চাকৰি বিচাৰি অসমৰ পৰা বিদেশলৈ যোৱা যুৱকগৰাকী ৰাছিয়ান সেনাৰ পোছাকত দেখি এতিয়া হাঁহাকাৰ লাগিছে পৰিয়ালৰ মাজত।কাছাৰ জিলাৰ সোণাইত ঘৰ যুৱকগৰাকীৰ। নাম হৈছে আব্দুল মুক্তাদিৰ লস্কৰ। সকলোৱে মুন্না বুলিয়েই মাতে আব্দুলক। কিছুদিনৰ পূৰ্বে আজাৰবাইজানত কাম দিয়াৰ প্ৰলোভনেৰে ঘৰৰ পৰা লৈ যোৱা হৈছিল যুৱকগৰাকীক। তাৰ পিছতে কোনো সন্ধান নাছিল যুৱকজনৰ। অৱশেষত ৰাছিয়ান সেনাৰ পোছাকত সামাজিক মাধ্যমত দেখা হৈছে আব্দুলক।আব্দুলৰ ভিডিঅ’ দেখাৰ পাছতে এতিয়া পত্নীয়ে স্বামীক ঘূৰাই আনিবলৈ আহ্বান জনাইছে চৰকাৰক। বিষয়টোক লৈ প্ৰধানমন্ত্ৰীৰ লগতে অসমৰ মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ আশা কৰিছে পত্মীয়ে।ৰাছিয়াৰ হৈ যুদ্ধক্ষেত্ৰত অসমৰ এগৰাকী যুৱক। ইউক্ৰেইনৰ বিৰুদ্ধে যুদ্ধভূমিৰ পৰাই ইটোৰ পিছতো সিটো ভিডিঅ’ সামাজিক মাধ্যমত আপলোড কৰি আছে যুৱকগৰাকীয়ে।
