ৰাজ্যৰ মুঠ ঋণ ২ লাখ ১৫ হাজাৰ কোটি টকা অতিক্ৰম কৰাৰ সময়তে পষেকৰ ভিতৰতে দ্বিতীয়বাৰৰ বাবে ১,০০০ কোটি টকা ধাৰ কৰিবলৈ সাজু হৈছে অসম চৰকাৰ। যোৱা ৯ নৱেম্বৰত একে পৰিমাণৰ ঋণ লোৱাৰ পাছত অহা ২৩ নৱেম্বৰত পুনৰ ঋণ ল’বলৈ ৰিজাৰ্ভ বেংকৰ ওচৰত প্ৰস্তাৱ দাখিল কৰিছে ৰাজ্যৰ বিত্ত বিভাগে।
পষেকৰ ভিতৰতে দ্বিতীয়বাৰৰ বাবে ঋণ লোৱাৰ এই সিদ্ধান্তই ৰাজ্যৰ ঋণৰ বোজা বৃদ্ধিৰ দিশটো পুনৰ চৰ্চালৈ আনিছে। হিতাধিকাৰী আঁচনিসমূহ ৰূপায়ণৰ বাবে চৰকাৰৰ ব্যয় বৃদ্ধি পোৱাৰ সমান্তৰালকৈ ঋণৰ ওপৰত নিৰ্ভৰশীলতাও বাঢ়িছে বুলি সমালোচনা হৈছে। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই শাসনভাৰ গ্ৰহণৰ সময়ত অসমক দেশৰ শীৰ্ষ পাঁচখন ৰাজ্যৰ ভিতৰত স্থান দিয়াৰ প্ৰতিশ্ৰুতি দিছিল। কিন্তু বৰ্তমান উন্নয়নৰ কাম-কাজৰ বাবে ঋণ লোৱাৰ চৰকাৰী যুক্তিৰ মাজতে ৰাজ্যৰ ধাৰৰ বোজা ক্ৰমে বাঢ়িছে।
উপলব্ধ তথ্য অনুসৰি, ২০১৬ চনৰ মাৰ্চত তৰুণ গগৈ চৰকাৰৰ কাৰ্যকালৰ শেষত অসমৰ মুঠ ঋণৰ পৰিমাণ আছিল প্ৰায় ৪১,৯৬৪ কোটি টকা। ইয়াৰ পাছত সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন বিজেপি চৰকাৰে পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ দিনৰ ঋণক লৈ শ্বেতপত্ৰ প্ৰকাশ কৰিছিল। অৱশ্যে সোণোৱাল চৰকাৰৰ কাৰ্যকালৰ শেষলৈকে ৰাজ্যৰ ঋণ ৮৯,৭০৯ কোটি টকালৈ বৃদ্ধি পায়।
২০২১ চনত ড° হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীৰ দায়িত্ব লোৱাৰ পাছতো ঋণগ্ৰহণ অব্যাহত থাকে। ২০২৫ চনৰ মাৰ্চত অসমৰ মুঠ ঋণৰ পৰিমাণ ১,৭৭,৯৮৩ কোটি টকালৈ উঠিছিল। বৰ্তমান এই পৰিমাণ ২ লাখ ১৫ হাজাৰ কোটি টকা অতিক্ৰম কৰিছে। যোৱা পাঁচ বছৰত ৰাজ্য চৰকাৰে প্ৰায় এক লাখ কোটি টকা ঋণ লোৱাৰ লগতে জনমূৰি ঋণৰ পৰিমাণো প্ৰায় ৪২,৫০০ টকালৈ বৃদ্ধি পাইছে।
