বংগোপ সাগৰত ক্ৰমাৎ শক্তিশালী হৈ উঠিছে প্ৰচণ্ড ঘূৰ্ণি ‘আকৱান’। উত্তৰ অন্ধ্ৰপ্ৰদেশ আৰু দক্ষিণ ওড়িশাৰ উপকূলৰ দিশে আগবাঢ়িছে এই ঘূৰ্ণিবতাহ। সম্ভাৱ্য বিপদৰ প্ৰতি লক্ষ্য ৰাখি ইতিমধ্যে দুয়োখন ৰাজ্যতে যুদ্ধকালীন তৎপৰতা আৰম্ভ কৰিছে প্ৰশাসনে। বংগোপ সাগৰত সৃষ্টি হোৱা ঘূৰ্ণিবতাহ ‘আকৱান’ক লৈ এতিয়া উদ্বেগ বৃদ্ধি পাইছে উপকূলীয় অঞ্চলসমূহত। ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ (IMD) শেহতীয়া বতৰৰ আগজাননী অনুসৰি, শুকুৰবাৰে দিনৰ প্ৰায় ১২ বজাত উত্তৰ অন্ধ্ৰপ্ৰদেশ আৰু দক্ষিণ ওড়িশাৰ উপকূলত গোপালপুৰৰ সমীপত স্থলভাগত প্ৰৱেশ কৰাৰ সম্ভাৱনা আছে ঘূৰ্ণিবতাহটোৰ।নিশা ১১.৩০ বজাত ‘আকৱান’ অন্ধ্ৰপ্ৰদেশৰ কলিংগপট্টনমৰ পৰা প্ৰায় ১৭০ কিলোমিটাৰ দক্ষিণ-পূবত, বিশাখাপট্টনমৰ পৰা ২০০ কিলোমিটাৰ পূব-দক্ষিণ-পূবত আৰু ওড়িশাৰ গোপালপুৰৰ পৰা ২৪০ কিলোমিটাৰ দক্ষিণত অৱস্থান কৰিছিল।ঘূৰ্ণিবতাহৰ প্ৰভাৱৰ মাজতে ওড়িশাৰ উপকূলৰ ওচৰত আৱদ্ধ হৈ পৰা অন্ধ্ৰপ্ৰদেশৰ মাছমৰীয়াসকলৰ সুৰক্ষাক লৈও প্ৰশাসনে ব্যৱস্থা গ্ৰহণ কৰিছে। ভাৰতীয় উপকূলৰক্ষী বাহিনীৰ সহযোগত তেওঁলোকক নিৰাপদে গঞ্জাম জিলালৈ অনাৰ প্ৰচেষ্টা চলোৱা হৈছে।
