অত্যাৱশ্যকীয় সামগ্ৰীৰ লাগামহীন মূল্যবৃদ্ধিৰ বিৰুদ্ধে আমগুৰিত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে অসমীয়া যুৱ মঞ্চ আৰু অসমীয়া মহিলা মঞ্চই। মূল্যবৃদ্ধিৰ ফলত সাধাৰণ জনসাধাৰণৰ জীৱন-যাপন দুৰ্বিষহ হৈ পৰাৰ অভিযোগ উত্থাপন কৰি সংগঠন দুটাই চৰকাৰৰ অৰ্থনৈতিক নীতি আৰু বজাৰ নিয়ন্ত্ৰণৰ ব্যৰ্থতাৰ তীব্ৰ সমালোচনা কৰে।
প্ৰতিবাদকাৰীসকলে হাতে প্লেকাৰ্ড আৰু বেনাৰ লৈ মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ দাবীত শ্লোগান দিয়ে। তেওঁলোকৰ অভিযোগ অনুসৰি নিত্য ব্যৱহাৰ্য খাদ্য সামগ্ৰী, শাক-পাচলি, খাদ্য তেল, গেছ আদি সামগ্ৰীৰ মূল্য অব্যাহতভাৱে বৃদ্ধি পাই থকাৰ ফলত মধ্যবিত্ত আৰু দৰিদ্ৰ পৰিয়ালসমূহ অধিক সমস্যাৰ সন্মুখীন হৈছে।
সংগঠনৰ নেতৃবৃন্দই কয় যে মূল্যবৃদ্ধি ৰোধ কৰাৰ ক্ষেত্ৰত চৰকাৰ সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে। শীঘ্ৰেই বজাৰত মূল্য নিয়ন্ত্ৰণ ব্যৱস্থা শক্তিশালী কৰি জনসাধাৰণক সকাহ দিয়াৰ বাবে তেওঁলোকে চৰকাৰক আহ্বান জনায়।
প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰা সদস্যসকলে মূল্যবৃদ্ধিৰ বিৰুদ্ধে অধিক জোৰদাৰ আন্দোলনৰো সকীয়নি দিয়ে। স্থানীয় ৰাইজেও এই দাবীক সমৰ্থন জনাই চৰকাৰক জনসাধাৰণৰ সমস্যাৰ প্ৰতি সংবেদনশীল হোৱাৰ আহ্বান জনায়।
মূল্যবৃদ্ধি নিয়ন্ত্ৰণ আৰু সাধাৰণ জনসাধাৰণক সকাহ দিয়াৰ দাবীৰে আয়োজিত এই প্ৰতিবাদে আমগুৰি অঞ্চলত বিশেষ সঁহাৰি লাভ কৰে।
