ভয়ংকৰ পথ দুৰ্ঘটনাত পতিত হৈ একেলগে প্ৰাণ হেৰুৱাবলগীয়া হ’ল একেটা পৰিয়ালৰ তিনিগৰাকীকৈ যুৱক আৰু কিশোৰে। ৰঙিয়াৰ খণ্ডিকৰ এলেকাৰ তাৰাবাৰীত বৃহস্পতিবাৰে সংঘটিত হোৱা এখন মালবাহী ডিআই বাহন আৰু মটৰচাইকেলৰ মুখামুখি সংঘৰ্ষত থিতাতে নিহত হয় দুজন যুৱক আৰু এটি কিশোৰ।
নিহত সকলক মাজৰুল হুছেইন, জুবেইদ হুছেইন আৰু চুলতান আলী বুলি চিনাক্ত কৰা হৈছে। জানিব পৰা মতে, তিনিওজন একেটা পৰিয়ালৰ সদস্য আছিল আৰু একেখন মটৰচাইকেলত যাত্ৰা কৰি আছিল।
প্ৰত্যক্ষদৰ্শীৰ মতে, দুয়োখন বাহনৰ মাজত হোৱা সংঘৰ্ষটো অত্যন্ত প্ৰচণ্ড আছিল। ফলত মটৰচাইকেলখন গুৰুতৰভাৱে ক্ষতিগ্ৰস্ত হয় আৰু ঘটনাস্থলীতে মৃত্যু ঘটে তিনিওজনৰ।
দুৰ্ঘটনাৰ খবৰ লাভ কৰি ঘটনাস্থলীত উপস্থিত হয় আৰক্ষী। মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰাৰ লগতে ঘটনাটোৰ তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে।
একেটা পৰিয়ালৰ তিনিজন সদস্যৰ একেলগে মৃত্যুৰ খবৰে অঞ্চলটোত গভীৰ শোকৰ সৃষ্টি কৰিছে।
