দিল্লীত প্ৰতিবাদ আৰু ধৰ্ণা আয়োজন কৰাৰ বাবে যন্তৰ-মন্তৰক নিৰ্ধাৰিত স্থানসমূহৰ তালিকাৰ পৰা বাদ দিয়া হৈছে। কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে গঠন কৰা সমিতিখনৰ চৰ্ত আৰু পৰামৰ্শৰ ভিত্তিত এই সিদ্ধান্ত লোৱা হৈছে।
দিল্লীৰ আৰক্ষী আয়ুক্ত অনুৰাগ কুমাৰৰ দ্বাৰা সোমবাৰে জাৰি কৰা জাননী (নটিছ)ত কোৱা হৈছে যে ইয়াৰ বিকল্প হিচাপে এতিয়া ৰামলীলা ময়দান, বুৰাড়ী ময়দান আৰু উত্তৰ বা পূব দিল্লীৰ চিবিডি ময়দানক নিৰ্ধাৰিত কৰা হৈছে। নটিছখনৰ মতে, নাগৰিকসকলৰ প্ৰতিবাদ আৰু ধৰ্ণা আয়োজন কৰাৰ অধিকাৰৰ প্ৰতি লক্ষ্য ৰাখি বৰ্তমানৰ নিৰ্ধাৰিত স্থানসমূহৰ বিকল্পসমূহ পুনৰীক্ষ কৰাৰ দায়িত্ব গৃহ মন্ত্ৰালয়ৰ দ্বাৰা গঠিত সমিতিক দিয়া হৈছিল।
নটিছত লগতে কোৱা হৈছে যে এই তিনিটা স্থানত প্ৰতিবাদ আৰু ধৰ্ণা আয়োজন কৰাৰ বাবে পৃথককৈ এছ.অ.পি. (SOP – ষ্টেণ্ডার্ড অপাৰেটিং প্ৰচিডিউৰ) জাৰি কৰা হ’ব।
