নৱবৰ্ষ উদযাপনৰ মাজতে মহানগৰীত অপ্ৰীতিকৰ পৰিস্থিতি, উদণ্ড বাহন ৰখাবলৈ আৰক্ষীৰ গুলীচালনা

252

নৱবৰ্ষক আদৰাৰ উছাহৰ মাজতে মহানগৰীত সংঘটিত হ’ল গুলীচালনাৰ ঘটনা। মহানগৰীৰ হাতীগাঁও অঞ্চলত আৰক্ষীৰ বেৰিকেডত যান বাহন পৰীক্ষাৰ সময়তে সংঘটিত হয় এই ঘটনা।

জানিব পৰা মতে, AS01AQ6674 নম্বৰৰ এখন স্কৰ্পিঅ’ বাহনে ভেটাপাৰাৰ পৰা হাতীগাঁও অভিমুখে গৈ থকা সময়ত প্ৰথমে এখন ডাম্পাৰৰ খুন্দা মাৰে। দুৰ্ঘটনা সংঘটিত কৰি বাহনচালকজনে পলায়ন কৰিবলৈ চেষ্টা কৰাত আৰক্ষীয়ে বাধা দিবলৈ গুলীচালনা কৰে। অৱশ্যে বাহনখনে সিজুবাৰী অভিমুখে পলায়ন কৰিবলৈ সক্ষম হয়।

এই ঘটনাক লৈ গুৱাহাটীৰ জ্যেষ্ঠ আৰক্ষী বিষয়াসকলে উচ্চ পৰ্যায়ৰ তদন্তৰ আহ্বান জনাইছে। পিছত চিটি আৰক্ষীয়ে গাড়ীখন ঢাকি ৰখা এটা ঘৰৰ পৰা স্ক’ৰপিঅ’খন উদ্ধাৰ কৰে। লগে লগে হাউছফেডৰ পৰা অহা লোক দুজনক হাতীগাঁও আৰক্ষীয়ে আটক কৰি নুৰুল হুছেইন আৰু কবীৰ আলী আহমেদ বুলি জানিব পৰা গৈছে।

তদন্তত অধিক প্ৰমাণৰ বাবে দুয়ো অভিযুক্তক সোধা-পোছা কৰা হৈছে। আটক কৰা দুয়োজন ল’ৰাই হয়তো যিকোনো সময়তে গ্ৰেপ্তাৰ হ’ব পাৰে।