ভোটগ্ৰহণ প্রক্রিয়া অনুষ্ঠিত হোৱাৰ পূৰ্বেই ত্ৰিপুৰাৰ নগৰ নিগম আৰু পৌৰ নিকায়সমূহৰ নিৰ্বাচনত শাসকীয় ভাৰতীয় জনতা পাৰ্টিয়ে সাব্যস্ত কৰিছে একপক্ষীয় আধিপত্য। অহা ২৭ নৱেম্বৰত অনুষ্ঠিত হ’বলগীয়া ৰাজ্যখনৰ পৌৰ নিৰ্বাচনত কোনো ভোটগ্ৰহণ নোহোৱাকৈয়ে বিজেপিৰ ৭৭ গৰাকী প্ৰাৰ্থী বিনা প্ৰতিদ্বন্দ্বিতাৰে বিজয়ী হয়। মঙলবাৰে মনোনয়ন প্ৰত্যাহাৰৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পিছতে ত্ৰিপুৰা ৰাজ্যিক নিৰ্বাচন আয়োগে শাসকীয় দলটোৰ এই ৭৭ গৰাকী প্ৰাৰ্থীক বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত ঘোষণা কৰে। ইয়াৰ লগে লগে নিৰ্বাচনী যুঁজখনৰ আৰম্ভণিতে ৭৭ খন আসনত অগ্ৰগতি লাভ কৰিছে গেৰুৱা দলটোৱে।
শাসকীয় দলটোৱে লাভ কৰা এই বৃহৎ অগ্ৰগতিৰ ভিতৰত পাঁচখনকৈ পৌৰ নিকায়ৰ এখনো আসনত বিৰোধী দলসমূহে প্ৰাৰ্থীয়েই থিয় নকৰালে। ৰাজ্যিক নিৰ্বাচন আয়োগৰ এগৰাকী জ্যেষ্ঠ বিষয়াই সদৰী কৰা মতে দক্ষিণ ত্ৰিপুৰা জিলাৰ শান্তিৰবজাৰ, পশ্চিম ত্ৰিপুৰাৰ ৰাণীৰবজাৰকে ধৰি ধলাই জিলাৰ কমলপুৰ, জিৰানিয়া আৰু মোহনপুৰ পৌৰ নিকায়ৰ মুঠ ৬৫ খন আসনত আন কোনো ৰাজনৈতিক দলে প্ৰতিদ্বন্দ্বিতা নকৰিলে। ফলত এই পাঁচোখন পৌৰ নিকায়ৰ আটাইকেইখন আসনতে বিজেপিৰ প্ৰাৰ্থীসকলক বিনা প্ৰতিদ্বন্দ্বিতাৰে বিজয়ী ঘোষণা কৰে আয়োগে। ইয়াৰ উপৰি ধলাই জিলাৰ আম্বাছা, চিপাহীজলা জিলাৰ বিশালগড় আৰু খোৱাই জিলাৰ তেলিয়ামুৰা পৌৰ নিকায়ৰ আন ১২ খন আসনতো বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়লাভ কৰে বিজেপিৰ প্ৰাৰ্থীয়ে।
পাঁচখনকৈ পৌৰ নিকায়ত বিৰোধীয়ে প্ৰাৰ্থী দিব নোৱাৰা এই পৰিস্থিতিক কেন্দ্ৰ কৰি শাসকীয় দলৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ তুলিছে বিৰোধী দল চিপিআই(এম) আৰু কংগ্ৰেছে। শাসকীয় দলৰ সমৰ্থকে বিৰোধী প্ৰাৰ্থীসকলক ভয়-ভাবুকি প্ৰদান কৰা বুলি দুয়োটা দলৰ নেতৃত্বই অভিযোগ কৰে। আনকি উক্ত পাঁচখন পৌৰ নিকায়ৰ নিৰ্বাচনত বিৰোধীয়ে অংশগ্ৰহণ কৰাত বাধা দিবলৈকে প্ৰাৰ্থীসকলৰ প্ৰস্তাৱকসকলকো শংকিত কৰি তোলাৰ অভিযোগ উত্থাপন হৈছে। চিপিআই(এম)ৰ ত্ৰিপুৰা ৰাজ্যিক সম্পাদক তথা বিৰোধী দলপতি জিতেন্দ্ৰ চৌধুৰীয়ে কয় যে বাওঁপন্থী প্ৰাৰ্থীসকলক নিৰ্বাচনী যুঁজৰ পৰা আঁতৰাই ৰাখিবলৈয়ে বিজেপি কৰ্মীয়ে তেওঁলোকৰ দলীয় নেতা, প্ৰাৰ্থী আৰু সমৰ্থকসকলৰ ওপৰত আক্ৰমণ চলায়।
শাসকীয় দলৰ বিৰুদ্ধে একেলগে সৰৱ হোৱা চিপিআই(এম) আৰু কংগ্ৰেছে এই পৌৰ নিৰ্বাচনত ঐক্যবদ্ধভাৱে অৱতীৰ্ণ হোৱাৰ বাবেও পূৰ্বে প্ৰচেষ্টা চলাইছিল। কিন্তু দুয়োটা দলৰ মাজত কেইবালানিও আলোচনা অনুষ্ঠিত হোৱাৰ পিছতো কোনো ইতিবাচক ফলাফল নোলাল আৰু দল দুটা নির্বাচনী মিত্ৰতাৰ বুজাবুজিত উপনীত হ’ব নোৱাৰিলে। ইফালে পাঁচখন পৌৰ নিকায়ৰ সকলো আসনতে ইতিমধ্যে ফলাফল নিৰ্ধাৰণ হোৱাত অহা ২৭ নৱেম্বৰত ৰাজ্যখনৰ ৮ খন জিলাৰ মুঠ ২১ খন পৌৰ নিকায়ৰ ভিতৰত বাকী থকা ১৬ খনত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব। ৰাজনৈতিকভাৱে অত্যন্ত গুৰুত্বপূৰ্ণ এই নিৰ্বাচনত আগৰতলা পৌৰ নিগমৰ আসনসমূহো অন্তৰ্ভুক্ত হৈ আছে। ইয়াৰ পূৰ্বে অনুষ্ঠিত ত্ৰিপুৰা বিধানসভাৰ উপ-নিৰ্বাচনতো শাসকীয় বিজেপিয়ে জয়লাভ কৰিছিল।
