মণিপুৰত পুনৰ সংঘর্ষ! প্ৰচণ্ড গুলীয়াগুলিত নিহত এজন কুকি গাঁওৰক্ষী

3401

পুনৰ সংঘৰ্ষ উত্তৰ-পূবৰ হিংসাজৰ্জৰ ৰাজ্য মণিপুৰত। শুকুৰবাৰে নিশা মেইটেই আৰু কুকিসকলৰ মাজত পুনৰ সংঘটিত সংঘৰ্ষত নিহত হয় এজন কুকি গাঁওৰক্ষীৰ। এই ঘটনাৰ পিছতে সন্ধানহীন হৈ আছে একাধিক মেইটেই লোক।

স্থানীয় সূত্ৰৰ পৰা জানিব পৰা মতে, শুকুৰবাৰে পুৱা প্ৰায় ২ বজাত বিষ্ণুপুৰ জিলাৰ সীমান্ত অতিক্ৰম কৰি মেইটেইৰ এটা বাহিনীয়ে স্বয়ংক্ৰিয় অস্ত্ৰৰে জৌপি গাঁৱত আক্ৰমণ কৰে। যাৰ প্ৰত্যুত্তৰ দিয়ে কুকি গাঁওখনৰ গাঁওৰক্ষী সকলেও।

দুয়োপক্ষৰ মাজত হোৱা এই সংঘৰ্ষত নিহত হৈছে খুপমিংথাং নামৰ এজন গাঁওৰক্ষী। কেইজনমান মেইটেই আক্ৰমণকাৰী নিৰুদ্দেশ হোৱাৰ খবৰ পোৱা গৈছে।

নিৰুদ্দেশ হোৱা সংগীক বিচাৰি পুনৰ আৰামবাই টেংগল আৰু মেইটেইত লিপুনৰ বৃহৎ সৈন্যবাহিনী গোট খাইছে। মেইটেই কমাণ্ডোৱেও তেওঁলোকৰ লগত যোগ দিছে। কুকিৰ জৰিয়তে চুৰাচান্দপুৰ জিলাত জৰুৰীকালীন বন্ধ ঘোষণা কৰা হৈছে।