গুৱাহাটী Archives - Purbottar Asomiya https://purbottar.com/category/গুৱাহাটী/ Mon, 08 Apr 2024 10:52:59 +0000 en-US hourly 1 https://purbottar.com/wp-content/uploads/2023/12/cropped-android-chrome-512x512-9-32x32.png গুৱাহাটী Archives - Purbottar Asomiya https://purbottar.com/category/গুৱাহাটী/ 32 32 178360463 সাংবাদিক দিলীপ বৰ্মনৰ গ্ৰন্থ ‘জ্ঞান সম্ভাৰ’ উন্মোচন https://purbottar.com/journalist-dilip-burmans-book-gyan-sambhar-launched/ https://purbottar.com/journalist-dilip-burmans-book-gyan-sambhar-launched/#respond Mon, 08 Apr 2024 10:52:38 +0000 https://purbottar.com/?p=50369 অসম চৰকাৰৰ পৰা লেখক সম্বর্ধনা পোৱা, ৰাষ্ট্ৰীয় বঁটাপ্রাপক, আন্তঃৰাষ্ট্ৰীয় সাহিত্য সন্মিলনত কবিতা পাঠ কৰি প্ৰশংসিত হোৱা, ২০২৪ বৰ্ষৰ বৰ্ষশ্রেষ্ঠ গল্পকাৰ বঁটা লাভ কৰা, একাধিক গ্রন্থৰ প্রণেতা, সাহিত্যিক-সাংবাদিক দিলীপ বৰ্মনৰ ‘জ্ঞান সম্ভাৰ” নামৰ জীৱনী গ্রন্থখন দেওবাৰে গুৱাহাটী প্ৰেছ ক্লাবত উন্মোচন হয়। সমন্বয় শিল্পী-সাহিত্যি পৰিষদ অসমৰ উদ্যোগত আৰু পদ্মা লাইব্ৰেৰীৰ সহযোগত অনুষ্ঠিত হোৱা সভাখনত দিলীপ বৰ্মনৰ গ্ৰন্থখন […]

The post সাংবাদিক দিলীপ বৰ্মনৰ গ্ৰন্থ ‘জ্ঞান সম্ভাৰ’ উন্মোচন appeared first on Purbottar Asomiya.

]]>
অসম চৰকাৰৰ পৰা লেখক সম্বর্ধনা পোৱা, ৰাষ্ট্ৰীয় বঁটাপ্রাপক, আন্তঃৰাষ্ট্ৰীয় সাহিত্য সন্মিলনত কবিতা পাঠ কৰি প্ৰশংসিত হোৱা, ২০২৪ বৰ্ষৰ বৰ্ষশ্রেষ্ঠ গল্পকাৰ বঁটা লাভ কৰা, একাধিক গ্রন্থৰ প্রণেতা, সাহিত্যিক-সাংবাদিক দিলীপ বৰ্মনৰ ‘জ্ঞান সম্ভাৰ” নামৰ জীৱনী গ্রন্থখন দেওবাৰে গুৱাহাটী প্ৰেছ ক্লাবত উন্মোচন হয়। সমন্বয় শিল্পী-সাহিত্যি পৰিষদ অসমৰ উদ্যোগত আৰু পদ্মা লাইব্ৰেৰীৰ সহযোগত অনুষ্ঠিত হোৱা সভাখনত দিলীপ বৰ্মনৰ গ্ৰন্থখন উন্মোচন কৰে নিয়মীয়া বাৰ্তাৰ সম্পাদক নৰেশ কলিতাই। সভাখনত সভাপতিত্ব কৰে সমন্বয় শিল্পী সাহিত্য পৰিষদ, অসমৰ সভাপতি প্রফুল্ল শইকীয়াই। সভাখন উদ্বোধন কৰে অসম সাহিত্য সভাৰ প্রাক্তন উপ-সভাপতি মৃণালিনী দেৱীয়ে। মৃণালিনী দেৱীয়ে ভাষণত কয় যে, সাহিত্য, সংগীত, কলাবিহীন মানুহ সাক্ষাৎ পশু।

ভগৱানে মানুহক জীৱজ্যেষ্ঠ হিচাপে সৃষ্টি কৰিছে। আধুনিক যুগটো বিজ্ঞানৰ।বিজ্ঞানৰ ভালেমান অৱদানক স্বীকাৰ কৰিলেও অতিমাত্ৰ প্ৰয়োগে হিতে বিপৰীত হয় বুল উল্লেখ কৰে।বিশেষকৈ মহিলাসকলৰ অত্যধিক মোবাইল প্ৰীতিয়ে সন্তানক অন্ধকাৰ ভৱিষ্যতৰ দিশে নিব বুলি কয়।একাংশ মহিলাই মোবাইলটো নহ’লে একো কৰিব নোৱাৰে বুলি ক্ষোভ উজাৰে। উল্লেখ্য যে সভাৰ আৰম্ভণিতে সমন্বয় শিল্পী-সাহিত্য পৰিষদ, অসমৰ প্ৰতিষ্ঠাপক সভাপতি, মুক্তিযুঁজাৰু, সাহিত্যিক পেন্সনাৰ প্রয়াত ফণীন্দ্র নাথ কলিতান প্রতিচ্ছবিত বন্তি প্রজ্বলন কৰে অসম বিদ্যুৎ নিয়ামক আয়োগৰ সদস্য সত্যেন্দ্র নাথ কলিতাই। নিয়মীয়া বাৰ্তাৰ সম্পাদক নৰেশ কলিতাও ভাষণ প্ৰদান কৰি দিলীপ কলিতাৰ গ্ৰন্থখন পাঠকে আদৰি ল’ব বুলি কয়। সভাখনত আদৰণি ভাষণ প্রদান কৰে সমন্বয় শিল্পী সাহিত্য পৰিষদ, অসমৰ কাৰ্যকৰী সভাপতি চাইফ উদ্দিন আহমেদ, সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে উক্ত অনুষ্ঠানৰ সম্পাদক দিলীপ বর্মনে।

সভাখনত অতিথি হিচাপে ভাষণ প্রদান কৰে আৰু অসম অৱসৰপ্রাপ্ত কলেজ শিক্ষক সংস্থাৰ সম্পাদক ফণীধৰ ডেকাই। উক্ত অনুষ্ঠানত সমন্বয় শিল্পী-সাহিত্য পৰিষদ, অসমৰ পৰা ড° যতীন্দ্র নাথ ডেকাক জীৱনজোৰা সাধনা বঁটা, নৰেশ কলিতাক সংবাদৰত্ন বঁটা, ড° মহীধৰ পাঠকক শিক্ষাৰত্ন বঁটা,  অশ্বিনী কুমাৰ শৰ্মাক কাব্যপ্রভাকৰ বঁটা, সত্যেন্দ্র কলিতাক সমাজসেৱা বঁটা, ফণীধৰ ডেকা, পূৰ্ণৰাম কলিতা, জ্যোতিষ চন্দ্র ভূঞা, শুকদেৱ মালাকৰ, ধৰণীধৰ ডেকা, খগেন চন্দ্র মেধি, মনহৰি কলিতা, যাদৱ কুমাৰ হালৈক জীৱনজোৰা শিক্ষা সাধনা বঁটা, ড°প্রভাত হালৈক জীবনজোৰা শিল্পী আৰু সাহিত্য সাধনা বঁটা, ধীৰেন কুমাৰ বৰ্মনক শিল্পী গৌৰৱ বঁটা, হৰেকৃষ্ণ মেধিক সমাজৰত্ন বঁটা, খগেন ভূঞাক সংবাদজ্যোতি বঁটা, মহেশ চন্দ্র শর্মা, কন্দর্প কুমাৰ দাস, হিমা কলিতা, ভূষণ চন্দ্র বয়, নিজৰা ডেকাক কাব্যজ্যোতি বঁটা, ডেইজী তালুকদাৰ, বিপিন চন্দ্র কলিতা, অমূল্য দাসক সাহিত্যজ্যোতি বঁটা প্ৰদান কৰা হয়। শেষত শলাগৰ শৰাই আগবঢ়াই সমন্বয় শিল্পী-সাহিত্য পৰিষদ, অসমৰ সম্পাদক দিলীপ বর্মনে।

The post সাংবাদিক দিলীপ বৰ্মনৰ গ্ৰন্থ ‘জ্ঞান সম্ভাৰ’ উন্মোচন appeared first on Purbottar Asomiya.

]]>
https://purbottar.com/journalist-dilip-burmans-book-gyan-sambhar-launched/feed/ 0 50369
সুৱেৰীত আনন্দত বুৰ গ’ল শৰণীয়া তিনিশ পৰিয়াল https://purbottar.com/three-hundred-families-of-sharania-were-overwhelmed-with-joy-in-sueri/ https://purbottar.com/three-hundred-families-of-sharania-were-overwhelmed-with-joy-in-sueri/#respond Wed, 27 Mar 2024 09:34:16 +0000 https://purbottar.com/?p=49955 দৌলোৎসৱৰ আজিৰ দিনটোত ৰং বিৰঙৰ আবিৰেৰে ৰঞ্জিত হৈ পৰিল ঐতিহাসিক গোপাল আতা আৰু আই পদ্মপ্ৰিয়া সত্ৰৰ লগতে পুৰণ ভৱানীপুৰৰ ৰাজহুৱা নামঘৰ প্ৰাঙ্গণ।  দিনৰ প্ৰায় এঘাৰ বজাত গোঁসাইক দৌলৰ পৰা অৱৰোহণ কৰাৰ পিছতেই অনুষ্ঠিত ‘গোঁসাই ফুৰোৱা’ কাৰ্যসূচী পুৰণ ভৱানীপুৰ গাঁৱৰ নামঘৰ পৰিচালনা সমিতিৰ সভাপতি কাৰ্তিক চন্দ্ৰ দাসে আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। তাৰ পিছতেই প্ৰায় সহস্ৰাধিক ভক্তপ্ৰাণ ৰাইজৰ […]

The post সুৱেৰীত আনন্দত বুৰ গ’ল শৰণীয়া তিনিশ পৰিয়াল appeared first on Purbottar Asomiya.

]]>
দৌলোৎসৱৰ আজিৰ দিনটোত ৰং বিৰঙৰ আবিৰেৰে ৰঞ্জিত হৈ পৰিল ঐতিহাসিক গোপাল আতা আৰু আই পদ্মপ্ৰিয়া সত্ৰৰ লগতে পুৰণ ভৱানীপুৰৰ ৰাজহুৱা নামঘৰ প্ৰাঙ্গণ।  দিনৰ প্ৰায় এঘাৰ বজাত গোঁসাইক দৌলৰ পৰা অৱৰোহণ কৰাৰ পিছতেই অনুষ্ঠিত ‘গোঁসাই ফুৰোৱা’ কাৰ্যসূচী পুৰণ ভৱানীপুৰ গাঁৱৰ নামঘৰ পৰিচালনা সমিতিৰ সভাপতি কাৰ্তিক চন্দ্ৰ দাসে আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। তাৰ পিছতেই প্ৰায় সহস্ৰাধিক ভক্তপ্ৰাণ ৰাইজৰ উপস্থিতিত ‘গোঁসাই ফুৰোৱা’ কাৰ্যসূচী সম্পন্ন হয়।

সমগ্ৰ বাট-পথ ৰঙ-বিৰঙৰ আবিৰ ছটিয়াই হৰিনাম পৰিবেশ কৰি ঐতিহাসিক গোপাল আতা সত্ৰ আৰু আই পদ্মপ্ৰিয়া সত্ৰত উপস্থিত হোৱাৰ পিছতেই সুৱেৰী উপলক্ষে আনন্দত বুৰ গ’ল ‘শৰণীয়া’ তিনিশ পৰিয়াল।শৰণীয়া লোকসকলে ইজনে সিজনক আবিৰ ছটিয়াই আনন্দ প্ৰকাশ কৰাৰ লগত ঠাইতে শৰাই নৈবেদ্য আগবঢ়াই হৰিনাম পৰিবেশন কৰা হয়। আনহাতে ওভতনি যাত্ৰাকালত পুৰণ ভৱানীপুৰ গাঁৱৰ প্ৰতিটো পৰিয়ালেই পদূলিমূখত একোটাকৈ কলপুলি ৰোপণ কৰি পাণ-তামোল আৰু শৰাই নৈবেদ্য আগবঢ়াই ভক্তিপ্ৰাণ ৰাইজৰ সেৱা লোৱা পৰিলক্ষিত হয়।

গোসাঁই ফুৰোৱা কাৰ্যসূচী সমাপন হোৱাৰ পিছত শোভাযাত্ৰাৰে সৈতে ভক্তিপ্ৰাণ ৰাইজৰ দলটো আহি নামঘৰ চৌহদত উপস্থিত হোৱাৰ পিছত আবেলি তিনিবজাত গোসাঁইক হেকটা খুওৱাৰ নিমিত্তে নাতিদূৰৈৰ ভালাগুৰীৰ ব্ৰহ্মৰজাৰ থানলৈ আবিৰ ছটিয়াই ৰঙ ৰহইচৰ মাজেৰে প্ৰায় সহস্ৰাধিক ভক্তিপ্ৰাণ ৰাইজৰ দলটোৱে যাত্ৰা কৰে। হেকটা খুওৱা কাৰ্যসূচী সম্পন্ন হোৱাৰ পিছতেই নিশা প্ৰায় সাত বজাত পুনৰ পুৰণ ভৱানীপুৰৰ ৰাজহুৱা নামঘৰ প্ৰাঙ্গণ অভিমুখে দলটোৱে গতি কৰে আৰু নামঘৰৰ পদূলিমুখত ‘বাঁহভঙা কাৰ্যসূচী’ৰে অনুষ্ঠানৰ সামৰণি মৰা হয়।

The post সুৱেৰীত আনন্দত বুৰ গ’ল শৰণীয়া তিনিশ পৰিয়াল appeared first on Purbottar Asomiya.

]]>
https://purbottar.com/three-hundred-families-of-sharania-were-overwhelmed-with-joy-in-sueri/feed/ 0 49955
সাতপখলীত আন্তৰ্জাতিক নাৰী দিৱস পালন https://purbottar.com/international-womens-day-celebrated-in-satapkhali/ https://purbottar.com/international-womens-day-celebrated-in-satapkhali/#respond Fri, 08 Mar 2024 05:58:34 +0000 https://purbottar.com/?p=49479 কামৰূপৰ সাতপখলী ৯৫ নং প্ৰাথমিক বিদ্যালয় প্ৰাংগণত আজি আন্তৰ্জাতিক নাৰী দিৱস পালন কৰা হয়।এই উপলক্ষে  ব্ৰিটানিয়া নিউট্ৰিচেন ফাউণ্ডেচনৰ তৰফৰ পৰা মহিলা সকলোৰ বিনামুলীয়া হিম’গ্লাবিন পৰিক্ষা হয়।অনুষ্ঠানত ৯৫ নং প্ৰাথমিক বিদ্যালয়ৰ  প্ৰধান শিক্ষক বিমল কলিতাৰ সভাপতিত্বত এখনি সজাগতা মুলক সভা অনুষ্ঠিত কৰা হয়। উপস্থিত বিশিষ্ট ব্যক্তিসকলে নাৰী অধিকাৰ আৰু নাৰী সম্পৰ্কত বক্তৃতা আগবঢ়াই। ৰামপুৰ প্ৰাথমিক স্বাস্থ্য […]

The post সাতপখলীত আন্তৰ্জাতিক নাৰী দিৱস পালন appeared first on Purbottar Asomiya.

]]>
কামৰূপৰ সাতপখলী ৯৫ নং প্ৰাথমিক বিদ্যালয় প্ৰাংগণত আজি আন্তৰ্জাতিক নাৰী দিৱস পালন কৰা হয়।এই উপলক্ষে  ব্ৰিটানিয়া নিউট্ৰিচেন ফাউণ্ডেচনৰ তৰফৰ পৰা মহিলা সকলোৰ বিনামুলীয়া হিম’গ্লাবিন পৰিক্ষা হয়।অনুষ্ঠানত ৯৫ নং প্ৰাথমিক বিদ্যালয়ৰ  প্ৰধান শিক্ষক বিমল কলিতাৰ সভাপতিত্বত এখনি সজাগতা মুলক সভা অনুষ্ঠিত কৰা হয়। উপস্থিত বিশিষ্ট ব্যক্তিসকলে নাৰী অধিকাৰ আৰু নাৰী সম্পৰ্কত বক্তৃতা আগবঢ়াই।

ৰামপুৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ বি.চি.এম  কবিতা দাসে মন্তব্য কৰে যেযদিও পুৰুষৰ সম অধিকাৰ নাৰী সকলো দিয়া হৈছে তথাপিও পুৰুষ প্ৰধান সমাজ বহতো সময়ত নাৰী লাঞ্চিত বঞ্চিত হোৱা দেখা যায় বুলি মন্তব্য কৰে স্বাস্থ্য কৰ্মী কবিতা ডেকাই|

অনুষ্ঠানত উপস্থিত থাকে ৰামপুৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ বি.পি.এম প্ৰদিপ কলিতা,ডি.পু.অ ৰাজীৱ স্বৰ্গীয়াৰী,সাংবাদিক বিমল শৰ্মা,জোন কুমাৰ দাস প্ৰমুখ্যে অঞ্চলবাসী মহিলা সকল উপস্থিত থাকে।

The post সাতপখলীত আন্তৰ্জাতিক নাৰী দিৱস পালন appeared first on Purbottar Asomiya.

]]>
https://purbottar.com/international-womens-day-celebrated-in-satapkhali/feed/ 0 49479
অসম চৰকাৰৰ উদ্যোগত ক্ৰীড়া আৰু শিক্ষাৰ সমন্বয় বিষয় লৈ গুৱাহাটী বিশ্ববিদ্যালয়ত আলোচনা চক্ৰ সম্পন্ন https://purbottar.com/the-government-of-assam-organized-a-seminar-on-the-topic-of-integration-of-sports-and-education-at-the-university-of-guwahati/ https://purbottar.com/the-government-of-assam-organized-a-seminar-on-the-topic-of-integration-of-sports-and-education-at-the-university-of-guwahati/#respond Tue, 27 Feb 2024 09:37:19 +0000 https://purbottar.com/?p=49144 চলিত চতুৰ্থ খেলো ইণ্ডিয়া বিশ্ববিদ্যালয় গেমছ অষ্টলক্ষ্মীৰ সময়তে আজি গুৱাহাটী বিশ্ববিদ্যালয়ৰ পি ডি হলত ৰাজ্য চৰকাৰৰ উদ্যোগত ক্ৰীড়া আৰু শিক্ষাৰ সমন্বয় বিষয় লৈ এখন আলোচনা চক্ৰ অনুষ্ঠিত হয়৷ আলোচনা চক্ৰখনৰ মূল উদ্যেশ্য হ’ল অসমৰ বিশ্ববিদ্যালয়সমূহৰ মাজত ক্ৰীড়া বিষয়টোক লৈ সজাগতা বৃদ্ধি কৰা লগতে ৰাজ্য চৰকাৰে খেল আৰু খেলুৱৈৰ উত্তৰণৰ বাবে গ্ৰহণ কৰা অভিলাসী ব্যৱস্থা আৰু […]

The post অসম চৰকাৰৰ উদ্যোগত ক্ৰীড়া আৰু শিক্ষাৰ সমন্বয় বিষয় লৈ গুৱাহাটী বিশ্ববিদ্যালয়ত আলোচনা চক্ৰ সম্পন্ন appeared first on Purbottar Asomiya.

]]>
চলিত চতুৰ্থ খেলো ইণ্ডিয়া বিশ্ববিদ্যালয় গেমছ অষ্টলক্ষ্মীৰ সময়তে আজি গুৱাহাটী বিশ্ববিদ্যালয়ৰ পি ডি হলত ৰাজ্য চৰকাৰৰ উদ্যোগত ক্ৰীড়া আৰু শিক্ষাৰ সমন্বয় বিষয় লৈ এখন আলোচনা চক্ৰ অনুষ্ঠিত হয়৷ আলোচনা চক্ৰখনৰ মূল উদ্যেশ্য হ’ল অসমৰ বিশ্ববিদ্যালয়সমূহৰ মাজত ক্ৰীড়া বিষয়টোক লৈ সজাগতা বৃদ্ধি কৰা লগতে ৰাজ্য চৰকাৰে খেল আৰু খেলুৱৈৰ উত্তৰণৰ বাবে গ্ৰহণ কৰা অভিলাসী ব্যৱস্থা আৰু পদক্ষেপসমূহৰ বিষয়ে উচ্চশিক্ষাৰ প্ৰতিষ্ঠানসমূহক অবগত কৰা৷

অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ সচিব কৌছাৰ জে হিলালীয়ে আঁত ধৰা আলোচনাত অংশগ্ৰহণ কৰে ক্ৰীড়া ভাৰতী অসমৰ যুটীয়া সম্পাদক আলোক ত্ৰিপাঠী, ক্ৰীড়া সাংবাদিক সুবোধ মল্ল বৰুৱা আৰু প্ৰাৰ্থনা হাজৰিকা, আই আই টি গুৱাহাটীৰ জীৱ বিজ্ঞান আৰু জৈৱ অভিযান্ত্ৰিক বিভাগৰ শুভাংগিনী সিং ভাৰ্মা আৰু আই আই টি গুৱাহাটীৰ ৰাসায়নিক অভিযান্ত্ৰিক বিভাগৰ অবিতি কাটাৰে৷

আলোচনা চক্ৰত কটন বিশ্ববিদ্যালয়, গুৱাহাটী বিশ্ববিদ্যালয়কে ধৰি ৰাজ্যৰ বিভিন্ন বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে অন্য আগশাৰীৰ শিক্ষা প্ৰতিষ্ঠানৰ শিক্ষাৰ্থীসকলেও অংশগ্ৰহণ কৰে৷ অসম চৰকাৰে ৰাজ্যৰ ক্ৰীড়াৰ উৎকৰ্ষ সাধনৰ বাবে লোৱা বিভিন্ন পদক্ষেপসমূহৰ পৰা ৰাজ্যখনৰ বিশ্ববিদ্যালয়সমূহে কেনেদৰে লাভৱান হ’ব পাৰে তথা ছাত্ৰ-ছাত্ৰীয়ে ক্ৰীড়াৰ জড়িয়তে জীৱন গঢ়াৰ সুযোগসমূহৰ বাস্তৱত ব্যৱহাৰ কৰাৰ বিষয়ে সকলোৱে আলোকপাত কৰে৷ পেনেলিষ্টসকলে অনাগত দিনত শিক্ষাক ক্ৰীড়াৰ সৈতে একত্ৰিত কৰি কিদৰে কেৰিয়াৰ আগুৱাই নিব পাৰি সেয়াও অৱগত কৰে৷

উল্লেখ্য যে চলিত চতুৰ্থ খেলো ইণ্ডিয়া বিশ্ববিদ্যালয় গেমছ অষ্টলক্ষ্মীত  ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছয়জনীয়া দল এটাহে অসমৰ একমাত্ৰ প্ৰতিনিধিৰূপে যোগদান কৰিবলৈ যোগ্যতা অৰ্জন কৰিছে৷ বিপৰীতে ১৯ জনীয়া সদস্যৰে মণিপুৰ বিশ্ববিদ্যালয় হ’ল উত্তৰ-পূব অঞ্চলৰ পৰা সৰ্বাধিক অংশগ্ৰহণকাৰী দল৷

The post অসম চৰকাৰৰ উদ্যোগত ক্ৰীড়া আৰু শিক্ষাৰ সমন্বয় বিষয় লৈ গুৱাহাটী বিশ্ববিদ্যালয়ত আলোচনা চক্ৰ সম্পন্ন appeared first on Purbottar Asomiya.

]]>
https://purbottar.com/the-government-of-assam-organized-a-seminar-on-the-topic-of-integration-of-sports-and-education-at-the-university-of-guwahati/feed/ 0 49144
গুৱাহাটী প্ৰেছ ক্লাবত পংকজ নেওগৰ ৰম্য ৰচনা “হাজ বেণ্ড অব ডেট গাই” উন্মোচন https://purbottar.com/pankaj-neogars-drama-haj-bend-of-date-guy-unveiled-at-pree-club-guwahati/ https://purbottar.com/pankaj-neogars-drama-haj-bend-of-date-guy-unveiled-at-pree-club-guwahati/#respond Tue, 27 Feb 2024 08:39:05 +0000 https://purbottar.com/?p=49137 গুৱাহাটী অনাতাঁৰ কেন্দ্ৰৰ শিল্পী আবৃত্তিকাৰ, গল্পকাৰ পংকজ নেওগৰ ৰম্যৰচনা ” হাজবেণ্ড অব্ ডেট গাই” আজি গুৱাহাটী প্ৰেছ ক্লাবত আনুষ্ঠানিক ভাৱে উন্মোচন কৰা হয় । ইপিনে গ্ৰন্থখন আনুষ্ঠানিক ভাৱে উন্মোচন কৰি বিশিষ্ট সাহিত্যিক মনীষা  শৰ্মাই কয় যে,ৰম্য ৰচনা মানে হ’ল হাস্য ৰস সৃষ্টি কৰা।বিংশ শতিকাৰ আৰম্ভণিতে লক্ষ্মীনাথ বেজবৰুৱাই সেই শ্ৰেণীৰ গদ্য-সাহিত্য ৰচনা কৰি আমাৰ সাহিত্যত অনন্যসাধাৰণ […]

The post গুৱাহাটী প্ৰেছ ক্লাবত পংকজ নেওগৰ ৰম্য ৰচনা “হাজ বেণ্ড অব ডেট গাই” উন্মোচন appeared first on Purbottar Asomiya.

]]>
গুৱাহাটী অনাতাঁৰ কেন্দ্ৰৰ শিল্পী আবৃত্তিকাৰ, গল্পকাৰ পংকজ নেওগৰ ৰম্যৰচনা ” হাজবেণ্ড অব্ ডেট গাই” আজি গুৱাহাটী প্ৰেছ ক্লাবত আনুষ্ঠানিক ভাৱে উন্মোচন কৰা হয় । ইপিনে গ্ৰন্থখন আনুষ্ঠানিক ভাৱে উন্মোচন কৰি বিশিষ্ট সাহিত্যিক মনীষা  শৰ্মাই কয় যে,ৰম্য ৰচনা মানে হ’ল হাস্য ৰস সৃষ্টি কৰা।বিংশ শতিকাৰ আৰম্ভণিতে লক্ষ্মীনাথ বেজবৰুৱাই সেই শ্ৰেণীৰ গদ্য-সাহিত্য ৰচনা কৰি আমাৰ সাহিত্যত অনন্যসাধাৰণ লঘু-হাস্যৰসাত্মক-ব্যঙ্গকাৰ ৰূপে প্ৰতিষ্ঠা লাভ কৰে। এই ধৰণৰ সাহিত্য খুৱ কম পোৱা যায়।সাহিত্যৰ বাবে সাহিত্য নহয়।যিবিলাক সাহিত্য দায়বদ্ধ সেইবোৰহে আচল সাহিত্য। সাহিত্যই সমাজ পৰিবৰ্তন কৰিব পাৰিব লাগিব।

আজিৰ সময়ত অন্য ধৰণৰ সাহিত্য ৰচনা বহু পোৱা যায় কিন্তু এই ধৰণৰ সাহিত্য কম কৈ পোৱা যায়।।বেজবৰুৱাৰ  কৃপাবৰ বৰুৱা ছদ্মনামত বেজবৰুৱাই “কৃপাবৰী ৰচনা” সাহিত্য সৃষ্টি কৰি এজন সমাজ-সংস্কাৰক হিচাপে নিজৰ চিনাকি দিছিল।দুই এটা ইংৰাজী শিকিয়ে  নিজকে বহু বেছি জনা ব্যক্তি বুলি জহাই কথা ক’ব বিচৰা সেইবোৰ মানুহক লৈ বেজবৰুৱাৰই উদঙাই দেখুৱাই  হাস্য ৰস সাহিত্য যেনেকৈ ভোকেন্দ্ৰ বৰুৱা নামৰ গল্পত আছে সেই একেটা  ধৰণৰ সাহিত্য অভিনেতা, আবৃত্তিকাৰ, নাট্যকাৰ লেখক পংকজ নেওগৰ আজি উন্মোচীত ”হাজবেণ্ড অব্ ডেট্ গাই” ত সন্নিবিষ্ট হৈছে।

ইপিনে অভিনেতা সত্যেন শৰ্মাই আঁতধৰা আজিৰ অনুষ্ঠানত উপস্থিত থাকি হাস্য মধুৰ ভাষাৰে উপস্থিত সকলোকে ৰসৰ সাগত বুৰাই তোলে জনপ্ৰিয় অভিনেত্ৰী চেতনা দাস আৰু কথা শিল্পী তথা চিকিৎসক ডা° অঞ্জনজ্যোতি চৌধুৰীয়ে। অনুষ্ঠানত আন এগৰাকী বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি বি বৰুৱা কলেজৰ ইংৰাজী বিভাগৰ অৱসৰী অধ্যাপক ভৱানী গোস্বামী য়ে লিখকৰ প্ৰতি শুভেচ্ছামূলক মন্তব্য আগবঢ়ায়।  আনহাতে নিজৰ মনৰ ভাৱ প্ৰকাশ কৰি লেখক পংকজ নেওগে কয় যে লেখকে গ্ৰন্থখন খনৰ সাৰ্থকতা পাঠকে  নিৰ্ণয় কৰিব আনহাতে গ্ৰন্থখন প্ৰকাশ কৰি উলিওৱা বাবে তেওঁ অবাক প্ৰকাশনৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰে।

The post গুৱাহাটী প্ৰেছ ক্লাবত পংকজ নেওগৰ ৰম্য ৰচনা “হাজ বেণ্ড অব ডেট গাই” উন্মোচন appeared first on Purbottar Asomiya.

]]>
https://purbottar.com/pankaj-neogars-drama-haj-bend-of-date-guy-unveiled-at-pree-club-guwahati/feed/ 0 49137
গুৱাহাটীৰ বিভিন্ন স্থানত ২,০০০ চিচিটিভি কেমেৰা স্থাপন কৰা হ’ব: অশোক সিংঘাল https://purbottar.com/2000-cctv-cameras-to-be-installed-in-guwahati-ashok-singhal/ https://purbottar.com/2000-cctv-cameras-to-be-installed-in-guwahati-ashok-singhal/#respond Sat, 24 Feb 2024 10:37:20 +0000 https://purbottar.com/?p=49032 গুৱাহাটী চহৰত দুই হাজাৰ চিচিটিভি কেমেৰা স্থাপন কৰা হ’ব। ৰাজ্যৰ নগৰ উন্নয়ন আৰু নগৰ পৰিক্ৰমা মন্ত্ৰী অশোক সিংঘালে বিধান সভাত জনায় যে গুৱাহাটীৰ বিভিন্ন স্থানত ২,০০০ চিচিটিভি কেমেৰা স্থাপন কৰা হ’ব। এই সকলোবোৰ কেমেৰা এই বছৰ স্থাপন কৰা হ’ব। ইয়াৰ দ্বাৰা, গুৱাহাটীৰ সকলো কাৰ্যকলাপ নিৰীক্ষণ কৰিব পৰা যাব বুলি তেওঁ কয়। এনে পৰিস্থিতিত, নদী আৰু […]

The post গুৱাহাটীৰ বিভিন্ন স্থানত ২,০০০ চিচিটিভি কেমেৰা স্থাপন কৰা হ’ব: অশোক সিংঘাল appeared first on Purbottar Asomiya.

]]>
গুৱাহাটী চহৰত দুই হাজাৰ চিচিটিভি কেমেৰা স্থাপন কৰা হ’ব। ৰাজ্যৰ নগৰ উন্নয়ন আৰু নগৰ পৰিক্ৰমা মন্ত্ৰী অশোক সিংঘালে বিধান সভাত জনায় যে গুৱাহাটীৰ বিভিন্ন স্থানত ২,০০০ চিচিটিভি কেমেৰা স্থাপন কৰা হ’ব। এই সকলোবোৰ কেমেৰা এই বছৰ স্থাপন কৰা হ’ব। ইয়াৰ দ্বাৰা, গুৱাহাটীৰ সকলো কাৰ্যকলাপ নিৰীক্ষণ কৰিব পৰা যাব বুলি তেওঁ কয়। এনে পৰিস্থিতিত, নদী আৰু নলাবোৰত কোনে আৱৰ্জনা পেলাইছে সেয়া স্বাভাৱিকতে জনা যাব বুলিও তেওঁ কয়।

মন্ত্ৰী অশোক সিংঘালে অসম বিধানসভাৰ বাজেট অধিৱেশনৰ সময়ত গুৱাহাটীত নদীৰ অৱস্থা সন্দৰ্ভত বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ এক প্ৰশ্নৰ উত্তৰ দি এই কথা কয়। বিধায়ক কলিতাই প্ৰশ্ন উত্থাপন কৰে যে মহানগৰীত বৈ অহা আৱৰ্জনা আৰু আৱৰ্জনা পেলোৱা আদিৰ বাবে গুৱাহাটী চহৰৰ মাজেৰে বৈ অহা তিনিখন প্ৰধান নদী যেনে ভৰলু, মাৰা ভৰলু আৰু বাহিনীনীয়ে নলালৈ ৰূপান্তৰিত হৈছে। বিধায়কজনে প্ৰশ্ন কৰিছিল যে চৰকাৰে ইয়াক বন্ধ কৰিবলৈ কি পদক্ষেপ লৈছে? বিধায়কজনে বিভিন্ন ঠাইত চিচিটিভি কেমেৰা স্থাপনৰ পৰামৰ্শ দিছিল।

তেওঁৰ উত্তৰত মন্ত্ৰীগৰাকীয়ে কয় যে এটা সময় আছিল যেতিয়া তেওঁ নিজে শৈশৱতে ভৰলু নদীত গা ধুইছিল। আজি, পৰিস্থিতি এনেকুৱা হৈ পৰিছে যে ই এক নলালৈ পৰিণত হৈছে। তেওঁ কয় যে ভৰলু, মাৰা ভৰলু, বাহিনী নদী আদি নদীৰ অৱস্থা নলাৰ দৰে হৈ পৰিছে কিয়নো ইয়াক সময়মতে বচাবলৈ উপযুক্ত ব্যৱস্থা কৰা হোৱা নাছিল।

The post গুৱাহাটীৰ বিভিন্ন স্থানত ২,০০০ চিচিটিভি কেমেৰা স্থাপন কৰা হ’ব: অশোক সিংঘাল appeared first on Purbottar Asomiya.

]]>
https://purbottar.com/2000-cctv-cameras-to-be-installed-in-guwahati-ashok-singhal/feed/ 0 49032
নৱবৰ্ষ উদযাপনৰ মাজতে মহানগৰীত অপ্ৰীতিকৰ পৰিস্থিতি, উদণ্ড বাহন ৰখাবলৈ আৰক্ষীৰ গুলীচালনা https://purbottar.com/%e0%a6%a8%e0%a7%b1%e0%a6%ac%e0%a7%b0%e0%a7%8d%e0%a6%b7-%e0%a6%89%e0%a6%a6%e0%a6%af%e0%a6%be%e0%a6%aa%e0%a6%a8%e0%a7%b0-%e0%a6%ae%e0%a6%be%e0%a6%9c%e0%a6%a4%e0%a7%87-%e0%a6%ae%e0%a6%b9%e0%a6%be/ https://purbottar.com/%e0%a6%a8%e0%a7%b1%e0%a6%ac%e0%a7%b0%e0%a7%8d%e0%a6%b7-%e0%a6%89%e0%a6%a6%e0%a6%af%e0%a6%be%e0%a6%aa%e0%a6%a8%e0%a7%b0-%e0%a6%ae%e0%a6%be%e0%a6%9c%e0%a6%a4%e0%a7%87-%e0%a6%ae%e0%a6%b9%e0%a6%be/#respond Tue, 02 Jan 2024 11:33:36 +0000 https://purbottar.com/?p=47072 নৱবৰ্ষক আদৰাৰ উছাহৰ মাজতে মহানগৰীত সংঘটিত হ’ল গুলীচালনাৰ ঘটনা। মহানগৰীৰ হাতীগাঁও অঞ্চলত আৰক্ষীৰ বেৰিকেডত যান বাহন পৰীক্ষাৰ সময়তে সংঘটিত হয় এই ঘটনা। জানিব পৰা মতে, AS01AQ6674 নম্বৰৰ এখন স্কৰ্পিঅ’ বাহনে ভেটাপাৰাৰ পৰা হাতীগাঁও অভিমুখে গৈ থকা সময়ত প্ৰথমে এখন ডাম্পাৰৰ খুন্দা মাৰে। দুৰ্ঘটনা সংঘটিত কৰি বাহনচালকজনে পলায়ন কৰিবলৈ চেষ্টা কৰাত আৰক্ষীয়ে বাধা দিবলৈ গুলীচালনা কৰে। […]

The post নৱবৰ্ষ উদযাপনৰ মাজতে মহানগৰীত অপ্ৰীতিকৰ পৰিস্থিতি, উদণ্ড বাহন ৰখাবলৈ আৰক্ষীৰ গুলীচালনা appeared first on Purbottar Asomiya.

]]>
নৱবৰ্ষক আদৰাৰ উছাহৰ মাজতে মহানগৰীত সংঘটিত হ’ল গুলীচালনাৰ ঘটনা। মহানগৰীৰ হাতীগাঁও অঞ্চলত আৰক্ষীৰ বেৰিকেডত যান বাহন পৰীক্ষাৰ সময়তে সংঘটিত হয় এই ঘটনা।

জানিব পৰা মতে, AS01AQ6674 নম্বৰৰ এখন স্কৰ্পিঅ’ বাহনে ভেটাপাৰাৰ পৰা হাতীগাঁও অভিমুখে গৈ থকা সময়ত প্ৰথমে এখন ডাম্পাৰৰ খুন্দা মাৰে। দুৰ্ঘটনা সংঘটিত কৰি বাহনচালকজনে পলায়ন কৰিবলৈ চেষ্টা কৰাত আৰক্ষীয়ে বাধা দিবলৈ গুলীচালনা কৰে। অৱশ্যে বাহনখনে সিজুবাৰী অভিমুখে পলায়ন কৰিবলৈ সক্ষম হয়।

এই ঘটনাক লৈ গুৱাহাটীৰ জ্যেষ্ঠ আৰক্ষী বিষয়াসকলে উচ্চ পৰ্যায়ৰ তদন্তৰ আহ্বান জনাইছে। পিছত চিটি আৰক্ষীয়ে গাড়ীখন ঢাকি ৰখা এটা ঘৰৰ পৰা স্ক’ৰপিঅ’খন উদ্ধাৰ কৰে। লগে লগে হাউছফেডৰ পৰা অহা লোক দুজনক হাতীগাঁও আৰক্ষীয়ে আটক কৰি নুৰুল হুছেইন আৰু কবীৰ আলী আহমেদ বুলি জানিব পৰা গৈছে।

তদন্তত অধিক প্ৰমাণৰ বাবে দুয়ো অভিযুক্তক সোধা-পোছা কৰা হৈছে। আটক কৰা দুয়োজন ল’ৰাই হয়তো যিকোনো সময়তে গ্ৰেপ্তাৰ হ’ব পাৰে।

The post নৱবৰ্ষ উদযাপনৰ মাজতে মহানগৰীত অপ্ৰীতিকৰ পৰিস্থিতি, উদণ্ড বাহন ৰখাবলৈ আৰক্ষীৰ গুলীচালনা appeared first on Purbottar Asomiya.

]]>
https://purbottar.com/%e0%a6%a8%e0%a7%b1%e0%a6%ac%e0%a7%b0%e0%a7%8d%e0%a6%b7-%e0%a6%89%e0%a6%a6%e0%a6%af%e0%a6%be%e0%a6%aa%e0%a6%a8%e0%a7%b0-%e0%a6%ae%e0%a6%be%e0%a6%9c%e0%a6%a4%e0%a7%87-%e0%a6%ae%e0%a6%b9%e0%a6%be/feed/ 0 47072
মহানগৰীত চাঞ্চল্য! ঘৰৰ ভিতৰত মৃত অৱস্থাত উদ্ধাৰ কিশোৰী, সংকটজনক পিতৃৰ অৱস্থা https://purbottar.com/%e0%a6%ae%e0%a6%b9%e0%a6%be%e0%a6%a8%e0%a6%97%e0%a7%b0%e0%a7%80%e0%a6%a4-%e0%a6%9a%e0%a6%be%e0%a6%9e%e0%a7%8d%e0%a6%9a%e0%a6%b2%e0%a7%8d%e0%a6%af-%e0%a6%98%e0%a7%b0%e0%a7%b0-%e0%a6%ad%e0%a6%bf/ https://purbottar.com/%e0%a6%ae%e0%a6%b9%e0%a6%be%e0%a6%a8%e0%a6%97%e0%a7%b0%e0%a7%80%e0%a6%a4-%e0%a6%9a%e0%a6%be%e0%a6%9e%e0%a7%8d%e0%a6%9a%e0%a6%b2%e0%a7%8d%e0%a6%af-%e0%a6%98%e0%a7%b0%e0%a7%b0-%e0%a6%ad%e0%a6%bf/#respond Thu, 28 Dec 2023 09:46:49 +0000 https://purbottar.com/?p=46928 মহানগৰীত সংঘটিত হয় এক চাঞ্চল্যকৰ ঘটনা। বুধবাৰে সন্ধিয়া নিজ বাসগৃহত উদ্ধাৰ এগৰাকী কিশোৰীৰ মৃতদেহ। গুৱাহাটীৰ বৰগাঁও অঞ্চলত সংঘটিত হয় এই চাঞ্চল্যকৰ ঘটনা। ইফালে ঘৰৰ ভিতৰত সংকটজনক অৱস্থাত উদ্ধাৰ কৰা হৈছে কিশোৰীগৰাকীৰ পিতৃ বনজিৎ দাসকো। দুৰ্বৃত্তই বাসগৃহত প্ৰৱেশ কৰি পিতৃ-কন্যাৰ ওপৰত আক্ৰমণ চলোৱাৰ সন্দেহ কৰা হৈছে। অৱশ্যে এই সন্দৰ্ভত কোনো অধিক তথ্য লাভ কৰিবলৈ সক্ষম হোৱা […]

The post মহানগৰীত চাঞ্চল্য! ঘৰৰ ভিতৰত মৃত অৱস্থাত উদ্ধাৰ কিশোৰী, সংকটজনক পিতৃৰ অৱস্থা appeared first on Purbottar Asomiya.

]]>
মহানগৰীত সংঘটিত হয় এক চাঞ্চল্যকৰ ঘটনা।

বুধবাৰে সন্ধিয়া নিজ বাসগৃহত উদ্ধাৰ এগৰাকী কিশোৰীৰ মৃতদেহ।

গুৱাহাটীৰ বৰগাঁও অঞ্চলত সংঘটিত হয় এই চাঞ্চল্যকৰ ঘটনা।

ইফালে ঘৰৰ ভিতৰত সংকটজনক অৱস্থাত উদ্ধাৰ কৰা হৈছে কিশোৰীগৰাকীৰ পিতৃ বনজিৎ দাসকো।

দুৰ্বৃত্তই বাসগৃহত প্ৰৱেশ কৰি পিতৃ-কন্যাৰ ওপৰত আক্ৰমণ চলোৱাৰ সন্দেহ কৰা হৈছে।

অৱশ্যে এই সন্দৰ্ভত কোনো অধিক তথ্য লাভ কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষীয়ে।

ঘটনাৰ বিষয়ে জানিব পৰাৰ পিছতে আৰক্ষী উপস্থিত হৈ সংকটজনক অৱস্থাত লোকজনক হাস্পতালত ভৰ্তি কৰোৱায়।

The post মহানগৰীত চাঞ্চল্য! ঘৰৰ ভিতৰত মৃত অৱস্থাত উদ্ধাৰ কিশোৰী, সংকটজনক পিতৃৰ অৱস্থা appeared first on Purbottar Asomiya.

]]>
https://purbottar.com/%e0%a6%ae%e0%a6%b9%e0%a6%be%e0%a6%a8%e0%a6%97%e0%a7%b0%e0%a7%80%e0%a6%a4-%e0%a6%9a%e0%a6%be%e0%a6%9e%e0%a7%8d%e0%a6%9a%e0%a6%b2%e0%a7%8d%e0%a6%af-%e0%a6%98%e0%a7%b0%e0%a7%b0-%e0%a6%ad%e0%a6%bf/feed/ 0 46928
মহানগৰীৰ ব্যস্ত এলেকাত এইবাৰ উদ্ধাৰ মহিলাৰ নগ্ন মৃতদেহ https://purbottar.com/%e0%a6%ae%e0%a6%b9%e0%a6%be%e0%a6%a8%e0%a6%97%e0%a7%b0%e0%a7%80%e0%a7%b0-%e0%a6%ac%e0%a7%8d%e0%a6%af%e0%a6%b8%e0%a7%8d%e0%a6%a4-%e0%a6%8f%e0%a6%b2%e0%a7%87%e0%a6%95%e0%a6%be%e0%a6%a4-%e0%a6%8f/ https://purbottar.com/%e0%a6%ae%e0%a6%b9%e0%a6%be%e0%a6%a8%e0%a6%97%e0%a7%b0%e0%a7%80%e0%a7%b0-%e0%a6%ac%e0%a7%8d%e0%a6%af%e0%a6%b8%e0%a7%8d%e0%a6%a4-%e0%a6%8f%e0%a6%b2%e0%a7%87%e0%a6%95%e0%a6%be%e0%a6%a4-%e0%a6%8f/#respond Mon, 20 Nov 2023 07:46:08 +0000 https://purbottar.com/?p=45558 মহানগৰীত পুনৰ উদ্ধাৰ মৃতদেহ। এইবাৰ গুৱাহাটীৰ বামুণীমৈদামৰ ব্যস্ত এলেকাত উদ্ধাৰ হয় এগৰাকী মহিলাৰ উলংগ মৃতদেহ। সোমবাৰে মহিলাগৰাকীৰ মৃতদেহ বামুণীমৈদামৰ ট্ৰেফিক পইণ্টত উদ্ধাৰ হোৱাৰ পিছতে সৃষ্টি হয় তীব্ৰ চাঞ্চল্যৰ। স্থানীয় লোকে মহিলাগৰাকীক ধৰ্ষণ কৰি হত্যা কৰাৰ সন্দেহ ব্যক্ত কৰিছে। ইফালে ঘটনা সন্দৰ্ভত আৰক্ষীক অৱগত কৰাৰ পিছতে চানমাৰী আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰোণত্তৰ পৰীক্ষাৰ বাবে […]

The post মহানগৰীৰ ব্যস্ত এলেকাত এইবাৰ উদ্ধাৰ মহিলাৰ নগ্ন মৃতদেহ appeared first on Purbottar Asomiya.

]]>
মহানগৰীত পুনৰ উদ্ধাৰ মৃতদেহ। এইবাৰ গুৱাহাটীৰ বামুণীমৈদামৰ ব্যস্ত এলেকাত উদ্ধাৰ হয় এগৰাকী মহিলাৰ উলংগ মৃতদেহ।

সোমবাৰে মহিলাগৰাকীৰ মৃতদেহ বামুণীমৈদামৰ ট্ৰেফিক পইণ্টত উদ্ধাৰ হোৱাৰ পিছতে সৃষ্টি হয় তীব্ৰ চাঞ্চল্যৰ।

স্থানীয় লোকে মহিলাগৰাকীক ধৰ্ষণ কৰি হত্যা কৰাৰ সন্দেহ ব্যক্ত কৰিছে।

ইফালে ঘটনা সন্দৰ্ভত আৰক্ষীক অৱগত কৰাৰ পিছতে চানমাৰী আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰোণত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।

ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে।

The post মহানগৰীৰ ব্যস্ত এলেকাত এইবাৰ উদ্ধাৰ মহিলাৰ নগ্ন মৃতদেহ appeared first on Purbottar Asomiya.

]]>
https://purbottar.com/%e0%a6%ae%e0%a6%b9%e0%a6%be%e0%a6%a8%e0%a6%97%e0%a7%b0%e0%a7%80%e0%a7%b0-%e0%a6%ac%e0%a7%8d%e0%a6%af%e0%a6%b8%e0%a7%8d%e0%a6%a4-%e0%a6%8f%e0%a6%b2%e0%a7%87%e0%a6%95%e0%a6%be%e0%a6%a4-%e0%a6%8f/feed/ 0 45558
৭ বছৰ ধৰি গুৱাহাটীত অবৈধভাৱে বাস কৰি অহা পোলেণ্ডৰ নাগৰিকক গ্ৰেপ্তাৰ আৰক্ষীৰ https://purbottar.com/%e0%a7%ad-%e0%a6%ac%e0%a6%9b%e0%a7%b0-%e0%a6%a7%e0%a7%b0%e0%a6%bf-%e0%a6%97%e0%a7%81%e0%a7%b1%e0%a6%be%e0%a6%b9%e0%a6%be%e0%a6%9f%e0%a7%80%e0%a6%a4-%e0%a6%85%e0%a6%ac%e0%a7%88%e0%a6%a7%e0%a6%ad/ https://purbottar.com/%e0%a7%ad-%e0%a6%ac%e0%a6%9b%e0%a7%b0-%e0%a6%a7%e0%a7%b0%e0%a6%bf-%e0%a6%97%e0%a7%81%e0%a7%b1%e0%a6%be%e0%a6%b9%e0%a6%be%e0%a6%9f%e0%a7%80%e0%a6%a4-%e0%a6%85%e0%a6%ac%e0%a7%88%e0%a6%a7%e0%a6%ad/#respond Mon, 04 Sep 2023 07:51:51 +0000 https://purbottar.com/?p=42766 বিগত ৭ বছৰ ধৰি গুৱাহাটীত অবৈধভাৱে বাস কৰি অহা এজন পোলেণ্ডৰ নাগৰিকক দেওবাৰে বশিষ্ঠপুৰ অঞ্চলৰ পৰা গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। গুৱাহাটীৰ বশিষ্ঠপুৰৰ পৰা হাতীগাঁও আৰক্ষীয়ে (সীমা শাখা) গ্ৰেপ্তাৰ কৰে লোকজনক। অজনিকা মিলছ এণ্টনি নামৰ পোলেণ্ডৰ নাগৰিকগৰাকীয়ে ২০১৬ চনৰ পৰা চহৰখনত বাস কৰি আহিছিল। ইফালে একেই কথা নিশ্চিত কৰি হাতীগাঁও থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বিজয় দৱেৰাহে কয় যে […]

The post ৭ বছৰ ধৰি গুৱাহাটীত অবৈধভাৱে বাস কৰি অহা পোলেণ্ডৰ নাগৰিকক গ্ৰেপ্তাৰ আৰক্ষীৰ appeared first on Purbottar Asomiya.

]]>
বিগত ৭ বছৰ ধৰি গুৱাহাটীত অবৈধভাৱে বাস কৰি অহা এজন পোলেণ্ডৰ নাগৰিকক দেওবাৰে বশিষ্ঠপুৰ অঞ্চলৰ পৰা গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।

গুৱাহাটীৰ বশিষ্ঠপুৰৰ পৰা হাতীগাঁও আৰক্ষীয়ে (সীমা শাখা) গ্ৰেপ্তাৰ কৰে লোকজনক। অজনিকা মিলছ এণ্টনি নামৰ পোলেণ্ডৰ নাগৰিকগৰাকীয়ে ২০১৬ চনৰ পৰা চহৰখনত বাস কৰি আহিছিল।

ইফালে একেই কথা নিশ্চিত কৰি হাতীগাঁও থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বিজয় দৱেৰাহে কয় যে পোলেণ্ডৰ বিদেশী নাগৰিকগৰাকীয়ে অবৈধভাৱে চহৰখনত বাস কৰিছিল। হাতীগাঁও থানাৰ অ’চিয়ে কয় যে, “যিহেতু তেওঁৰ হাতত বৈধ ভিছা নাছিল, সেয়েহে আমাৰ দলটোৱে বশিষ্ঠপুৰ অঞ্চলৰ পৰা ব্যক্তিজনক গ্ৰেপ্তাৰ কৰে।”

বৈধ ভিছা নথকাৰ বাবে গ্ৰেপ্তাৰ কৰা হৈছে লোকজনক। ইফালে বিদেশী নাগৰিকজনৰ পাছপ’ৰ্টৰ অনুমতিত ২০২৬ চনলৈকে দেখা গৈছে যদিও সেইটোও প্ৰকৃত নহয় বুলি কোৱা হৈছে।

আৰক্ষীয়ে লোকজনক গ্ৰেপ্তাৰ কৰি বৰ্তমান জেৰা অব্যাহত ৰাখিছে।

The post ৭ বছৰ ধৰি গুৱাহাটীত অবৈধভাৱে বাস কৰি অহা পোলেণ্ডৰ নাগৰিকক গ্ৰেপ্তাৰ আৰক্ষীৰ appeared first on Purbottar Asomiya.

]]>
https://purbottar.com/%e0%a7%ad-%e0%a6%ac%e0%a6%9b%e0%a7%b0-%e0%a6%a7%e0%a7%b0%e0%a6%bf-%e0%a6%97%e0%a7%81%e0%a7%b1%e0%a6%be%e0%a6%b9%e0%a6%be%e0%a6%9f%e0%a7%80%e0%a6%a4-%e0%a6%85%e0%a6%ac%e0%a7%88%e0%a6%a7%e0%a6%ad/feed/ 0 42766