অশান্ত মণিপুৰত পুনৰ উদ্ধাৰ মৃতদেহ! গুলীবিদ্ধ মৃতদেহ উদ্ধাৰক লৈ তীব্ৰ চাঞ্চল্য

3670

হিংসাজৰ্জৰ মণিপুৰত এহাল্ পুৰুষ-মহিলাৰ গুলীবিদ্ধ মৃতদেহ উদ্ধাৰৰ পিছতে পুনৰ সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ। যোৱা ৭ নৱেম্বৰত লেইমাখঙৰ এখন বিয়ালৈ চুৰাচান্দপুৰৰ পৰা আহি আছিল সেনা জোৱানৰ এটা পৰিয়াল। মেইটেই বাহিনীয়ে কাংচুপ চেক পোষ্টত যৌথ বাহিনীৰ সন্মুখত তেওঁলোকৰ বাহন ৰখাই ৫ জন লোকক লৈ যায়। পিছত সেনাই সংকটজনক অৱস্থাত এজনক উদ্ধাৰ কৰে যদিও আন দুজন পুৰুষ আৰু দুগৰাকী মহিলাৰ সন্ধান পোৱা নগ’ল।

আৰক্ষীয়ে জনোৱা মতে, পশ্চিম ইম্ফলৰ লামছাঙৰ পৰা উদ্ধাৰ হৈছে এগৰাকী মহিলাৰ গুলীবিদ্ধ মৃতদেহ। কুকিজত লিখা আছিল যে মৃতদেহটো জাখাম প্ৰৌদৰ পত্নী নেংকিম হাওকিপৰ। তেওঁলোকৰ পুত্ৰ সেনাবাহিনীত কৰ্মৰত। আনহাতে প্ৰায় একে সময়তে পূব ইম্ফলৰ ইৰিবুঙত উদ্ধাৰ হয় এজন লোকৰো মৃতদেহ। কুকি সকলৰ তথ্য অনুসৰি এই মৃতদেহটো হৈছে লামকাত কৰ্মৰত গাঁৱৰ চকীদাৰ জামখোথাং লংঘলৰ। দুয়োটা মৃতদেহ অচিনাক্ত বুলি মৰ্গত ৰখা হৈছে।

কুকি সংগঠনসমূহে অভিযোগ কৰে যে জামখোথাংক বন্দী কৰাৰ পিছত ইম্ফললৈ অনা হৈছিল। তাত তেওঁক ভিৰৰ সন্মুখত দৌৰাই গোটেই দিনটো অত্যাচাৰ কৰা হৈছিল আৰু তাৰ পিছত ৰাস্তাত মাৰপিট কৰি হত্যা কৰা হৈছিল। ইয়াৰ পিছতো আৰক্ষীয়ে কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে। লগতে কয় যে চাণ্ডেল জিলাৰ বনজয় গাঁৱৰ মুখীয়ালৰ ডাঙৰ পুত্ৰ ডেনিছ থংমিনলেনক পথাৰলৈ যোৱাৰ পথত অপহৰণ কৰা হয়।

ইফালে, ম্যানমাৰৰ সেনাৰ সৈতে সংঘৰ্ষৰ অন্তত চাণ্ডেল জিলাৰ ম্যানমাৰ সীমান্তৰ সিপাৰে পলায়ন কৰে মেইটেই উগ্ৰপন্থীৰ এটা দল। অভিযোগ অনুসৰি, যেতিয়া তেওঁলোকে মেইটেই কমাণ্ডিং অফিচাৰ অৱ আছাম ৰাইফলছৰ সহায় বিচাৰিছিল, তেতিয়া তেওঁ তেওঁলোকক এখন ট্ৰাকত ইম্ফললৈ পঠোৱাৰ ব্যৱস্থা কৰিছিল। সেই কথা জানিব পাৰি স্থানীয় ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰে। আছাম ৰাইফলছৰ কামাণ্ডিং অফিচাৰৰ সৈতেও মহিলাৰ সংঘৰ্ষ ঘটে।

অসম ৰাইফলছৰ ডিজি, ৰাজ্যিক নিৰাপত্তা উপদেষ্টা আৰু আই জি চাউথলৈ এই বিষয়ে অৱগত কৰি চান্দেল কুকি অৰ্গেনাইজেশ্যনে প্ৰতিবাদী পত্ৰ প্ৰেৰণ কৰিছে। অ’চিৰ লগতে মেইটেইৰ অন্যান্য বিষয়া-কৰ্মচাৰীক শীঘ্ৰে কুকি অঞ্চলৰ পৰা আঁতৰাই নিবলৈ দাবী জনাইছে। উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ মানি মণিপুৰ চৰকাৰে কোনো সংঘাত নথকা জিলাসমূহৰ ৰাজধানী চহৰসমূহত ম’বাইল ইণ্টাৰনেটৰ প্ৰৱৰ্তনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।