পশ্চিমবংগৰ শিক্ষক নিযু্ক্তি কেলেংকাৰীত গ্ৰেপ্তাৰ হোৱা পাৰ্থ চেটাৰ্জীৰ ঘনিষ্ঠ মডেল অৰ্পিতাৰ জামিন আবেদন খাৰিজ

128

পশ্চিমবংগৰ শিক্ষক নিযুক্তিৰ কেলেংকাৰীত ইডিয়ে গ্ৰেপ্তাৰ কৰা অৰ্পিতা মুখাৰ্জীৰ জামিন আবেদন খাজিৰ। বুধবাৰে বিশেষ ইডিৰ আদালতে খাৰিজ কৰে অভিযুক্তৰ জামিন আবেদন।

৯ মাহতকৈ অধিক সময়ৰ অন্তত সোমবাৰে অৰ্পিতাই আদালতত হাজিৰ হয়। তেওঁৰ উপস্থিতিত অধিবক্তাগৰাকীয়ে দাবী কৰে যে নিযুক্তি দুৰ্নীতিৰ গোচৰৰ মাষ্টাৰমাইণ্ড আছিল পাৰ্থ চেটাৰ্জী। আৰু অৰ্পিতা মুখাৰ্জী কেৱল পৰিস্থিতিৰ বলি। তেওঁ একেবাৰে নিৰ্দোষী। এই সন্দৰ্ভত জামিন আৱেদন কৰা হৈছিল। ইডিয়ে আৰম্ভণিৰে পৰা জামিন আবেদনৰ বিৰোধিতা কৰিছিল।

বুধবাৰে আদালতে ইডিৰ সপক্ষে ৰায় দিয়ে। অৰ্পিতাৰ জামিন আবেদন নাকচ কৰা হয়। আদালতে জনোৱা মতে, প্ৰত্যক্ষ বা পৰোক্ষভাৱে – যিকোনো প্ৰকাৰে অৰ্পিতা নিযুক্তিৰ দুৰ্নীতিৰ সৈতে জড়িত। তেওঁৰ ফ্লেটৰ পৰা উদ্ধাৰ হোৱা নগদ ধন, গহনাবোৰৰ কোনোটোৱেই তেওঁৰ নহয় বুলি দাবী কৰে। কিন্তু হ’ব নোৱাৰে। কাৰণ, অৰ্পিতাই বিলাসী জীৱন যাপন কৰিছিল। গতিকে অৰ্পিতাই কেৱল নাৰী বুলিয়েই ৰেহাই পাব নোৱাৰে। ইয়াৰ পিছত ইডিৰ বিশেষ আদালতে তেওঁৰ জামিন আবেদন নাকচ কৰে। ১৯ জুনত পুনৰ আদালতত হাজিৰ হ’ব তেওঁক।