ৰাজ্যৰ উদীয়মান ক্ৰিকেটাৰসকলক এক বৃত্তিমূলক মঞ্চ প্ৰদান কৰাৰ স্বাৰ্থত আগন্তুক আগষ্ট মাহত অনুষ্ঠিত হ’ব অসম প্ৰিমিয়াৰ লীগৰ প্ৰথমটো সংস্কৰণ। ক্ৰিকেটাৰসকলৰ প্ৰতিভা বিকাশৰ বাবে অসম ক্ৰিকেট সন্থাই ইতিমধ্যে যুদ্ধকালীন তৎপৰতাৰে চলাইছে এই প্ৰতিযোগিতাৰ প্ৰাৰম্ভিক প্ৰস্তুতি। সোমবাৰে এই গুৰুত্বপূৰ্ণ কথা ঘোষণা কৰে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ যুটীয়া সচিব দেৱজিত ল’ন শইকীয়াই।
অসমৰ ক্ৰিকেট খেলুৱৈসকলৰ বাবে এই টুৰ্নামেণ্ট এক ডাঙৰ সুযোগ হিচাপে বিবেচিত হ’ব, কাৰণ প্ৰতিযোগিতাৰ আটাইকেইখন খেল দেশৰ আগশাৰীৰ ক্ৰীড়া চেনেলত পোনপটীয়াকৈ সম্প্ৰচাৰ কৰা হ’ব।
দেৱজিত ল’ন শইকীয়াই কয়, “প্ৰাইম টাইমত এই লীগ ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত সম্প্ৰচাৰ হোৱাৰ ফলত অসমৰ খেলুৱৈসকল পোনপটীয়াকৈ আই পি এল ফ্ৰেঞ্চাইজি আৰু প্ৰতিভা সন্ধানকাৰী দলসমূহৰ দৃষ্টিগোচৰ হ’ব।” ইয়াৰ জৰিয়তে ৰাজ্যৰ ক্ৰিকেটাৰসকলে আই পি এলৰ দৰে বৃহৎ মঞ্চত স্থান লাভ কৰাৰ সম্ভাৱনা বৃদ্ধি পাব বুলিও তেওঁ আশা প্ৰকাশ কৰে।
উল্লেখ্য যে, যোৱা ২০২৫ চনৰ অক্টোবৰ মাহতে অসম ক্ৰিকেট সন্থাৰ সভাপতি তৰংগ গগৈয়ে এই অসম প্ৰিমিয়াৰ লীগ আৰম্ভ হ’ব বুলি চৰকাৰীভাৱে ঘোষণা কৰিছিল। লীগখন সুচাৰুৰূপে পৰিচালনা কৰাৰ বাবে ৰাজদীপ ওজাক এ পি এল গভৰ্ণিং কাউন্সিলৰ অধ্যক্ষ হিচাপেও মনোনীত কৰা হৈছে।
এই লীগৰ জৰিয়তে ৰাজ্যখনত ক্ৰিকেটৰ এক প্ৰতিযোগিতামূলক পৰিৱেশ গঢ়ি উঠাৰ লগতে অসমৰ ক্ৰীড়া জগত ৰাষ্ট্ৰীয় পৰ্যায়ত অধিক শক্তিশালী ৰূপত প্ৰতিষ্ঠা হ’ব বুলি ক্ৰীড়াপ্ৰেমীসকলে মত প্ৰকাশ কৰিছে।
