কমনৱেলথ গেমছত পদক জয়ৰ সফলতা উদযাপনৰ মাজতেই ক্ৰীড়াঙ্গনৰ বাহিৰত সজাগতা আৰু দেশপ্ৰেমৰ নিদৰ্শন দাঙি ধৰা অসমৰ তাৰকা বক্সাৰ লাভলীনা বৰগোহাঁইক বিশেষভাৱে প্ৰশংসা কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। স্কটলেণ্ডৰ গ্লাছগোস্থিত এখন ৰেষ্টুৰেণ্টত প্ৰদৰ্শিত বিকৃত ভাৰতীয় মানচিত্ৰ আৰু জাতীয় পতাকাৰ ভুল উপস্থাপনৰ বিৰুদ্ধে লাভলীনাই তাৎক্ষণিকভাৱে চলোৱা প্ৰতিবাদক প্ৰধানমন্ত্ৰীয়ে প্ৰশংসা কৰে।
নতুন দিল্লীস্থিত প্ৰধানমন্ত্ৰীৰ বাসগৃহত কমনৱেলথ গেমছৰ পদকবিজয়ী এথলীটসকলৰ সৈতে অনুষ্ঠিত এক সাক্ষাৎ অনুষ্ঠানত প্ৰধানমন্ত্ৰী মোদীয়ে লাভলীনাৰ পৰা ঘটনাটোৰ বিতং তথ্য সংগ্ৰহ কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে খেলৰ চাপ আৰু সাফল্য উদযাপনৰ মাজতো দেশৰ স্বাভিমান আৰু অখণ্ডতাৰ প্ৰতি লভলীনাই দেখুওৱা এই সচেতনতা অত্যন্ত প্ৰশংসনীয় আৰু এই পদক্ষেপে দেশবাসীক সদায় গৌৰৱান্বিত কৰিব।
উক্ত সৌজন্যমূলক সাক্ষাৎ অনুষ্ঠানত কেন্দ্ৰীয় ক্ৰীড়ামন্ত্ৰী মনসুখ মাণ্ডবিয়া, ক্ৰীড়া ৰাজ্য মন্ত্ৰী ৰক্ষা খাড়ছে আৰু ভাৰতীয় অলিম্পিক সন্থাৰ সভানেত্ৰী পি টি উষা উপস্থিত থাকে। উল্লেখযোগ্য যে, কমনৱেলথ গেমছত সুন্দৰ প্ৰদৰ্শনেৰে ৰূপৰ পদক অৰ্জন কৰি লাভলীনাই দেশলৈ গৌৰৱ কাঢ়ি আনিছিল।
