ছ’চিয়েল মিডিয়া প্লেটফৰ্মসমূহত শিশু যৌন নিৰ্যাতন আৰু শোষক সামগ্ৰী (CSEAM) সম্প্ৰচাৰিত হোৱা ৰোধ কৰিবলৈ কি কি পদক্ষেপ গ্ৰহণ কৰা হৈছে, সেই সন্দৰ্ভত নিজৰ স্থিতি স্পষ্ট কৰিবলৈ কেন্দ্ৰীয় চৰকাৰক অন্তিমটো সুযোগ প্ৰদান কৰিছে ভাৰতৰ উচ্চতম ন্যায়ালয়ে। ন্যায়ধীশ জে বি পাৰ্ডিৱালা আৰু কে বিনোদ চন্দ্ৰনক লৈ গঠিত বিচাৰপীঠে ‘জাষ্ট ৰাইটছ ফৰ চিলড্ৰেন এলায়েন্স’ (JRCA) ৰ উদ্যোগত দাখিল কৰা এখন আবেদনৰ শুনানি গ্ৰহণ কৰি এই ৰায় প্ৰদান কৰে।
আবেদনকাৰী সংগঠনে অভিযোগ কৰা অনুসৰি, ছ’চিয়েল মিডিয়াৰ মধ্যস্থতাকাৰী সংস্থাসমূহে ভাৰতীয় আইনী কৰ্তৃপক্ষক এনেধৰণৰ আপত্তিজনক সামগ্ৰীৰ তথ্য প্ৰদান কৰাত চূড়ান্তভাৱে ব্যৰ্থ হৈছে। যোৱা ১৪ আগষ্টতে বৈদ্যুতিন আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয় তথা আইন আৰু ন্যায় মন্ত্ৰালয়ক উত্তৰ দাখিলৰ নিৰ্দেশ দিয়া হৈছিল। কিন্তু কোনো প্ৰতিবেদন দাখিল নকৰাত অসন্তুষ্টি প্ৰকাশ কৰি ন্যায়ালয়ে কয়, “বিষয়টো অত্যন্ত গুৰুত্বপূৰ্ণ। আমি দুয়োটা মন্ত্ৰালয়ক প্ৰতিবেদন দাখিলৰ বাবে শেষ সুযোগ দিছোঁ।” ২০২৪ চনৰ ছেপ্টেম্বৰ মাহৰ ৰায়দানৰ কথা সোঁৱৰাই ন্যায়ালয়ে স্পষ্ট কৰি দিয়ে যে CSEAM চোৱা বা সংৰক্ষণ কৰাটো ফৌজুদাৰী অপৰাধ।
এনে অপৰাধ POCSO আইনৰ অধীনত নিৰ্ধাৰিত কৰ্তৃপক্ষক জনাবলৈ মধ্যস্থতাকাৰী সংস্থাসমূহ বাধ্য। বি বি চিৰ এক বিশেষ প্ৰতিবেদনৰ ওপৰত ভিত্তি কৰি দাখিল কৰা এই আবেদনত দর্শোৱা হৈছে যে ইনষ্টাগ্ৰাম আৰু টেলিগ্ৰামৰ দৰে মাধ্যম ব্যৱহাৰ কৰি এনে সামগ্ৰী বিক্ৰী কৰা হৈছে। ‘মেটা’ ই কেৱল আমেৰিকাৰ সংস্থা NCMEC-কহে এই বিষয়ে খবৰ দিয়ে, কিন্তু ভাৰতৰ স্থানীয় আৰক্ষী বা শিশু সুৰক্ষা গোটক POCSO আইন অনুসৰি অৱগত নকৰে।
