দুলীয়াজনৰ টেঙাখাতস্থিত অইল ইণ্ডিয়া লিমিটেডৰ (OIL) ইণ্টাৰমিডিয়েট টেংক ফাৰ্মত (ITF) আজি সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা। প্ৰতিষ্ঠানটোত হঠাৎ সূত্ৰপাত ঘটা জুইৰ লেলিহান শিখাই সমগ্ৰ অঞ্চলটোত আতংকৰ সৃষ্টি কৰে।
অগ্নিকাণ্ডৰ ভয়াৱহতাৰ খবৰ লাভ কৰাৰ লগে লগে দুলীয়াজানস্থিত অইল ইণ্ডিয়া লিমিটেডৰ মুখ্য কাৰ্যালয়ৰ পৰা কেইবাখনো উন্নত মানৰ অগ্নিনিৰ্বাপক বাহনৰ গাড়ী ঘটনাস্থলীলৈ প্ৰেৰণ কৰা হয়। ইয়াৰ সমান্তৰালভাৱে স্থানীয় অগ্নি আৰু জৰুৰীকালীন সেৱা বাহিনীয়েও জুই নিৰ্বাপণৰ বাবে যুদ্ধকালীন তৎপৰতাৰে অভিযান অব্যাহত ৰাখে।
এই ভয়ংকৰ অগ্নিকাণ্ডত অইল ইণ্ডিয়া লিমিটেডৰ কেইবাগৰাকীও বিষয়া-কৰ্মচাৰী অগ্নিদগ্ধ হয়। প্ৰাপ্ত তথ্য অনুসৰি, মুঠ ২৫ গৰাকী বিষয়া-কৰ্মচাৰী গুৰুতৰভাৱে আহত হৈছে।
আহত আটাইকেইগৰাকীকে চিকিৎসাৰ বাবে হাস্পতালত ভৰ্তি কৰোৱা হৈছে।
অগ্নিকাণ্ডৰ সূত্ৰপাতৰ কাৰণ আৰু ক্ষয়-ক্ষতিৰ পৰিমাণ সম্পৰ্কে এই পৰ্যন্ত সবিশেষ তথ্য জানিব পৰা হোৱা নাই। ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।
