্ত্ৰী খেমচান্দ যুমনামৰ বাসগৃহৰ সমীপত হেণ্ড গ্ৰেনেড বিস্ফোৰণত চি আৰ পি এফ জোৱানসহ দুজন লোক আহত হয়। এই ঘটনা শনিবাৰে নিশা প্ৰায় ১০ বজাত য়ুমনাম লেকাইত সংঘটিত হয়। আৰক্ষীয়ে জনোৱা মতে, মন্ত্ৰীগৰাকীৰ বাসগৃহৰ মূল গেটৰ পৰা মাত্ৰ কেইমিটাৰমান দূৰত বাগৰি পৰা গ্ৰেনেডটো দুজন মটৰ চাইকেল আৰোহীয়ে নিক্ষেপ কৰে। আহত চি […]

The post পুনৰ উত্তপ্ত মণিপুৰ! ৰাজ্যিক মন্ত্ৰীৰ বাসগৃহৰ সমীপত গ্ৰেণেড বিস্ফোৰণ, CRPF জোৱানসহ আহত দুজন appeared first on Purbottar Asomiya.

]]>
মণিপুৰৰ পশ্চিম ইম্ফল জিলাৰ ৰাজ্যিক মন্ত্ৰী খেমচান্দ যুমনামৰ বাসগৃহৰ সমীপত হেণ্ড গ্ৰেনেড বিস্ফোৰণত চি আৰ পি এফ জোৱানসহ দুজন লোক আহত হয়। এই ঘটনা শনিবাৰে নিশা প্ৰায় ১০ বজাত য়ুমনাম লেকাইত সংঘটিত হয়।

আৰক্ষীয়ে জনোৱা মতে, মন্ত্ৰীগৰাকীৰ বাসগৃহৰ মূল গেটৰ পৰা মাত্ৰ কেইমিটাৰমান দূৰত বাগৰি পৰা গ্ৰেনেডটো দুজন মটৰ চাইকেল আৰোহীয়ে নিক্ষেপ কৰে। আহত চি আৰ পি এফ জোৱানজন পশ্চিম বংগৰ বাসিন্দা দীনেশ চন্দ্ৰ দাস বুলি জানিব পৰা গৈছে। তেওঁৰ হাতত আঘাতপ্ৰাপ্ত হৈছে। আনজন আহত ব্যক্তি আছিল এগৰাকী মহিলা, তেওঁৰো সোঁহাতত আঘাতপ্ৰাপ্ত হয়। উল্লেখ্য যে, যুমনাম গ্ৰামোন্নয়ন আৰু পঞ্চায়তীৰাজৰ মন্ত্ৰী। এই ঘটনাৰ পিছত ৰাজ্যৰ মুখ্যমন্ত্ৰী এন বীৰেণ সিঙে সেই স্থান পৰিদৰ্শন কৰে। লগতে এই আক্ৰমণক গৰিহণা দিয়ে।

অন্যহাতে মণিপুৰ চৰকাৰে অনুমোদন নোলোৱাকৈ জিলা আৰু প্ৰতিষ্ঠানৰ নাম সলনি কৰাৰ বিৰুদ্ধে অধিসূচনা জাৰি কৰিছে। এই অধিসূচনাত কোৱা হৈছে যে এনে পদক্ষেপে জনগোষ্ঠীসমূহৰ মাজত সংঘাতৰ পৰিস্থিতিৰ সৃষ্টি কৰিব পাৰে আৰু আইন-শৃংখলাৰ বৰ্তমানৰ পৰিস্থিতি বিনষ্ট কৰিব পাৰে।

ৰাজ্য চৰকাৰে জাৰি কৰা অধিসূচনা অনুসৰি, ‘যদি কোনো লোকে গাইডলাইন উলংঘা কৰা দেখা যায়, তেন্তে সংশ্লিষ্ট আইন অনুসৰি তেওঁৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব।’ মুখ্য সচিব বিনীত যোশীয়ে জাৰি কৰা অধিসূচনা অনুসৰি, ‘ৰাজ্য চৰকাৰৰ অনুমোদন অবিহনে কোনেও ইচ্ছাকৃতভাৱে জিলা, মহকুমা, স্থান, প্ৰতিষ্ঠানৰ নাম সলনি কৰাৰ চেষ্টা নকৰে।’

ইয়াত আৰু কোৱা হৈছে, ‘মণিপুৰ চৰকাৰে নিৰ্ভৰযোগ্য সূত্ৰৰ পৰা জানিব পাৰিছে যে নাগৰিক সমাজৰ সৈতে জড়িত বহু সংগঠন, প্ৰতিষ্ঠান, প্ৰতিষ্ঠান আৰু ব্যক্তিয়ে ইচ্ছাকৃতভাৱে জিলাসমূহৰ নাম সলনি কৰি আছে বা নাম সলনি কৰিবলৈ চেষ্টা কৰিছে, যিটো আপত্তিজনক। ইয়াৰ ফলত ৰাজ্যখনত বসবাস কৰা জনগোষ্ঠীসমূহৰ মাজত বিবাদ আৰু সংঘাতৰ পৰিস্থিতিৰ সৃষ্টি হ’ব পাৰে। চুৰাচান্দপুৰৰ সামূহিক সংগঠনে জিলাখনৰ নাম ‘লমকা’ বুলি ৰখাৰ পিছতে চৰকাৰে এই পদক্ষেপ গ্ৰহণ কৰে।

The post পুনৰ উত্তপ্ত মণিপুৰ! ৰাজ্যিক মন্ত্ৰীৰ বাসগৃহৰ সমীপত গ্ৰেণেড বিস্ফোৰণ, CRPF জোৱানসহ আহত দুজন appeared first on Purbottar Asomiya.

]]>
https://purbottar.com/%e0%a6%aa%e0%a7%81%e0%a6%a8%e0%a7%b0-%e0%a6%89%e0%a6%a4%e0%a7%8d%e0%a6%a4%e0%a6%aa%e0%a7%8d%e0%a6%a4-%e0%a6%ae%e0%a6%a3%e0%a6%bf%e0%a6%aa%e0%a7%81%e0%a7%b0-%e0%a7%b0%e0%a6%be%e0%a6%9c%e0%a7%8d/feed/ 0 44145