পশ্চিমবংগৰ নাদিয়াত ভয়ংকৰ দুৰ্ঘটনা, নিহত ১৮জন, আহত ৫

130

পশ্চিম বংগৰ নাদিয়া জিলাত শনিবাৰে নিশা সংঘটিত এক দুৰ্ভাগ্যজনক পথ দুৰ্ঘটনাত ১৮ জন লোক নিহত হয় আৰু আন পাঁচজন আহত হয়।

খবৰ অনুসৰি ২০ জন লোকক কঢ়িয়াই নৱদ্বীপ শ্মশান অভিমুখে যোৱা এখন বাহন হংসখালি আৰক্ষী থানা অঞ্চলৰ অন্তৰ্গত ফুলবাৰীত ৰাস্তাৰ কাষত ৰখাই থোৱা এখন ট্ৰাকত নিয়ন্ত্ৰণ হেৰুৱাই খুন্দা মাৰে।

খবৰ অনুসৰি লোকসকলে উত্তৰ ২৪ পৰগণা জিলাৰ বাগদাৰ পৰা মেটাডৰত মৃতদেহ কঢ়িয়াই যাত্ৰা কৰি আছিল। দুৰ্ঘটনাটোত ১৮ জন নিহত সহ আৰু আন কেইবাজনো লোক আহত হয়।

ইফালে, আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰে। প্ৰাৰম্ভিক প্ৰতিবেদন অনুসৰি, ঘন কুঁৱলীৰ বাবে দুৰ্ঘটনাটো সংঘটিত হোৱাৰ সন্দেহ কৰা হৈছে।