সাতপখলীত আন্তৰ্জাতিক নাৰী দিৱস পালন

108

কামৰূপৰ সাতপখলী ৯৫ নং প্ৰাথমিক বিদ্যালয় প্ৰাংগণত আজি আন্তৰ্জাতিক নাৰী দিৱস পালন কৰা হয়।এই উপলক্ষে  ব্ৰিটানিয়া নিউট্ৰিচেন ফাউণ্ডেচনৰ তৰফৰ পৰা মহিলা সকলোৰ বিনামুলীয়া হিম’গ্লাবিন পৰিক্ষা হয়।অনুষ্ঠানত ৯৫ নং প্ৰাথমিক বিদ্যালয়ৰ  প্ৰধান শিক্ষক বিমল কলিতাৰ সভাপতিত্বত এখনি সজাগতা মুলক সভা অনুষ্ঠিত কৰা হয়। উপস্থিত বিশিষ্ট ব্যক্তিসকলে নাৰী অধিকাৰ আৰু নাৰী সম্পৰ্কত বক্তৃতা আগবঢ়াই।

ৰামপুৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ বি.চি.এম  কবিতা দাসে মন্তব্য কৰে যেযদিও পুৰুষৰ সম অধিকাৰ নাৰী সকলো দিয়া হৈছে তথাপিও পুৰুষ প্ৰধান সমাজ বহতো সময়ত নাৰী লাঞ্চিত বঞ্চিত হোৱা দেখা যায় বুলি মন্তব্য কৰে স্বাস্থ্য কৰ্মী কবিতা ডেকাই|

অনুষ্ঠানত উপস্থিত থাকে ৰামপুৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ বি.পি.এম প্ৰদিপ কলিতা,ডি.পু.অ ৰাজীৱ স্বৰ্গীয়াৰী,সাংবাদিক বিমল শৰ্মা,জোন কুমাৰ দাস প্ৰমুখ্যে অঞ্চলবাসী মহিলা সকল উপস্থিত থাকে।