অপহৰণৰ ৬ দিন পাছত উদ্ধাৰ হ’ল পঞ্জাৱৰ জনপ্ৰিয় কণ্ঠশিল্পী ইন্দৰ কৌৰৰ মৃতদেহ। ১৩ মে’ৰ পৰা নিৰুদ্দেশ হৈ থকা ২৯ বছৰীয়া জনপ্ৰিয় পঞ্জাবী গায়িকা ইন্দৰ কৌৰ ওৰফে যশিন্দৰ কৌৰৰ মৃতদেহ মঙলবাৰে পুৱা উদ্ধাৰ কৰে আৰক্ষীয়ে। লুধিয়ানাৰ সমীপৱৰ্তী নীল’ নদীৰ বুকুত উপঙি থকা অৱস্থাত এই মৃতদেহ উদ্ধাৰ হোৱাৰ পাছতে সমগ্ৰ পঞ্জাৱতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।
গায়িকা গৰাকীৰ ভাতৃ জতিন্দৰ সিঙে দাখিল কৰা এজাহাৰ অনুসৰি যোৱা ১৩ মে’ৰ নিশা প্ৰায় ৮:৩০ বজাত নিজৰ বাহনেৰে বজাৰলৈ যোৱাৰ সময়তে নিৰুদ্দেশ হৈছিল ইন্দৰ। পৰিয়ালৰ লোকে এই হত্যাকাণ্ডৰ অন্তৰালত মোগা জিলাৰ ভালুৰ গাঁৱৰ সুখবিন্দৰ সিং ওৰফে সুখু নামৰ এজন যুৱক জড়িত থকাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে।
৩ বছৰ পূৰ্বে ইনষ্টাগ্ৰামৰ জৰিয়তে গায়িকা গৰাকীৰ সৈতে চিনাকি হোৱা সুখবিন্দৰ বিবাহিত তথা সন্তানৰ পিতৃ বুলি জানিব পাৰি ইন্দৰে তেওঁৰ সৈতে সম্পৰ্ক ছেদ কৰিছিল। কিন্তু এই প্ৰত্যাখ্যান সহ্য কৰিব নোৱাৰি দীৰ্ঘদিন ধৰি গায়িকা গৰাকীক বিয়াৰ বাবে হেচা দি অহা সুখবিন্দৰে এই চৰম কাণ্ড সংঘটিত কৰাৰ সন্দেহ কৰিছে পৰিয়ালে।
আৰক্ষীৰ প্ৰাথমিক তদন্তত পোহৰলৈ অহা এক চাঞ্চল্যকৰ তথ্য অনুসৰি এই পৰিকল্পিত হত্যাকাণ্ড সম্পন্ন কৰিবলৈকে হত্যাকাৰী সুখবিন্দৰে কানাডাৰ পৰা নেপাল হৈ পঞ্জাৱত প্ৰৱেশ কৰিছিল। যোৱা ১৩ মে’ৰ নিশা সুখবিন্দৰ আৰু তেওঁৰ সহযোগীক লৈ গায়িকা ইন্দৰৰ বাহনখন আৱদ্ধ কৰে আৰু বন্দুক দেখুৱাই অপহৰণ কৰাৰ পাছত ডিঙি চেপি হত্যা কৰি মৃতদেহটো নীল’ নদীত পেলাই দিয়ে। এই জঘন্য অপৰাধ কৰিয়েই অভিযুক্ত সুখবিন্দৰে পুনৰ একেই নেপালৰ পথ ব্যৱহাৰ কৰি কানাডালৈ পলায়ন কৰে।
আৰক্ষীৰ নিষ্ক্ৰিয়তা আৰু গাফিলতিৰ বিৰুদ্ধে এতিয়া সৰৱ হৈ পৰিছে দুৰ্ভগীয়া পৰিয়ালটো। তেওঁলোকৰ মতে ১৫ মে’তে জামালপুৰ থানাত সুখবিন্দৰ আৰু তেওঁৰ সহযোগী কৰমজিৎ সিঙৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছিল যদিও আৰক্ষীয়ে সঠিক সময়ত ব্যৱস্থা নোলোৱাৰ বাবেই অকালতে হেৰুৱাবলগীয়া হ’ল গায়িকা গৰাকীক। বৰ্তমান আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে সমৰালাৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰাৰ লগতে পলাতক সহযোগী কেইটাক কৰায়ত্ত কৰিবলৈ অভিযান তীব্ৰতৰ কৰি তুলিছে।
