ক’কৰোচ জনতা পাৰ্টিৰ (চি জে পি) সহ-আহ্বায়ক সৌৰভ দাসৰ পাছপ’ৰ্টৰ তথ্যত থকা বিসংগতিৰ বাবে মুম্বাই আৰক্ষীৰ অনুৰোধত তেওঁৰ বিৰুদ্ধে লুকআউট চাৰ্কুলাৰ জাৰি কৰা হৈছিল বুলি কেন্দ্ৰীয় চৰকাৰে দিল্লী উচ্চ ন্যায়ালয়ক অৱগত কৰিছে। অক্সফ’ৰ্ডকে ধৰি ব্ৰিটেইনৰ বিভিন্ন বিশ্ববিদ্যালয়ৰ অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ যোৱাৰ পথত চৰকাৰে তেওঁক বাধা দিয়াৰ সিদ্ধান্তক প্ৰত্যাহ্বান জনাই দাসে দাখিল কৰা এক আবেদনৰ শুনানি গ্ৰহণ কৰি আদালতে এই বিষয়ে জানিব বিচাৰিছিল। দাসে অভিযোগ কৰিছিল যে ভ্ৰমণত নিষেধাজ্ঞা আৰোপ কৰা কোনো নিৰ্দেশনা বা লুকআউট জাননী নেদেখুওৱাকৈয়ে তেওঁক বিমানবন্দৰত বাধা দিয়া হৈছিল। বুধবাৰে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে প্ৰকাশ কৰে যে পাছপ’ৰ্টত জন্মস্থানৰ তথ্যত থকা বিসংগতিৰ অভিযোগত দাসলৈ কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰা হৈছে। মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে জনোৱা মতে, চেন্নাইস্থিত আঞ্চলিক পাছপ’ৰ্ট কাৰ্যালয়ে সোমবাৰে দাসলৈ এই জাননী প্ৰেৰণ কৰি সাত দিনৰ ভিতৰত উত্তৰ দিবলৈ নিৰ্দেশ দিছে।
উল্লেখযোগ্য যে দাসৰ আধাৰ কাৰ্ড, পাছপ’ৰ্ট আৰু বিদ্যালয়ৰ প্ৰমাণপত্ৰৰ তথ্যত কেইবাটাও বিসংগতি ধৰা পৰিছে। ২০১৯ চনৰ ২১ আগষ্টত তেওঁৰ পাছপ’ৰ্টখন জাৰি কৰা হৈছিল। মুখপাত্ৰগৰাকীয়ে স্পষ্ট কৰি দিয়ে যে পাছপ’ৰ্ট জাৰি কৰাৰ পাছতো যদি আবেদনকাৰীয়ে ভুল তথ্য দিয়া বুলি কোনো খবৰ পোৱা যায়, তেন্তে কৰ্তৃপক্ষই পুনৰীক্ষণৰ নিৰ্দেশ দিব পাৰে। বুধবাৰে অতিৰিক্ত ছলিচিটৰ জেনেৰেল চেতন শৰ্মাই ন্যায়াধীশ অমিত মহাজনৰ আদালতক জনায় যে দাসে পাছপ’ৰ্টৰ আবেদনত পিতৃৰ নামৰ স্থান খালী ৰখাৰ বাবেই তেওঁৰ জন্মস্থান, শিক্ষা, ঠিকনা আৰু পিতৃ-মাতৃৰ সন্দৰ্ভত তদন্ত চলোৱা হৈছিল। এই তদন্তৰ ভিত্তিত যোৱা ২৩ নৱেম্বৰৰ সন্ধিয়া কাৰণ দৰ্শোৱাৰ জাননী আৰু সতৰ্কবাণী জাৰি কৰা হয়। শৰ্মাই লগতে উল্লেখ কৰে যে এই বিসংগতিসমূহে দাসৰ ভাৰতীয় নাগৰিকত্বৰ ক্ষেত্ৰতো প্ৰভাৱ পেলাব পাৰে। উল্লেখ্য যে লণ্ডন অভিমুখী বিমানত উঠিবলৈ লওঁতেই ইমিগ্ৰেছন কাউণ্টাৰত দাসক বাধা দিয়া হৈছিল।
দাসে দাবী কৰিছে যে বিমানবন্দৰ পোৱাৰ আগলৈকে তেওঁ এই জাননীৰ বিষয়ে অৱগত নাছিল আৰু তেওঁৰ ৰাজনৈতিক সক্ৰিয়তাৰ বাবেই উদ্দেশ্যপ্ৰণোদিতভাৱে ভ্ৰমণত বাধা দিবলৈ এই জাননী জাৰি কৰা হৈছে। আবেদনত তেওঁ লগতে উল্লেখ কৰে যে জাননীখনত কোনটো তথ্য ভুল বুলি অভিযোগ কৰা হৈছে সেয়া স্পষ্ট কৰা হোৱা নাই। আনহাতে, চৰকাৰী সূত্ৰই দাবী কৰিছে যে বিমানবন্দৰত উপস্থিত হোৱাৰ পূৰ্বেই দাসে এই বিষয়ে জানিছিল।
