অসম-অৰুণাচল সীমান্তত পুনৰ বিৰাজ কৰিছে উত্তেজনাই। শেহতীয়াকৈ দুই ৰাজ্যৰ সীমান্তত সংঘটিত গুলীচালনাত ১২জন লোক আহত হোৱাৰ পিছতে পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰে। এনে পৰিস্থিতিত সীমান্তৱৰ্তী অঞ্চলত শান্তি আৰু সম্প্ৰীতি অটুট ৰখাৰ লগতে পাৰস্পৰিক সন্মান বজাই ৰাখিবলৈ আহ্বান জনাইছে দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে।
অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে অসম আৰু অৰুণাচল প্ৰদেশৰ মাজৰ ঐতিহাসিক সম্পৰ্ক, বন্ধুত্ব আৰু ভাতৃত্ববোধৰ কথা উল্লেখ কৰি মতানৈক্য আলোচনাৰ জৰিয়তে সমাধানৰ পোষকতা কৰে। সামাজিক মাধ্যমত প্ৰকাশ কৰা এটা বাৰ্তাত তেওঁ দুয়োখন ৰাজ্যৰ লোকক শান্তি আৰু সম্প্ৰীতি বজাই ৰাখিবলৈ আহ্বান জনোৱাৰ লগতে সাম্প্ৰতিক মতানৈক্যই দুয়োটা সম্প্ৰদায়ৰ দীৰ্ঘদিনীয়া সম্পৰ্কত যাতে প্ৰভাৱ নেপেলায়, তাৰ বাবেও আহ্বান জনায়।
পেমা খাণ্ডুৰ এই আহ্বানক আদৰণি জনাই অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়, “অসম আৰু অৰুণাচল প্ৰদেশৰ মানুহৰ মাজৰ সম্পৰ্ক অতি ঘনিষ্ঠ। সীমা সম্পৰ্কীয় অধিকাংশ মতানৈক্য আমি আলোচনা আৰু বন্ধুত্বৰ জৰিয়তে সমাধান কৰিবলৈ সক্ষম হৈছোঁ।”
তেওঁ পুনৰ লিখিছে, “বৰ্তমান মাত্ৰ ৫২খন গাঁওক লৈ আলোচনা অব্যাহত আছে। বাকী বিষয়সমূহো একে মনোভাৱেৰে আলোচনাৰ জৰিয়তে সমাধান কৰিবলৈ দুয়োখন চৰকাৰে আগবাঢ়িব।”
ইফালে, শিলাপথাৰ-লিকাবালি অঞ্চলত গুলীচালনাৰ ঘটনাক কেন্দ্ৰ কৰি উত্তেজনা অব্যাহত আছে। ঘটনাটোৰ পিছত আৰম্ভ হোৱা অৰ্থনৈতিক অৱৰোধৰ ফলত অসম আৰু অৰুণাচল প্ৰদেশৰ মাজত যাতায়াত ব্যাহত হোৱাৰ লগতে দুয়োপক্ষৰ পৰা শিলগুটি নিক্ষেপৰ ঘটনাও সংঘটিত হৈছে। এই ঘটনাত আৰক্ষী আৰু কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ জোৱানো আক্ৰমণৰ সন্মুখীন হোৱা বুলি তথ্যত প্ৰকাশ পাইছে।
উল্লেখ্য যে, আন্তঃৰাজ্যিক সীমান্তত সংঘটিত শেহতীয়া গুলীচালনাত ১২জন লোক আহত হৈছিল। এই ঘটনাৰ পিছতে মিচিং আৰু গালো সম্প্ৰদায়ৰ লোকৰ মাজত প্ৰতিবাদে পৰিস্থিতি অধিক উত্তপ্ত কৰি তোলে।
পৰিস্থিতিৰ অধিক অৱনতি ৰোধ কৰিবলৈ সংশ্লিষ্ট কৰ্তৃপক্ষই সকলো পক্ষকে সংযম বজাই ৰাখিবলৈ আহ্বান জনাইছে। একে সময়তে সীমান্তৱৰ্তী স্পৰ্শকাতৰ অঞ্চলসমূহত স্বাভাৱিক পৰিস্থিতি ঘূৰাই অনাৰ বাবে প্ৰচেষ্টা অব্যাহত আছে।
