সাংবাদিক দিলীপ বৰ্মনৰ গ্ৰন্থ ‘জ্ঞান সম্ভাৰ’ উন্মোচন

217

অসম চৰকাৰৰ পৰা লেখক সম্বর্ধনা পোৱা, ৰাষ্ট্ৰীয় বঁটাপ্রাপক, আন্তঃৰাষ্ট্ৰীয় সাহিত্য সন্মিলনত কবিতা পাঠ কৰি প্ৰশংসিত হোৱা, ২০২৪ বৰ্ষৰ বৰ্ষশ্রেষ্ঠ গল্পকাৰ বঁটা লাভ কৰা, একাধিক গ্রন্থৰ প্রণেতা, সাহিত্যিক-সাংবাদিক দিলীপ বৰ্মনৰ ‘জ্ঞান সম্ভাৰ” নামৰ জীৱনী গ্রন্থখন দেওবাৰে গুৱাহাটী প্ৰেছ ক্লাবত উন্মোচন হয়। সমন্বয় শিল্পী-সাহিত্যি পৰিষদ অসমৰ উদ্যোগত আৰু পদ্মা লাইব্ৰেৰীৰ সহযোগত অনুষ্ঠিত হোৱা সভাখনত দিলীপ বৰ্মনৰ গ্ৰন্থখন উন্মোচন কৰে নিয়মীয়া বাৰ্তাৰ সম্পাদক নৰেশ কলিতাই। সভাখনত সভাপতিত্ব কৰে সমন্বয় শিল্পী সাহিত্য পৰিষদ, অসমৰ সভাপতি প্রফুল্ল শইকীয়াই। সভাখন উদ্বোধন কৰে অসম সাহিত্য সভাৰ প্রাক্তন উপ-সভাপতি মৃণালিনী দেৱীয়ে। মৃণালিনী দেৱীয়ে ভাষণত কয় যে, সাহিত্য, সংগীত, কলাবিহীন মানুহ সাক্ষাৎ পশু।

ভগৱানে মানুহক জীৱজ্যেষ্ঠ হিচাপে সৃষ্টি কৰিছে। আধুনিক যুগটো বিজ্ঞানৰ।বিজ্ঞানৰ ভালেমান অৱদানক স্বীকাৰ কৰিলেও অতিমাত্ৰ প্ৰয়োগে হিতে বিপৰীত হয় বুল উল্লেখ কৰে।বিশেষকৈ মহিলাসকলৰ অত্যধিক মোবাইল প্ৰীতিয়ে সন্তানক অন্ধকাৰ ভৱিষ্যতৰ দিশে নিব বুলি কয়।একাংশ মহিলাই মোবাইলটো নহ’লে একো কৰিব নোৱাৰে বুলি ক্ষোভ উজাৰে। উল্লেখ্য যে সভাৰ আৰম্ভণিতে সমন্বয় শিল্পী-সাহিত্য পৰিষদ, অসমৰ প্ৰতিষ্ঠাপক সভাপতি, মুক্তিযুঁজাৰু, সাহিত্যিক পেন্সনাৰ প্রয়াত ফণীন্দ্র নাথ কলিতান প্রতিচ্ছবিত বন্তি প্রজ্বলন কৰে অসম বিদ্যুৎ নিয়ামক আয়োগৰ সদস্য সত্যেন্দ্র নাথ কলিতাই। নিয়মীয়া বাৰ্তাৰ সম্পাদক নৰেশ কলিতাও ভাষণ প্ৰদান কৰি দিলীপ কলিতাৰ গ্ৰন্থখন পাঠকে আদৰি ল’ব বুলি কয়। সভাখনত আদৰণি ভাষণ প্রদান কৰে সমন্বয় শিল্পী সাহিত্য পৰিষদ, অসমৰ কাৰ্যকৰী সভাপতি চাইফ উদ্দিন আহমেদ, সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে উক্ত অনুষ্ঠানৰ সম্পাদক দিলীপ বর্মনে।

সভাখনত অতিথি হিচাপে ভাষণ প্রদান কৰে আৰু অসম অৱসৰপ্রাপ্ত কলেজ শিক্ষক সংস্থাৰ সম্পাদক ফণীধৰ ডেকাই। উক্ত অনুষ্ঠানত সমন্বয় শিল্পী-সাহিত্য পৰিষদ, অসমৰ পৰা ড° যতীন্দ্র নাথ ডেকাক জীৱনজোৰা সাধনা বঁটা, নৰেশ কলিতাক সংবাদৰত্ন বঁটা, ড° মহীধৰ পাঠকক শিক্ষাৰত্ন বঁটা,  অশ্বিনী কুমাৰ শৰ্মাক কাব্যপ্রভাকৰ বঁটা, সত্যেন্দ্র কলিতাক সমাজসেৱা বঁটা, ফণীধৰ ডেকা, পূৰ্ণৰাম কলিতা, জ্যোতিষ চন্দ্র ভূঞা, শুকদেৱ মালাকৰ, ধৰণীধৰ ডেকা, খগেন চন্দ্র মেধি, মনহৰি কলিতা, যাদৱ কুমাৰ হালৈক জীৱনজোৰা শিক্ষা সাধনা বঁটা, ড°প্রভাত হালৈক জীবনজোৰা শিল্পী আৰু সাহিত্য সাধনা বঁটা, ধীৰেন কুমাৰ বৰ্মনক শিল্পী গৌৰৱ বঁটা, হৰেকৃষ্ণ মেধিক সমাজৰত্ন বঁটা, খগেন ভূঞাক সংবাদজ্যোতি বঁটা, মহেশ চন্দ্র শর্মা, কন্দর্প কুমাৰ দাস, হিমা কলিতা, ভূষণ চন্দ্র বয়, নিজৰা ডেকাক কাব্যজ্যোতি বঁটা, ডেইজী তালুকদাৰ, বিপিন চন্দ্র কলিতা, অমূল্য দাসক সাহিত্যজ্যোতি বঁটা প্ৰদান কৰা হয়। শেষত শলাগৰ শৰাই আগবঢ়াই সমন্বয় শিল্পী-সাহিত্য পৰিষদ, অসমৰ সম্পাদক দিলীপ বর্মনে।