অসম চৰকাৰৰ উদ্যোগত ক্ৰীড়া আৰু শিক্ষাৰ সমন্বয় বিষয় লৈ গুৱাহাটী বিশ্ববিদ্যালয়ত আলোচনা চক্ৰ সম্পন্ন

233

চলিত চতুৰ্থ খেলো ইণ্ডিয়া বিশ্ববিদ্যালয় গেমছ অষ্টলক্ষ্মীৰ সময়তে আজি গুৱাহাটী বিশ্ববিদ্যালয়ৰ পি ডি হলত ৰাজ্য চৰকাৰৰ উদ্যোগত ক্ৰীড়া আৰু শিক্ষাৰ সমন্বয় বিষয় লৈ এখন আলোচনা চক্ৰ অনুষ্ঠিত হয়৷ আলোচনা চক্ৰখনৰ মূল উদ্যেশ্য হ’ল অসমৰ বিশ্ববিদ্যালয়সমূহৰ মাজত ক্ৰীড়া বিষয়টোক লৈ সজাগতা বৃদ্ধি কৰা লগতে ৰাজ্য চৰকাৰে খেল আৰু খেলুৱৈৰ উত্তৰণৰ বাবে গ্ৰহণ কৰা অভিলাসী ব্যৱস্থা আৰু পদক্ষেপসমূহৰ বিষয়ে উচ্চশিক্ষাৰ প্ৰতিষ্ঠানসমূহক অবগত কৰা৷

অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ সচিব কৌছাৰ জে হিলালীয়ে আঁত ধৰা আলোচনাত অংশগ্ৰহণ কৰে ক্ৰীড়া ভাৰতী অসমৰ যুটীয়া সম্পাদক আলোক ত্ৰিপাঠী, ক্ৰীড়া সাংবাদিক সুবোধ মল্ল বৰুৱা আৰু প্ৰাৰ্থনা হাজৰিকা, আই আই টি গুৱাহাটীৰ জীৱ বিজ্ঞান আৰু জৈৱ অভিযান্ত্ৰিক বিভাগৰ শুভাংগিনী সিং ভাৰ্মা আৰু আই আই টি গুৱাহাটীৰ ৰাসায়নিক অভিযান্ত্ৰিক বিভাগৰ অবিতি কাটাৰে৷

আলোচনা চক্ৰত কটন বিশ্ববিদ্যালয়, গুৱাহাটী বিশ্ববিদ্যালয়কে ধৰি ৰাজ্যৰ বিভিন্ন বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে অন্য আগশাৰীৰ শিক্ষা প্ৰতিষ্ঠানৰ শিক্ষাৰ্থীসকলেও অংশগ্ৰহণ কৰে৷ অসম চৰকাৰে ৰাজ্যৰ ক্ৰীড়াৰ উৎকৰ্ষ সাধনৰ বাবে লোৱা বিভিন্ন পদক্ষেপসমূহৰ পৰা ৰাজ্যখনৰ বিশ্ববিদ্যালয়সমূহে কেনেদৰে লাভৱান হ’ব পাৰে তথা ছাত্ৰ-ছাত্ৰীয়ে ক্ৰীড়াৰ জড়িয়তে জীৱন গঢ়াৰ সুযোগসমূহৰ বাস্তৱত ব্যৱহাৰ কৰাৰ বিষয়ে সকলোৱে আলোকপাত কৰে৷ পেনেলিষ্টসকলে অনাগত দিনত শিক্ষাক ক্ৰীড়াৰ সৈতে একত্ৰিত কৰি কিদৰে কেৰিয়াৰ আগুৱাই নিব পাৰি সেয়াও অৱগত কৰে৷

উল্লেখ্য যে চলিত চতুৰ্থ খেলো ইণ্ডিয়া বিশ্ববিদ্যালয় গেমছ অষ্টলক্ষ্মীত  ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছয়জনীয়া দল এটাহে অসমৰ একমাত্ৰ প্ৰতিনিধিৰূপে যোগদান কৰিবলৈ যোগ্যতা অৰ্জন কৰিছে৷ বিপৰীতে ১৯ জনীয়া সদস্যৰে মণিপুৰ বিশ্ববিদ্যালয় হ’ল উত্তৰ-পূব অঞ্চলৰ পৰা সৰ্বাধিক অংশগ্ৰহণকাৰী দল৷