মুম্বাইৰ ঘনবসতিপূৰ্ণ ভাৰছোভা সাগৰ তীৰৰ কাষৰীয়া এলেকাৰ বাসিন্দাসকলে নিজৰ ঘৰবোৰত উপযুক্ত বায়ু চলাচলৰ ব্য়ৱস্থা নথকাত এতিয়া নিশাৰ কষ্ট লাঘৱৰ টোপনি সাগৰৰ তীৰৰ বালিচৰত মাৰিছে ৷এগৰাকী শ্লাম বাসিন্দাই এএনআইক কয়, “গৰমৰ দিনকেইটাত আমি এনেকৈ সাগৰ পাৰৰ বালিচৰত নিশাটো কটাওঁ ৷ বৰষুণৰ দিনবোৰ আৰম্ভ হোৱাৰ লগে লগে আমি পুনৰাই নিশা ঘৰতে থাকোঁ ৷ বেছি গৰম আৰু শুকান বতৰত আমি এইদৰে সাগৰ তীৰত নিশা শুই পৰোঁ ৷”
