অৰ্গেনিক ইণ্ডিয়াই বিশ্ব পাচন স্বাস্থ্য দিৱস উপলক্ষে নিজৰ প্ৰমাণিত জৈৱিক ভেষজ সামগ্ৰীসমূহৰ ওপৰত আলোকপাত কৰিছে, যিবোৰ বিশেষভাৱে পাচনতন্ত্ৰৰ সুস্থতা আৰু সামগ্ৰিক পেটৰ স্বাস্থ্য ৰক্ষা কৰিব পৰাকৈ প্ৰস্তুত কৰা হৈছে। কোম্পানীটোৱে জনোৱা মতে, প্ৰতিষ্ঠানটোৰ এই সামগ্ৰীসমূহ ২,০০০তকৈও অধিক জৈৱিক খেতিয়কৰ পৰা পোনপটীয়াকৈ সংগ্ৰহ কৰা হয় আৰু এইবোৰে ৬০০তকৈও অধিক গুণগত পৰীক্ষণৰ মাজেৰে পাৰ হয়। অৰ্গেনিক ইণ্ডিয়াই প্ৰকাশ কৰা অনুসৰি, আটাইবোৰ ভেষজ উদ্ভিদ ৰাসায়নিক আৰু কীটনাশক মুক্ত মাটিত খেতি কৰা হয় আৰু গছৰ প্ৰাকৃতিক সক্ৰিয় উপাদান তথা পুষ্টিকৰ গুণাগুণসমূহ সম্পূৰ্ণভাৱে বজাই ৰাখিবলৈ গোটেই গছজোপা ব্যৱহাৰ কৰি প্ৰস্তুত কৰা হয়। পাচন স্বাস্থ্যৰ বাবে প্ৰচাৰ কৰা সামগ্ৰীসমূহৰ ভিতৰত ত্ৰিফলা অন্যতম, যি পাউদাৰ আৰু কেপচুল দুয়োটা ৰূপতে উপলব্ধ। আমলখি, ভোমৰা আৰু শিলিখাৰে তৈয়াৰী এই পৰম্পৰাগত মিশ্ৰণটো পাচন ক্ৰিয়া শক্তিশালী কৰা, শৰীৰৰ বিষাক্ত পদাৰ্থ বাহিৰ কৰা আৰু নিয়মীয়া শৌচ-প্ৰস্ৰাৱ হোৱাত সহায় কৰাৰ লগতে কোষ্ঠকাঠিন্যৰ সমস্যা দূৰ কৰাৰ বাবে জনাজাত।
কোম্পানীটোৱে নিজৰ চাইলিয়াম হোল হাস্ক ইচাবগুলৰ ওপৰতো আলোকপাত কৰে। ই হৈছে খাদ্যপ্ৰাণ আঁহৰ এক প্ৰাকৃতিক উৎস, যিয়ে শৌচ নিয়মীয়া কৰাত সহায় কৰে, পাচন ক্ৰিয়াক সবল কৰে আৰু কলেষ্টেৰল নিয়ন্ত্ৰণ তথা ওজন হ্ৰাস কৰাত সহায় কৰিব পাৰে। অৰ্গেনিক ইণ্ডিয়াৰ চট ইচবগুল প্ৰি এণ্ড প্ৰ’বায়োটিক ফাইবাৰ পাউদাৰত ইচবগুলৰ বাকলিৰ সৈতে প্ৰি-বায়টিক ফাইবাৰ আৰু ১.৫ বিলিয়ন চিএফইউ ক’এগুলেন্স প্ৰ’বায়টিক মিহলাই পেটৰ মাইক্ৰ’বায়’ম স্বাস্থ্যক সমৰ্থন কৰিবলৈ প্ৰস্তুত কৰা হৈছে। এই চেনি-মুক্ত সামগ্ৰীবিধ সুমথিৰা আৰু দালচেনি সোৱাদত উপলব্ধ।
অন্য এক উল্লেখনীয় সামগ্ৰী হৈছে ৰিভাইটেলাইজ গাট টি। ই কেফেইন-মুক্ত এবিধ অৰ্গেনিক ভেষজ চাহ, য’ত পদিনা, আজৱাইন, জিৰা, আদা আৰু জালুক অন্তৰ্ভুক্ত কৰা হৈছে। এই চাহবিধৰ প্ৰতি তিনিবাৰ ব্যৱহাৰত ১ বিলিয়ন চিএফইউ ক’এগুলেন্স প্ৰ’বায়টিক থাকে আৰু ইয়াক দৈনিক পাচন তন্ত্ৰৰ আৰামৰ বাবে প্ৰস্তুত কৰা হৈছে। কোম্পানীটোৱে কয় যে, এই পদক্ষেপৰ মূল উদ্দেশ্য হৈছে গ্ৰাহকসকলক প্ৰাকৃতিক আৰু জৈৱিক সুস্থতা সমাধানৰ জৰিয়তে আন্ত্ৰিক স্বাস্থ্যক অগ্ৰাধিকাৰ দিবলৈ উৎসাহিত কৰা।
