মণিপুৰ আৰক্ষীৰ মহানিৰ্দেশক আৰু জ্যেষ্ঠ IPS বিষয়াসহ দেশৰ ২০৪ গৰাকী আৰক্ষীক গৃহমন্ত্ৰীৰ বিশেষ অভিযান পদক…

4112

মণিপুৰ আৰক্ষী সঞ্চালক প্ৰধান ৰাজীৱ সিং আৰু আন ২০৪ গৰাকী আৰক্ষীক ২০২৩ চনৰ বাবে কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ বিশেষ অভিযান পদকৰ বাবে নিৰ্বাচিত কৰা হৈছে। জম্মু-কাশ্মীৰৰ বিভিন্ন পদত কাম কৰি বৰ্তমান কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীত পদবীত থকা জ্যেষ্ঠ আই পি এছ বিষয়া অমিত কুমাৰৰ নামো এই তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে।

মে’ মাহৰ পৰা আৰম্ভ হোৱা হিংসাত্মক পৰিস্থিতিৰ পিছতে মণিপুৰ আৰক্ষীৰ মুৰব্বী হিচাপে দায়িত্ব দিয়া হৈছিল আই পি এছ অমিত কুমাৰক। চি আৰ পি এফৰ মহাপৰিদৰ্শক হিচাপে পূৰ্বৰ ভূমিকাত কৰা কামৰ স্বীকৃতি স্বৰূপে তেওঁক এই বঁটাৰ বাবে নিৰ্বাচিত কৰা হৈছে। এই বঁটাৰ বাবে নিৰ্বাচিত হোৱা ২০৪ জন আৰক্ষী জোৱান ১০খন ৰাজ্যৰ তিনিটা কেন্দ্ৰীয় সংগঠন চি আৰ পি এফ, ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থা আৰু নিচা নিয়ন্ত্ৰণ ব্যুৰোৰ। এই ১০ খন ৰাজ্যৰ ভিতৰত অন্ধ্ৰপ্ৰদেশ, অসম, গুজৰাট, ঝাৰখণ্ড, মধ্যপ্ৰদেশ, তামিলনাডু, তেলেংগানা, ত্ৰিপুৰা, পশ্চিম বংগ আৰু উত্তৰাখণ্ড আছে।

উচ্চ পৰ্যায়ৰ পৰিকল্পনা জড়িত কাৰ্য্যকলাপক স্বীকৃতি দিবলৈ ২০১৮ চনত এই বঁটা প্ৰদান আৰম্ভ কৰা হৈছিল। এই বঁটা সন্ত্ৰাসবাদ বিৰোধী, সীমান্ত অভিযান, অস্ত্ৰ নিয়ন্ত্ৰণ, ড্ৰাগছ সৰবৰাহ আৰু প্ৰতিৰোধৰ ক্ষেত্ৰত প্ৰদান কৰা হয়। এই বঁটা প্ৰতি বছৰে ৩১ অক্টোবৰত আৰক্ষীক প্ৰদান কৰা হয়।