অসমৰ যোৰহাট জিলাৰ টীয়কৰ হাতীশাল অঞ্চলৰ পৰা যোৰহাট বন সংমণ্ডলৰ এক বিশেষ অভিযানত চাৰিজন সন্দেহযুক্ত গঁড় চিকাৰীক গ্ৰেপ্তাৰ কৰা হৈছে।
এক নিৰ্দিষ্ট চোৰাংচোৱা তথ্যৰ ভিত্তিত বন বিষয়াসকলে বৰলুইতৰ ঘন অৰণ্যত এই অভিযান চলাই সন্দেহযুক্ত লোককেইজনক কৰায়ত্ত কৰে। প্ৰাথমিক খবৰ অনুসৰি, গ্ৰেপ্তাৰ কৰা লোকসকলৰ ভিতৰত এজন গঁড়ৰ আক্ৰমণত আহত হৈছিল বুলি জানিব পৰা গৈছে।
টীয়ক আৰু লাহদৈগড় আৰক্ষী থানাৰ আৰক্ষী কৰ্মীসকল ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈছে আৰু বৰ্তমান অধিক অভিযান অব্যাহত আছে।
সূত্ৰৰ খবৰ অনুসৰি, চাৰিজন সন্দেহযুক্ত ব্যক্তি অসমৰ বিভিন্ন প্ৰান্তৰ। তেওঁলোকৰ এজন গহপুৰৰ, এজন নাৰায়ণপুৰৰ আৰু বাকী দুজন জাঁজীমুখৰ বাসিন্দা।
হাতীশাল অঞ্চল আৰু ইয়াৰ কাষৰীয়া এলেকাসমূহত শেহতীয়া বছৰবোৰত কেইবাটাও এশিঙিয়া গঁড়ৰ চলাচল বৃদ্ধি পাইছে, যাৰ ফলত এই অঞ্চলটো বন্যপ্ৰাণী সুৰক্ষাৰ বাবে এক গুৰুত্বপূৰ্ণ কেন্দ্ৰবিন্দু হৈ পৰিছে।
অভিযানৰ সবিশেষ আৰু গ্ৰেপ্তাৰ কৰা লোকসকলৰ পৰিচয় সন্দৰ্ভত অধিক তথ্যৰ বাবে অপেক্ষা কৰা হৈছে।
