ৰাজস্থানৰ পঞ্চায়ত নিৰ্বাচনৰ ফলাফলত শাসকীয় ভাৰতীয় জনতা পাৰ্টীক শোচনীয়ভাৱে পৰাস্ত কৰি কংগ্ৰেছে বৃহৎ সাফল্য অৰ্জন কৰিছে । শুকুৰবাৰে অনুষ্ঠিত ভোটগণনাত প্ৰকাশ পোৱা জিলাভিত্তিক ফলাফল আৰু অগ্ৰগতি অনুসৰি ৰাজ্যখনৰ ৩৭ খন জিলা পৰিষদৰ ভিতৰত ২১ খনতেই কংগ্ৰেছে সংখ্যাগৰিষ্ঠতা লাভ কৰিছে ।বিপৰীতে শাসকীয় বিজেপিয়ে মাত্ৰ ৯ খন জিলা পৰিষদতহে আগবাঢ়ি থাকিবলৈ সক্ষম হয় ।
