ইউৰোপৰ দুখন গুৰুত্বপূৰ্ণ দেশ ফ্ৰান্স আৰু ইটালীত যোৱা সপ্তাহত সংঘটিত হিংসাত্মক প্ৰতিবাদে চৰকাৰৰ চিন্তা বহুগুণে বঢ়াই তুলিছে।পেৰিছকে ধৰি কেইবাখনো চহৰত প্ৰতিবাদকাৰীয়ে দোকান-পোহাৰসমূহ ধ্বংস কৰাৰ লগতে ৰাজহুৱা সম্পত্তি লক্ষ্য কৰি লৈছে।এনে সময়তে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনৰ মুকলি প্ৰব্ৰজন নীতিৰ ওপৰত তীব্ৰ প্ৰশ্ন উত্থাপন কৰিছে। হোৱাইট হাউছত সাংবাদিকৰ সৈতে হোৱা এক কথোপকথনত ট্ৰাম্পে কয় যে তেওঁ বহু আগতেই মেক্ৰনক সতৰ্ক কৰি দিছিল। সমগ্ৰ বিশ্বৰ লোকক ফ্ৰান্সলৈ মুকলিকৈ আহিবলৈ দিয়াটো এটা অতি মাৰাত্মক ভুল হিচাপে পৰিগণিত হ’ব।ট্ৰাম্পে কয়, পেৰিছ শীঘ্ৰেই এখন মুছলিম চহৰলৈ ৰূপান্তৰিত হ’ব । ফ্ৰান্সৰ সীমান্ত বন্ধ কৰাৰ পৰামৰ্শ দিছিলো যদিও দেশখনে সেই পৰামৰ্শ মানি চলা নাছিল। এই মন্তব্যই ফ্ৰান্সৰ প্ৰব্ৰজন নীতিক লৈ ৰাজনৈতিক মহলত নতুনকৈ তীব্ৰ বিতৰ্কৰ সূত্ৰপাত ঘটাইছে।
