প্ৰণৱ দলেৰ বিৰুদ্ধে আৰোপ কৰা ৰাষ্ট্ৰীয় নিৰাপত্তা আইন (NSA)ৰ গোচৰ খাৰিজ কৰিলে গুৱাহাটী উচ্চ ন্যায়ালয়ে। এই ৰায়ৰ পিছতে প্ৰণৱ দলেৰ বিৰুদ্ধে আৰোপ কৰা NSA গোচৰক লৈ সৃষ্টি হৈছে বিশেষ চৰ্চা।
উল্লেখ্য যে, ৩০ জুলাইত প্ৰণৱ দলেৰ বিৰুদ্ধে NSAৰ অধীনত গোচৰ আৰোপ কৰা হৈছিল। ইয়াৰ পূৰ্বে ১২ জুলাইত গোলাঘাট আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল প্ৰণৱ দলেক।
কাজিৰঙাৰ ভূমি আন্দোলনৰ নেতৃত্ব দিয়াৰ বাবে চৰ্চালৈ আহিছিল প্ৰণৱ দলে। প্ৰস্তাৱিত পঞ্চতাৰকাযুক্ত হোটেল নিৰ্মাণৰ বাবে ভূমি অধিগ্ৰহণক কেন্দ্ৰ কৰি হোৱা আন্দোলনত নেতৃত্ব দিছিল তেওঁ।
অৱশেষত প্ৰণৱ দলেৰ বিৰুদ্ধে থকা NSA গোচৰ গুৱাহাটী উচ্চ ন্যায়ালয়ে খাৰিজ কৰাত বিষয়টোৱে নতুন মোৰ লাভ কৰিছে।
