আইপিএলৰ ফাইনেলত গুজৰাট টাইটানছক ৫ উইকেটত পৰাস্ত কৰি ৰয়েল চেলেঞ্জাৰছ বেংগালুৰে একেৰাহে দ্বিতীয়বাৰৰ বাবে আই পি এল ২০২৬ৰ ট্ৰফী লাভ কৰে। চমৎকাৰ বলিং প্ৰদৰ্শন কৰি আৰ চি বিয়ে গুজৰাট টাইটানছক মুঠ ১৫৫ ৰানত সীমাবদ্ধ কৰি ৰাখে। লক্ষ্য অনুসৰণ কৰি বিৰাট কোহলীয়ে ৭৫ ৰানৰ ইনিংছ খেলে। ফাইনেলত কোহলীক প্লেয়াৰ অৱ দ্য মেচৰ বঁটা প্ৰদান কৰা হয়। বৈভৱ সূৰ্যবংশীক অৰেঞ্জ কেপকে ধৰি কেইবাটাও বঁটা লাভ কৰি টুৰ্ণামেণ্টৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপে ঘোষণা কৰা হয়। চেম্পিয়ন ৰয়েল চেলেঞ্জাৰছ বাংগালুৰুৱে লাভ কৰে ২০ কোটি টকাৰ পুৰস্কাৰ ধন।
একেৰাহে দ্বিতীয়বাৰৰ বাবে দলটোৱে খিতাপ দখল কৰিছে, আৰু একেটা স্থানতে দুয়োটা ট্ৰফী লাভ কৰিছে। ফাইনেলত ৰানাৰ্ছ আপ গুজৰাট টাইটানছে লাভ কৰে ১২.৫কোটি টকা। বৈভৱ সূৰ্য্যবংশীয়ে অৰেঞ্জ কেপ লাভ কৰাৰ লগতে তেওঁ ‘মষ্ট ভেলুৱেবল প্লেয়াৰ অৱ দ্য ছিজন’, ‘ইমাৰ্জিং প্লেয়াৰ অৱ দ্য ছিজন’, আৰু ‘ছুপাৰ ষ্ট্ৰাইকাৰ অৱ দ্য ছিজন’ হিচাপে নিৰ্বাচিত হোৱাৰ লগতে সৰ্বাধিক ছয় মৰা শ্ৰেষ্ঠ খেলুৱৈৰ এই বঁটা লাভ কৰে। মুঠতে তেওঁ লাভ কৰে ৪৫ লাখ টকাৰ পুৰস্কাৰৰ ধন, লগতে এখন ছিয়েৰা গাড়ী।
উল্লেখ্য যে আই পি এল ২০২৬ বঁটাৰ তালিকা: বিজয়ী: আৰ চি বি -২০ কোটি; ৰানাৰ্ছ আপ : জিটি – ১২.৫ কোটি; ছিজনৰ সৰ্বাধিক মূল্যৱান খেলুৱৈ: বৈভৱ সূৰ্য্যবংশী -১৫ লাখ; অৰেঞ্জ কেপ: বৈভৱ সূৰ্য্যবংশী -১০লাখ; পাৰ্পল কেপ: কাগিছো ৰাবাদা -১০ লাখ; ছিজনৰ উদীয়মান খেলুৱৈ: বৈভৱ সূৰ্য্যবংশী -১০ লাখ; সৰ্বাধিক ডট বল: মহম্মদ চিৰাজ – ১০ লাখ; ছিজনৰ ছুপাৰ ষ্ট্ৰাইকাৰ: বৈভৱ সূৰ্য্যবংশী – ছিয়েৰা কাৰ্; সৰ্বাধিক ছয়: বৈভৱ সূৰ্য্যবংশী – ১০ লাখ; সৰ্বাধিক চাৰি: সাই সুদৰ্শন – ১০ লাখ; ছিজনৰ শ্ৰেষ্ঠ কেচ: মনীষ পাণ্ডে – ১০ লাখ; ফাইনেলৰ শ্ৰেষ্ঠ খেলুৱৈ: বিৰাট কোহলী – ৫ লাখ।
