ম্যানমাৰ: গৃহযুদ্ধত জৰ্জৰিত ম্যানমাৰত পুনৰ ৰক্তাক্ত অধ্যায়। জুণ্টা বাহিনীৰ ধাৰাবাহিক বিমান আক্ৰমণত প্ৰাণ হেৰুৱালে অৰ্ধশতাধিক নিৰীহ লোকে। দুটা পৃথক স্থানত সংঘটিত এই ভয়ংকৰ আক্ৰমণত শিশু আৰু মহিলাসহ অৰ্ধশতাধিক লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে।
প্ৰাপ্ত তথ্য অনুসৰি, জুণ্টা বাহিনীৰ বিমান আক্ৰমণত বহু নিৰীহ লোকৰ মৃত্যু হোৱাৰ লগতে অৰ্ধশতাধিক লোক আহত হৈছে। আক্ৰমণৰ ফলত সংশ্লিষ্ট অঞ্চলসমূহত সৃষ্টি হৈছে ভয়ংকৰ পৰিস্থিতি।
নিহতসকলৰ মাজত শিশু আৰু মহিলাও থকাৰ খবৰে অধিক শোকাৱহ কৰি তুলিছে ঘটনাটো। আনহাতে, আহতসকলক উদ্ধাৰ কৰি চিকিৎসাৰ ব্যৱস্থা কৰা হৈছে বুলি জানিব পৰা গৈছে।
উল্লেখ্য যে, ২০২১ চনত সামৰিক অভ্যুত্থানৰ জৰিয়তে ম্যানমাৰৰ শাসনভাৰ নিজৰ হাতলৈ নিয়াৰ পাছৰে পৰা দেশখনত সামৰিক বাহিনী আৰু বিভিন্ন বিদ্ৰোহী গোটৰ মাজত সংঘৰ্ষ অব্যাহত আছে। ইয়াৰ ফলত সাধাৰণ জনতাৰ জীৱন আৰু নিৰাপত্তা গভীৰ সংকটৰ সন্মুখীন হৈছে।
দুটা পৃথক বিমান আক্ৰমণত অৰ্ধশতাধিক লোকৰ মৃত্যুৰ এই ঘটনাই পুনৰবাৰ ম্যানমাৰৰ গৃহযুদ্ধত সাধাৰণ নাগৰিকৰ নিৰাপত্তাক লৈ উদ্বেগ বৃদ্ধি কৰিছে।
