মহানগৰীৰ ব্যস্ত এলেকাত এইবাৰ উদ্ধাৰ মহিলাৰ নগ্ন মৃতদেহ

722

মহানগৰীত পুনৰ উদ্ধাৰ মৃতদেহ। এইবাৰ গুৱাহাটীৰ বামুণীমৈদামৰ ব্যস্ত এলেকাত উদ্ধাৰ হয় এগৰাকী মহিলাৰ উলংগ মৃতদেহ।

সোমবাৰে মহিলাগৰাকীৰ মৃতদেহ বামুণীমৈদামৰ ট্ৰেফিক পইণ্টত উদ্ধাৰ হোৱাৰ পিছতে সৃষ্টি হয় তীব্ৰ চাঞ্চল্যৰ।

স্থানীয় লোকে মহিলাগৰাকীক ধৰ্ষণ কৰি হত্যা কৰাৰ সন্দেহ ব্যক্ত কৰিছে।

ইফালে ঘটনা সন্দৰ্ভত আৰক্ষীক অৱগত কৰাৰ পিছতে চানমাৰী আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰোণত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।

ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে।