ৰামগড়: ঝাৰখণ্ডৰ ৰামগড় জিলাত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। ৰাঁচী-পাটনা ৰাষ্ট্ৰীয় ঘাইপথৰ কুজু থানা এলেকাৰ পাংকিত বিজেপিৰ কাৰ্যালয়ৰ সমীপত সংঘটিত এই দুৰ্ঘটনাত ১৩জন লোকৰ কৰুণ মৃত্যু হয়। দুৰ্ঘটনাত আন এজন লোক গুৰুতৰভাৱে আহত হোৱা বুলি জানিব পৰা গৈছে।
প্ৰাপ্ত তথ্য অনুসৰি, ৰামগড়ৰ বিখ্যাত মা ছিন্নমস্তিকা ৰাজৰাপ্পা মন্দিৰলৈ দৰ্শনৰ বাবে গৈ থকা ভক্তৰ এখন স্ক’ৰপিঅ’ বাহন ভয়ংকৰ দুৰ্ঘটনাত পতিত হয়। দুৰ্ঘটনাটো ইমানেই ভয়াবহ আছিল যে বাহনখনত থকা ১৩জন লোকৰ থিতাতে মৃত্যু হোৱা বুলি জানিব পৰা গৈছে।
নিহতসকলৰ ভিতৰত আছে চাৰিটি শিশু, চাৰিগৰাকী মহিলা আৰু পাঁচজন পুৰুষ। আনহাতে, দুৰ্ঘটনাত আহত হোৱা লোকজনক উদ্ধাৰ কৰি ৰামগড় সদৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।
প্ৰাথমিক তথ্য অনুসৰি, দুৰ্ঘটনাগ্ৰস্ত স্ক’ৰপিঅ’ বাহনখনত থকা আটাইকেইজন লোক বিহাৰৰ নালন্দা জিলাৰ জংঘৰো গাঁৱৰ বাসিন্দা আছিল। তেওঁলোকে মা ছিন্নমস্তিকা মন্দিৰ দৰ্শনৰ উদ্দেশ্যে যাত্ৰা কৰিছিল।
দুৰ্ঘটনাৰ খবৰ লাভ কৰাৰ লগে লগে স্থানীয় লোকসকল ঘটনাস্থলীত উপস্থিত হয় আৰু আৰক্ষীক অৱগত কৰে। পৰৱৰ্তী সময়ত আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হৈ স্থানীয় ৰাইজৰ সহযোগত উদ্ধাৰ অভিযান আৰম্ভ কৰে।
এই শোকাৱহ দুৰ্ঘটনাই সমগ্ৰ অঞ্চলটোতে শোকৰ ছাঁ পেলাইছে। একেলগে ১৩জন লোকৰ মৃত্যুৰ ঘটনাই গভীৰ শোকৰ সৃষ্টি কৰিছে।
উল্লেখ্য যে, দুৰ্ঘটনাটোৰ সঠিক কাৰণ সন্দৰ্ভত আৰক্ষীৰ তদন্তৰ পিছতহে অধিক তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে।
