অসমৰ মাজেৰে চুবুৰীয়া ৰাজ্যলৈ অব্যাহত থকা গৰুৰ অবাধ সৰবৰাহৰ বিৰুদ্ধে মঙলবাৰে এক বৃহৎ সফলতা লাভ কৰিবলৈ সক্ষম হ’ল জাগীৰোড আৰক্ষী। জাগীৰোডৰ দেওশালত ৰাষ্ট্ৰীয় ঘাইপথ-২৭ত আৰক্ষীয়ে চলোৱা এক অভিযানত ৩৮ টা গৰু ভৰ্তি এখন কণ্টেইনাৰ জব্দ কৰিবলৈ সক্ষম হয়।
পথৰ দাঁতিত ৰখাই থোৱা এন এল-০১এন-১১৯১ পঞ্জীয়ন নম্বৰৰ কণ্টেইনাৰখনত আৰক্ষীয়ে তালাচী চলোৱাৰ সময়তে উদ্ধাৰ হয় বহিঃৰাজ্যলৈ সৰবৰাহৰ বাবে অনা গো-ধন কেইটা।
প্ৰাথমিক তদন্তত প্ৰকাশ পোৱা মতে নাগালেণ্ডৰ পৰা মেঘালয় অভিমুখে অবৈধভাৱে সৰবৰাহ কৰা হৈছিল এই পশুধনখিনি। ইফালে, আৰক্ষীৰ দলটো অহাৰ উমান পায়েই বাহনখন থিতাতে এৰি থৈ ঘটনাস্থলৰ পৰা কৌশলেৰে পলায়ন কৰে চালক আৰু হেণ্ডিমেনে।
উদ্ধাৰ হোৱা আটাইকেইটা গৰুকে সুৰক্ষা আৰু প্ৰথমিক চিকিৎসাৰ বাবে ইতিমধ্যে স্থানীয় গো-শালালৈ প্ৰেৰণ কৰা হৈছে। এই আন্তঃৰাজ্যিক চোৰাং সৰবৰাহ চক্ৰৰ সৈতে জড়িত মাফিয়া কেইটাক কৰায়ত্ত্ব কৰিবলৈ আৰক্ষীয়ে তদন্ত প্ৰক্ৰিয়া অধিক ক্ষিপ্ৰ কৰি তুলিছে।
