বৈধ ভ্ৰমণ নথি অবিহনে ভাৰতত প্ৰৱেশ কৰাৰ অভিযোগত কাছাৰ জিলাৰ আদালতে এজন ৪৪ বছৰীয়া নাইজেৰিয়ান নাগৰিকক ১ বছৰৰ কাৰাদণ্ডৰে দণ্ডিত কৰিছে। আদালতে অভিযুক্তজনক ১০,০০০ টকাৰ জৰিমনাও বিহিছে আৰু জৰিমনা পৰিশোধ নকৰিলে অতিৰিক্ত এমাহ কাৰাবাস খাটিব লাগিব বুলি নিৰ্দেশ দিছে।
মুখ্য ন্যায়িক দণ্ডাধীশ মতিলাল দাসৰ আদালতে এই ৰায়দান কৰে। দোষী সাব্যস্ত হোৱা অভিযুক্তজনক নাইজেৰিয়াৰ ৰিভাৰ্ছ ষ্টেটৰ ইন্টেজা অঞ্চলৰ বাসিন্দা এমেকা এজেডো বুলি চিনাক্ত কৰা হৈছে।
যোৱা ২৫ মাৰ্চত শিলচৰৰ পাৰ্ক ৰোডৰ ডিআইজি বাংলো পইণ্ট এলেকাৰ পৰা এজেডোক আৰক্ষীয়ে গোপন খবৰৰ ভিত্তিত এখন অটো-ৰিক্সাত গৈ থকা অৱস্থাত আটক কৰিছিল।
আৰক্ষীয়ে তেওঁৰ সৈতে আন চাৰিজন লোককো আটক কৰিছিল। তেওঁলোকক মিজোৰামৰ আইজলৰ কে. মালচাওমডুৱাঙ্গি আৰু শিলচৰৰ বাসিন্দা পিংকু হুছেইন বৰভূঞা, টিংকু হুছেইন বৰভূঞা আৰু ৰোমিনা বেগম বৰভূঞা বুলি চিনাক্ত কৰা হৈছে।
তদন্তৰ সময়ত আৰক্ষীয়ে জানিব পাৰে যে এজেডো শিলচৰৰ ঘনিয়ালা অঞ্চলৰ এটা ভাড়াঘৰত বাস কৰি আছিল। ভাৰতত প্ৰৱেশৰ বাবে বৈধ নথি দেখুৱাবলৈ ব্যৰ্থ হোৱাত তেওঁৰ বিৰুদ্ধে অবৈধ প্ৰৱেশৰ গোচৰ ৰুজু কৰা হয়।
নাইজেৰিয়ান নাগৰিকজনক আশ্ৰয় আৰু সহায় আগবঢ়োৱাৰ অভিযোগত আৰক্ষীয়ে আন চাৰিজন অভিযুক্তৰ বিৰুদ্ধেও অভিযোগপত্ৰ দাখিল কৰে।
শুকুৰবাৰে বিচাৰ প্ৰক্ৰিয়া সম্পন্ন হোৱাৰ পিছত আদালতে ১৯৬৭ চনৰ পাছপ’ৰ্ট আইনৰ বিভিন্ন ধাৰাৰ অধীনত এজেডোক দোষী সাব্যস্ত কৰি ১ বছৰৰ কাৰাদণ্ড আৰু ১০,০০০ টকাৰ জৰিমনা বিহে।
