হিংসাত উচটনি দিব পৰা ফটো-ভিডিঅ’ প্ৰচাৰ কৰিলেই বিহা হ’ব কঠোৰ শাস্তি! নিৰ্দেশ জাৰি মণিপুৰ চৰকাৰৰ

4404

মণিপুৰত পাঁচ মাহৰো অধিক সময় ধৰি চলি আছে হিংসাত্মক ঘটনা। ইফালে ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে এই হিংসা সম্পৰ্কীয় বহু ভিডিঅ’। প্ৰথমে দুগৰাকী মহিলাক উলংগ কৰি পেৰেড কৰাৰ ভিডিঅ’ ভাইৰেল হোৱাৰ পিছতে পুনৰ ভাইৰেল হয় দুজন মেইটেই যুৱকক গুলীয়াই হত্যা কৰাৰ ভিডিঅ’। এতিয়া ৰাজ্য চৰকাৰে হিংসাৰ উচটনি দিয়া ভিডিঅ’ৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে। ৰাজ্যত হিংসা আৰু সা-সম্পত্তিৰ ক্ষতিৰ ভিডিঅ’ ভাইৰেল হোৱা বন্ধ কৰিবলৈ নিৰ্দেশ জাৰি কৰিছে চৰকাৰে। মুখ্যমন্ত্ৰী এন বীৰেণ সিঙে কয় যে যিয়ে এনে ভিডিঅ’ প্ৰচাৰ কৰে তেওঁৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হ’ব।

ছ’চিয়েল মিডিয়াত ভাইৰেল ভিডিঅ’ৰ ফলত হিংসাত্মক পৰিস্থিতি
উল্লেখ্য যে, ছ’চিয়েল মিডিয়া প্লেটফৰ্মত ভিডিঅ’ আৰু ছবি অহৰহ ভাইৰেল হোৱাৰ পিছত এই আদেশ আহিছে। শেহতীয়াকৈ এটা ভিডিঅ’ ওলাইছে য’ত দুজন মেইটেই যুৱকক গুলীয়াই হত্যা কৰি তাৰ পিছত কুকি ভাষা কোৱা লোকৰ দল এটাই গাঁতত পুতি থোৱাৰ দৃশ্য দেখা গৈছে। অৱশ্যে ঘটনাস্থলী আৰু সমাধিস্থল এতিয়াও জানিব পৰা হোৱা নাই।

আই পি চি আৰু আই টি আইনৰ অধীনত ব্যৱস্থা
মণিপুৰ গৃহ বিভাগে এক নিৰ্দেশ জাৰি কৰি কয় যে বিষয়টোৰ তদন্তৰ অন্তত চৰকাৰে হিংসাৰ উচটনি দিয়া ভিডিঅ’ আৰু ছবি প্ৰচাৰ বন্ধ কৰাৰ সিদ্ধান্ত লৈছে। হিংসাৰ উচটনি দিব পৰা কোনো ছবি বা ভিডিঅ’ নাৰাখিব। এই ফটোসমূহ আৰক্ষী অধীক্ষকক উপযুক্ত ব্যৱস্থা গ্ৰহণৰ বাবে জমা দিব পাৰিব। লগতে সকীয়াই দিয়ে যে যদি কোনোবাই এই নিয়ম মানি নচলে তেন্তে তেওঁক কঠোৰ শাস্তি দিয়া হ’ব। আইপিচি আৰু আইটি আইনৰ অধীনত তেওঁৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ’ব। লগতে এই কথাও কোৱা হয় যে ৰাজ্যৰ পৰিস্থিতি স্বাভাৱিক কৰিবলৈ এনে ভিডিঅ’ আৰু ফটোৰ প্ৰচাৰ বন্ধ কৰিব লাগিব।

এই কাণ্ডৰ পিছত কঠোৰতা
ছ’চিয়েল মিডিয়াত নিৰুদ্দেশ হোৱা দুজন যুৱকৰ মৃতদেহৰ ফটো প্ৰকাশ পোৱাৰ পিছতে ছেপ্টেম্বৰ মাহত ইম্ফল উপত্যকাত প্ৰতিবাদৰ সূত্ৰপাত হৈছিল। প্ৰতিবাদকাৰীৰ ওপৰত নিৰাপত্তা বাহিনী আৰু আৰক্ষীৰ কাৰ্যত ১০০ৰো অধিক শিক্ষাৰ্থী আহত হৈছিল।