ৰাজ্যত অবৈধ অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে আৰক্ষীয়ে চলাই থকা কঠোৰ অভিযানৰ মাজতে বৃহৎ সফলতা লাভ কৰিবলৈ সক্ষম হৈছে বঙাইগাঁও আৰক্ষী। অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰাৰ অভিযোগত বঙাইগাঁও আৰক্ষীয়ে জিলাখনৰ যোগীঘোপাত অভিযান চলাই আটক কৰিছে ১৩ জনকৈ সন্দেহযুক্ত বাংলাদেশী নাগৰিকক।
প্ৰাথমিক তথ্য অনুসৰি, এই লোককেইজনে কোনো বৈধ নথিপত্ৰ বা অনুমতি অবিহনেই গোপনে আন্তঃৰাষ্ট্ৰীয় সীমান্ত অতিক্ৰম কৰি ভাৰতত প্ৰৱেশ কৰিছিল। এক গোপন সূত্ৰৰ পম খেদি বঙাইগাঁও আৰক্ষীয়ে যোগীঘোপা অঞ্চলত এক বিশেষ অভিযান চলাই আটাইকেইজন সন্দেহযুক্ত নাগৰিকক আটক কৰিবলৈ সক্ষম হয়।
ধৃত লোককেইজনক জিম্মাত লৈ আৰক্ষীয়ে ইতিমধ্যে তীব্ৰ জেৰা আৰম্ভ কৰিছে। তেওঁলোকৰ প্ৰকৃত পৰিচয় কি, কোন পথেৰে কি পৰিস্থিতিত তেওঁলোকে ভাৰতত প্ৰৱেশ কৰিছিল আৰু এই অনুপ্ৰৱেশত কোনো স্থানীয় দালাল চক্ৰ বা লোকে সহযোগিতা আগবঢ়াইছিল নেকি- সেই সন্দৰ্ভত আৰক্ষীয়ে সূক্ষ্ম তদন্ত চলাই আছে।
বৰ্তমান আৰক্ষীয়ে লোককেইজনৰ নথিপত্ৰ পৰীক্ষা কৰাৰ লগতে দেশৰ অভ্যন্তৰত তেওঁলোকৰ গতিবিধি সন্দৰ্ভত তথ্য সংগ্ৰহ অব্যাহত ৰাখিছে। এই তদন্তৰ অন্তত ধৃত লোককেইজনৰ বিৰুদ্ধে বিহিত আইনী ব্যৱস্থা গ্ৰহণ কৰিব আৰক্ষীয়ে।
