স্বাধীনতা দিৱসৰ পূৰ্বে ৰাজ্যজুৰি অসামাজিক চক্ৰৰ বিৰুদ্ধে সতৰ্কতা অৱলম্বন কৰিছে আৰক্ষীয়ে। এনে পৰিস্থিতিতে এক গোপন তথ্যৰ ভিত্তিত আৰক্ষীয়ে অভিযান চলাই নগাঁৱত দুজন ব্যক্তিক আটক কৰিবলৈ সক্ষম হয়। জিলাখনৰ ৰূপহীহাটৰ বিভিন্ন স্থানত মাৰাত্মক মাৰণাস্ত্ৰ লৈ সন্দেহজনকভাৱে ঘূৰি ফুৰা অৱস্থাতে আৰক্ষীৰ দলে লোক দুজনক কৰায়ত্ত কৰে।
অভিযানকাৰী দলটোৱে আটক কৰা ধৃত ব্যক্তি দুজন ক্ৰমে ফৈজউদ্দিন আৰু ৰফিকুল ইছলাম বুলি চিনাক্ত কৰা হৈছে। তালাচী চলোৱাৰ সময়ত ফৈজউদ্দিন আৰু ৰফিকুলৰ পৰা এটা পিষ্টলৰ লগতে তিনি জাঁই সজীৱ গুলী উদ্ধাৰ কৰে আৰক্ষীয়ে।
স্বাধীনতা দিৱসৰ ঠিক আগে আগে অস্ত্ৰসহ লোক দুজন গ্ৰেপ্তাৰ হোৱা ঘটনাই সমগ্ৰ অঞ্চলটোতে তীব্ৰ চাঞ্চল্যকৰ পৰিৱেশৰ সৃষ্টি কৰিছে। মাৰণাস্ত্ৰবিধ তেওঁলোকে ক’ৰ পৰা আনিছিল আৰু কি উদ্দেশ্যৰে লগত ৰাখিছিল, সেই সন্দৰ্ভত আৰক্ষীয়ে বৰ্তমান তদন্ত অব্যাহত ৰাখিছে।
