পুনৰ মণিপুৰত হিংসাৰ দাবানল! প্ৰচণ্ড গুলীয়াগুলিত আৰক্ষী জোৱানসহ নিহত ২

3595

মণিপুৰত পুনৰ আৰম্ভ হৈছে হিংসা। সোমবাৰে সংঘটিত হিংসাত্মক কাণ্ডত কাংপকপি জিলাত দুটা প্ৰতিদ্বন্দ্বী গোটৰ মাজত হোৱা গুলীচালনাৰ সময়ত ৬ নং আই আৰ বিৰ এজন আৰক্ষী জোৱান হেনমিনলেন ভাইফেইকে ধৰি দুজন ব্যক্তিয়ে প্ৰাণ হেৰুৱায়। আৰক্ষীৰ মতে, হাৰোথেল আৰু কোবছা গাঁৱৰ মাজৰ এটা স্থানত গুলীচালনা সংঘটিত হয় যদিও গুলীচালনাৰ কাৰণ কি সেয়া এতিয়াও স্পষ্ট হোৱা নাই।

এটা জনজাতীয় সংগঠনে দাবী কৰিছিল যে কুকি-জো সম্প্ৰদায়ৰ লোকক কোনো প্ৰৰোচনা নকৰাকৈ আক্ৰমণ কৰা হৈছিল। তদুপৰি জিলাখনতো বন্ধ ঘোষণা কৰা হৈছে।

উল্লেখ্য যে, মে’ মাহৰ আৰম্ভণিতে উত্তৰ-পূব ৰাজ্যখনত মেইটেই আৰু কুকি জনগোষ্ঠীৰ মাজত জাতিগত সংঘাত আৰম্ভ হোৱাৰ পিছৰে পৰা অঞ্চলটোত গাঁৱৰ মানুহৰ মাজত গুলীচালনাৰ কেইবাটাও ঘটনা সংঘটিত হৈছে৷ এজন আৰক্ষী বিষয়াৰ মতে, অঞ্চলটোত অতিৰিক্ত বাহিনী মোতায়েন কৰা হৈছে আৰু ঘটনাৰ লগত জড়িত লোকসকলক গ্ৰেপ্তাৰ কৰিবলৈ তালাচী অব্যাহত আছে।

ইফালে, কুকি-জো সম্প্ৰদায়ৰ লোকৰ ওপৰত হোৱা এই আক্ৰমণক গৰিহণা দি কাংপোকপিৰ জনজাতি ঐক্য সমিতিয়ে জিলাখনত জৰুৰীকালীন বন্ধৰ ঘোষণা কৰিছে। ইয়াৰ উপৰিও COTU য়ে এখন বৈঠকত দাবী জনায় যে চৰকাৰে আদিবাসীসকলৰ বাবে সুকীয়া প্ৰশাসনৰ ব্যৱস্থা কৰিব লাগে।

দৰাচলতে অনুসূচিত জনজাতি (এছ টি)ৰ মৰ্যাদা প্ৰদানৰ বাবে মেইটেই সম্প্ৰদায়ৰ দাবীৰ প্ৰতিবাদত ৩ মে’ত পাহাৰীয়া জিলাসমূহত আয়োজন কৰা জনজাতীয় সংহতি সমদলৰ পিছত হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হয়। ইয়াৰ বাবে এই পৰ্যন্ত ১৮০ জনতকৈ অধিক লোকৰ মৃত্যু হৈছে।

উল্লেখ্য যে, মণিপুৰৰ জনসংখ্যাৰ প্ৰায় ৫৩ শতাংশ মেইটেই লোক। মেইটেই সকল মুখ্যতঃ ইম্ফল উপত্যকাত বাস কৰে। আনহাতে নগা আৰু কুকিকে ধৰি জনজাতীয় লোকসকলে জনসংখ্যাৰ প্ৰায় ৪০ শতাংশ আৰু তেওঁলোক মূলতঃ পাহাৰীয়া জিলাত বাস কৰে।