মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আকস্মিক পশ্চিম বংগ ভ্ৰমণক লৈ জল্পনা-কল্পনা, পালে নেকি বিশেষ দায়িত্ব?

103

লোকসভা নিৰ্বাচনৰ পূৰ্বে পশ্চিমবংগ বিজেপিৰ কাণ্ডাৰীৰ ৰূপত দেখা যাব পাৰে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক। গেৰুৱা শিৱিৰৰ কেন্দ্ৰীয় সমিতিৰ এক সূত্ৰই প্ৰকাশ কৰা অনুসৰি আগন্তুক লোকসভা নিৰ্বাচনত অসমৰ মুখ্যমন্ত্ৰীগৰাকীৰ হাতত পশ্চিমবংগৰ প্ৰাৰ্থী বাছনিৰ ভাৰ অৰ্পণ কৰিব পাৰে শীৰ্ষ নেতৃত্বই।

উল্লেখ্য যে, পশ্চিমবংগ বিধানসভা নিৰ্বাচনৰ পূৰ্বে তৃণমূল কংগ্ৰেছৰ কেইবাগৰাকীও নেতা, মন্ত্ৰী, বিধায়ক তথা সাংসদে বিজেপিত যোগদান কৰিছিল। এই যোগদানে গেৰুৱা শিৱিৰক শক্তিশালী কৰিব বুলিও আশা কৰা হৈছিল। আন দলৰ পৰা বেছিভাগ নেতাকেই টিকট প্ৰদান কৰি নিৰ্বাচণী ৰণাঙ্গনত নমাইছিল বিজেপিয়ে। ইয়াৰোপৰি অভিনয় জগতৰ সৈতে জড়িত কেইবাজনকো গেৰুৱা বসন পিন্ধাই প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছিল। ৰাজ্যখনত বিজেপিৰ এই ‘যোগদান মেলা’ৰ নেতৃত্ব দিছিল মুকুল ৰায়ে। আনহাতে মুকুল ৰায়ৰ সিদ্ধান্ত ছীল-মোহৰ মাৰিছিল ৰাজ্যখনৰ বাবে নিযুক্তি দিয়া কেন্দ্ৰীয় বিজেপিৰ পৰ্যবেক্ষক কৈলাশ বিজয়বৰ্গীয়ই। কিন্তু এতিয়া মুকুল ৰায় বিজেপিৰ বিধায়ক হ’লেও বিজেপিত নাই। একেদৰে কৈলাশ বিজয়বৰ্গীয়ও বৰ্তমান মধ্যপ্ৰদেশৰ মন্ত্ৰী।

এনে পৰিপ্ৰেক্ষিতত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকে ৰাজ্যখনত মুকুল-কৈলাশৰ দায়িত্ব অৰ্পণ কৰাৰ সম্ভাৱনা ব্যক্ত কৰা হৈছে। উল্লেখ্য যে, শেহতীয়াকৈ বিজেপিয়ে দলটোৰ সকলো নিখিল ভাৰতীয় সাধাৰণ সম্পাদকক সুকীয়া দায়িত্ব প্ৰদান কৰিছে। কিন্তু খবৰ অনুসৰি কৈলাশ বিজয়বৰ্গীয়ক তেনে কোনো দায়িত্ব এইবাৰ প্ৰদান কৰা হোৱা নাই। তেওঁৰ ঠাইত উপ-সভাপতিৰ পদত অধিষ্ঠিত বৈজয়ন্ত জয় পাণ্ডাক সুকীয়া দায়িত্ব প্ৰদান কৰা হৈছে। ইফালে বংগৰ দায়িত্বত থকা সৰ্বভাৰতীয় সাধাৰণ সম্পাদক সুনীল বংশালক অৰ্পণ কৰা হৈছে বংগৰ লগতে ওড়িশা আৰু তেলেংগানাৰো সাংগঠনিক দায়িত্ব। বিজেপিৰ আটাইতকৈ দক্ষ নেতা হিচাপে পৰিচিত সুনীলে দলটোৰ আটাইতকৈ শক্তিশালী ফ্ৰণ্টৰ অল ইণ্ডিয়া অবজাৰ্ভাৰৰ দায়িত্বও লাভ কৰিছে। সাংগঠনিক ৰদ-বদলৰ মাজতে বিজেপিয়ে বংগত যুৱ মৰ্চাৰ জৰিয়তে নতুন আৰু যুৱ ভোটাৰক গেৰুৱা শিৱিৰলৈ আকৰ্ষিত কৰাৰ পৰিকল্পনাও প্ৰস্তুত কৰিছে।

এই লক্ষ্যৰেই ২৫ জানুৱাৰীত প্ৰধানমন্ত্ৰী মোদীয়ে অনুষ্ঠিত কৰিব ‘নৱ মতদাতা সন্মিলন’। এনে পৰিস্থিতিত বংগৰ অন্য দলৰ নেতা-মন্ত্ৰীৰ ‘হাইজেক’ৰ দায়িত্ব অৰ্পণ কৰা হৈছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক। অন্যহাতে লোকসভা নিৰ্বাচনৰ বাবে কেন্দ্ৰীয় বিজেপিয়ে গঠন কৰা মূল সমিতিখনৰ তুলনামূলকভাৱে সৰু অন্যান্য পিছপৰা শ্ৰেণীৰ মৰ্চাৰ দায়িত্বত আছে সৰ্বভাৰতীয় সাধাৰণ সম্পাদক বিনোদ তাওড়ে। ইয়াৰ সমান্তৰালকৈ সমগ্ৰ দেশৰ আন দলৰ নেতাৰ লগত যোগদান কৰিবলৈ যি সমিতি গঠন কৰা হৈছে, সেই সমিতিখনক মহাৰাষ্ট্ৰৰ প্ৰাক্তন শিক্ষামন্ত্ৰীগৰাকীক মুৰব্বী হিচাপে নিযুক্তি দিয়া হৈছে। সেই সমিতিখনত স্থান দিয়া হৈছে বিজেপিত সুকীয়া স্থান দখল কৰিবলৈ সক্ষম হোৱা হিমন্ত বিশ্ব শৰ্মাকো।

কিন্তু এনে সমিতিৰ দায়িত্বত হিমন্ত আছে নে নাই সেই প্ৰশ্নত মৌনতা অৱলম্বন কৰিছে ৰাজ্যিক বিজেপি নেতাসকলে। প্ৰসংগক্ৰমে যোৱা দেওবাৰে সন্ধিয়া নিজেই কেইঘণ্টামানৰ বাবে কলকাতাত উপস্থিত হৈছিল হিমন্ত বিশ্ব শৰ্মা। ৰাজ্যিক বিজেপিৰ সভাপতি সুকান্ত মজুমদাৰ, সাধাৰণ সম্পাদক জগন্নাথ চেটাৰ্জী আৰু তৃণমূলৰ পৰা বিজেপিত যোগদান কৰা বিষ্ণুপুৰৰ সাংসদ সৌমিত্ৰ খানে বিমানবন্দৰত আদৰণি জনায় অসমৰ মুখ্যমন্ত্ৰীগৰাকীক।

বিজেপিৰ সূত্ৰ অনুসৰি দেওবাৰে হিমন্তই ৰাজ্যৰ শীৰ্ষ নেতৃত্বৰ সৈতে বৈঠকত মিলিত হয়। মঙলবাৰেও হিমন্ত বিশ্ব শৰ্মাই তৃণমূলৰ পৰা বিজেপিত যোগদান কৰি কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী হোৱা নিশিত অধিকাৰীৰ সৈতে বৈঠকত মিলিত হয়। অৱশ্যে এই বৈঠকৰ কাৰণ কি আছিল সেই সন্দৰ্ভত এতিয়ালৈকে কোনো পক্ষই মুখ খোলা নাই