ককৰোচ জনতা পাৰ্টিৰ (CJP) সহ-আহ্বায়ক আশুটোষ ৰাংকা আৰু দলটোৰ অন্যান্য নেতাসকলক আটক কৰি ৰখা কাৰ্যক লৈ দেওবাৰে গভীৰ উদ্বেগ প্ৰকাশ কৰে ৰাইজৰ দলৰ নেত্ৰী জ্ঞানশ্ৰী বৰাই। তেওঁ অভিযোগ কৰা অনুসৰি, সমৰ্থক, অধিবক্তা আৰু পৰিয়ালৰ সদস্যসকলক তেওঁলোকৰ সৈতে সাক্ষাৎ কৰিবলৈ অনুমতি দিয়া হোৱা নাই।
আটক কৰি থোৱা স্থানৰ বাহিৰত সংবাদ মাধ্যমৰ সৈতে কথা পাতি বৰাই কয় যে বিয়লি ৫ বাজিবলৈ হোৱা স্বত্বেও তেওঁলোকক মুকলি কৰি দিয়া হোৱা নাই।
তেওঁ কয়, “এতিয়া প্ৰায় ৫ বাজিবলৈ হ’ল, কিন্তু আমি এতিয়াও আশুটোষ ৰাংকা আৰু চিজেপিৰ অন্যান্য নেতাসকলৰ মুক্তিৰ বাবে গেটৰ মুখত ৰৈ আছোঁ। তেওঁলোকক এতিয়াও বন্দী কৰি থোৱা হৈছে আৰু আমাক তেওঁলোকক লগ কৰিবলৈ দিয়া হোৱা নাই। আনকি অধিবক্তাসকলকো তেওঁলোকক লগ কৰিবলৈ বাধা দিয়া হৈছে আৰু ভিতৰলৈ খাদ্যও নিবলৈ দিয়া হোৱা নাই।”
বৰাই কৰ্তৃপক্ষৰ এনে আচৰণক লৈ প্ৰশ্ন উত্থাপন কৰি কয় যে আইনী সহায় আৰু মৌলিক প্ৰয়োজনীয়তাৰ পৰা বঞ্চিত কৰাটোৱে মৌলিক অধিকাৰ উলংঘাৰ এক গুৰুতৰ ইংগিত দিছে।
“তেওঁলোকক মুকলি কৰি নিদিয়া পৰ্যন্ত আমি ইয়াতেই থাকিম,” এইদৰে কৈ তেওঁ সকীয়াই দিয়ে যে যদি বিয়লি ৫ বজাৰ ভিতৰত তেওঁলোকক খাদ্য যোগান ধৰা নহয় আৰু মুকলি কৰি দিয়া নহয়, তেন্তে এক বৃহৎ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হ’ব।
বৰাৰ মতে, ৰাইজৰ দলৰ কৰ্মী আৰু সমৰ্থকসকলে আটক হৈ থকা নেতাসকলৰ সমৰ্থনত গোটেই ৰাতি সেই স্থানতে থাকিবলৈ সাজু হৈছে। তেওঁ লগতে জনায় যে যদি পৰিস্থিতিৰ কোনো পৰিৱৰ্তন নহয়, তেন্তে চিজেপিৰ প্ৰতিষ্ঠাপক অভিজিৎ দিপকে সোমবাৰে অসমত উপস্থিত হৈ এই আন্দোলনত অংশগ্ৰহণ কৰিব।
গুৱাহাটীত এক স্বেচ্ছাসেৱক সন্মিলনৰ পূৰ্বে ৰাংকা আৰু অন্যান্য চিজেপি সদস্যসকলক আটক কৰা কাৰ্যক কেইবাটাও বিৰোধী দল আৰু ৰাজনৈতিক নেতাই সমালোচনা কৰিছে আৰু তেওঁলোকৰ তাৎক্ষণিক মুক্তিৰ দাবী জনাইছে।
