সতীৰ্থৰ ওপৰত নিৰ্বিচাৰ গুলীবৰ্ষণ কৰি আত্মহত্যা অসম ৰাইফলছৰ জোৱানৰ, ৬ জন আহত

1951

মণিপুৰৰ ভাৰত-ম্যানমাৰ সীমান্তত সতীৰ্থৰ ওপৰত নিৰ্বিচাৰ গুলীবৰ্ষণ কৰি আত্মহত্যা কৰে এগৰাকী অসম ৰাইফলছৰ জোৱানে। বুধবাৰে নিশা অসম ৰাইফলছৰ জোৱানজনৰ গুলীবৰ্ষণত আহত হয় আন ৬ গৰাকী জোৱান। সূত্ৰ অনুসৰি এতিয়া আহত ছয়জন লোককে লেইমাখঙৰ সামৰিক চিকিৎসালয়লৈ স্থানান্তৰ কৰা হৈছে।

জানিব পৰা মতে, বাৰ্ষিক ছুটীৰ পিছত ২০ জানুৱাৰীত কৰ্তব্যত পুনৰ যোগদান কৰিছিল জোৱানজনে। ‘মানসিক সমস্যা’ৰ বাবেই এনে ঘটনা সংঘটিত কৰা বুলি সন্দেহ কৰা হৈছে।

ইফালে ইগাৰৰ জনসম্পৰ্ক বিষয়াই জনোৱা মতে, আহত জোৱান কেইজনৰ এজনৰ অৱস্থা বৰ্তমানো অতি সংকটজনক হৈ আছে।

ঘটনা সন্দৰ্ভত অধিক তদন্তৰ বাবে ব্ৰিগেডিয়াৰ পৰ্যায়ৰ আভ্যন্তৰীণ তদন্তৰ ব্যৱস্থা কৰা হৈছে।