৭ বছৰ ধৰি গুৱাহাটীত অবৈধভাৱে বাস কৰি অহা পোলেণ্ডৰ নাগৰিকক গ্ৰেপ্তাৰ আৰক্ষীৰ

205

বিগত ৭ বছৰ ধৰি গুৱাহাটীত অবৈধভাৱে বাস কৰি অহা এজন পোলেণ্ডৰ নাগৰিকক দেওবাৰে বশিষ্ঠপুৰ অঞ্চলৰ পৰা গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।

গুৱাহাটীৰ বশিষ্ঠপুৰৰ পৰা হাতীগাঁও আৰক্ষীয়ে (সীমা শাখা) গ্ৰেপ্তাৰ কৰে লোকজনক। অজনিকা মিলছ এণ্টনি নামৰ পোলেণ্ডৰ নাগৰিকগৰাকীয়ে ২০১৬ চনৰ পৰা চহৰখনত বাস কৰি আহিছিল।

ইফালে একেই কথা নিশ্চিত কৰি হাতীগাঁও থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বিজয় দৱেৰাহে কয় যে পোলেণ্ডৰ বিদেশী নাগৰিকগৰাকীয়ে অবৈধভাৱে চহৰখনত বাস কৰিছিল। হাতীগাঁও থানাৰ অ’চিয়ে কয় যে, “যিহেতু তেওঁৰ হাতত বৈধ ভিছা নাছিল, সেয়েহে আমাৰ দলটোৱে বশিষ্ঠপুৰ অঞ্চলৰ পৰা ব্যক্তিজনক গ্ৰেপ্তাৰ কৰে।”

বৈধ ভিছা নথকাৰ বাবে গ্ৰেপ্তাৰ কৰা হৈছে লোকজনক। ইফালে বিদেশী নাগৰিকজনৰ পাছপ’ৰ্টৰ অনুমতিত ২০২৬ চনলৈকে দেখা গৈছে যদিও সেইটোও প্ৰকৃত নহয় বুলি কোৱা হৈছে।

আৰক্ষীয়ে লোকজনক গ্ৰেপ্তাৰ কৰি বৰ্তমান জেৰা অব্যাহত ৰাখিছে।