ষ্টাৰ হেল্থ এণ্ড এলাইড ইঞ্চুৰেন্স কোম্পানী লিমিটেডে শুকুৰবাৰে গুৱাহাটীত নতুন আঞ্চলিক কাৰ্যালয় উদ্বোধন কৰাৰ লগতে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ গ্ৰাহকসকলৰ বাবে য়ং ষ্টাৰ নিঅ’ নামৰ নতুন স্বাস্থ্য বীমা আঁচনিখন মুকলি কৰে।
গণেশগুৰিৰ আৰ জি বৰুৱা পথৰ ‘দ্য ৰেগাছ বাই ইম্পেৰিয়েল’ত অৱস্থিত এই কাৰ্যালয়টোৱে বীমা দাবী নিষ্পত্তি, গ্ৰাহক সেৱা, প্ৰশিক্ষণ, হিচাপ-নিকাচ আৰু প্ৰশাসনিক ক্ষেত্ৰত বৰ্তমানৰ লগতে আগন্তুক শাখাসমূহক সহায় আগবঢ়াব। অসমত কোম্পানীটোৰ ১৭,৫৯২ গৰাকী এজেণ্ট আৰু উপদেষ্টা, ৩৮৫ গৰাকী কৰ্মচাৰী আৰু ১৩৪ খন নেটৱৰ্ক চিকিৎসালয় আছে। ২০২৫-২৬ বিত্তীয় বৰ্ষত কোম্পানীটোৱে ৰাজ্যখনত ১১,০০০তকৈও অধিক বীমা দাবী নিষ্পত্তি কৰি ৫৮ কোটি টকাতকৈও অধিক ধন পৰিশোধ কৰিছে।
১৮ৰ পৰা ৪০ বছৰ বয়সৰ লোকসকলৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা য়ং ষ্টাৰ নিঅ’ আঁচনিত ১০ লাখ টকাৰ পৰা ১ কোটি টকালৈকে বীমা ৰাশিৰ বিকল্প আছে, য’ত সীমাহীন বীমা ৰাশিৰ সুবিধাও অন্তৰ্ভুক্ত। এই আঁচনিখনৰ মূল বৈশিষ্ট্য টাইম ট্ৰেভেল-ৰ জৰিয়তে কোনো বীমা দাবী নকৰালৈকে নৱীকৰণ প্ৰিমিয়াম অপৰিৱৰ্তিত হৈ থাকে। এবাৰ বীমা দাবী কৰাৰ পাছত পলিচিৰ চৰ্তাৱলী সাপেক্ষে বীমাত নামভৰ্তি কৰা বয়সৰ লগত এবছৰ যোগ কৰি প্ৰিমিয়াম নিৰ্ধাৰণ কৰা হয়।
কোম্পানীটোৰ মুখ্য ব্যৱসায় আৰু প্ৰদানকাৰী সম্পৰ্ক বিষয়া আদিত্য বিয়ানিয়ে এই বিষয়ে কয় যে, এই আঞ্চলিক কাৰ্যালয়টোৱে উত্তৰ-পূৰ্বাঞ্চলৰ গ্ৰাহকসকলৰ সৈতে কোম্পানীটোৰ সম্পৰ্ক অধিক শক্তিশালী কৰাৰ লগতে স্বাস্থ্য বীমাৰ প্ৰসাৰ বৃদ্ধি কৰিব।
এই পলিচিখনত ফিউচাৰ শ্বিল্ড, অ’পিডি কভাৰেজ, মানসিক স্বাস্থ্যৰ সহায়তা, ফিটনেছ সুবিধা আৰু চিকিৎসালয়ত ভৰ্তি হোৱাৰ সুৰক্ষাও উপলব্ধ। প্ৰতিষ্ঠানটোৰ ষ্টাৰ থ্ৰাইভ ৰিৱাৰ্ডছ কাৰ্যসূচীৰ অধীনত প্ৰতিজন যোগ্য বীমাকৃত ব্যক্তিয়ে বছৰি ১৮,০০০ পইণ্ট পৰ্যন্ত লাভ কৰিব পাৰে, যাৰ জৰিয়তে স্বাস্থ্য ভাউচাৰ আৰু প্ৰিমিয়াম সম্পৰ্কীয় পুৰস্কাৰ আদি সুবিধা লাভ কৰিব পাৰি।
উত্তৰ-পূৰ্বাঞ্চলৰ ব্যৱসায়িক মুৰব্বী অমিতাভ চেটাৰ্জীয়ে কয় যে, অসমত বিদ্যমান ২০টা শাখা আৰু আগন্তুক নতুন শাখাসমূহৰ জৰিয়তে অঞ্চলটোৰ প্ৰধান চহৰসমূহলৈ এই আঁচনিখন লৈ যোৱাৰ বাবে কোম্পানীটোৱে পৰিকল্পনা কৰিছে।
