কাছাৰ জিলাৰ বৰখলাত সংঘটিত হৈছে এক শোকাৱহ হিট এণ্ড ৰানৰ ঘটনা। অচিনাক্ত বাহনৰ খুন্দাত প্ৰাণ হেৰুৱালে এগৰাকী মানসিকভাৱে অসুস্থ ব্যক্তিয়ে।
জানিব পৰা মতে, দুৰ্ঘটনা সংঘটিত কৰিয়েই বাহনসহ ঘটনাস্থলীৰ পৰা পলায়ন কৰে চালকজনে। ঘটনাৰ খবৰ লাভ কৰাৰ পিছতে ঘটনাস্থলীত উপস্থিত হয় আৰক্ষীৰ দল।
আৰক্ষীয়ে ঘটনাস্থলীৰ পৰা মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে শিলচৰ মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰে।
দুৰ্ঘটনা সংঘটিত কৰি পলায়ন কৰা অচিনাক্ত বাহনখনৰ সন্ধানত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।
