ৰাজ্যত দলীয় সংগঠনৰ ভেটি অধিক শক্তিশালী কৰাৰ লক্ষ্যৰে যুৱ কংগ্ৰেছৰ ৰাজ্যিক সমিতিত এক গুৰুত্বপূৰ্ণ সালসলনি কৰিছে নেতৃত্বই। দলীয় নেতৃত্বৰ অনুমোদন লাভ কৰাৰ পিছতে নিখিল ভাৰত কংগ্ৰেছ কমিটীয়ে বিধায়ক তাঞ্জিল হুছেইনক অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ উপ-সভাপতি হিচাপে নিযুক্তি দিয়ে। এই নতুন নিযুক্তিৰ জৰিয়তে ৰাজ্যৰ যুৱ প্ৰজন্মৰ মাজত দলৰ প্ৰসাৰ বৃদ্ধি আৰু নতুন সাংগঠনিক কৌশল ৰচনাৰ বাবে যুৱনেতাগৰাকীক এক গুৰুত্বপূৰ্ণ দায়িত্ব অৰ্পণ কৰা হৈছে।
দলীয় সূত্ৰই প্ৰকাশ কৰা এক বিবৃতিত হুছেইনক শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে তেওঁ নিজৰ দায়িত্ব সফলভাৱে পালন কৰিব বুলি গভীৰ আত্মবিশ্বাস প্ৰকাশ কৰে। যুৱ কংগ্ৰেছৰ আদৰ্শৰ প্ৰতি থকা তেওঁৰ নিষ্ঠা, নেতৃত্বৰ গুণ আৰু দায়বদ্ধতাই ৰাজ্যখনত সংগঠনটোৰ বিকাশ আৰু ধাৰাবাহিক উত্তৰণত যথেষ্ট সহায় কৰিব বুলি দলটোৱে মত পোষণ কৰে।
ইফালে, অসম প্ৰদেশ যুৱ কংগ্ৰেছেও তাঞ্জিল হুছেইনৰ এই নতুন নেতৃত্বই আগন্তুক দিনবোৰত দলৰ বিভিন্ন কাৰ্যসূচী আৰু নতুন পদক্ষেপসমূহক এক ইতিবাচক দিশলৈ লৈ যাব বুলি আশা প্ৰকাশ কৰিছে। ইতিমধ্যে ৰাজ্যিক কংগ্ৰেছৰ সতীৰ্থসকলেও তেওঁক এই নতুন সাংগঠনিক দায়িত্ব লাভৰ বাবে অভিনন্দন জনাইছে।
