ৰাষ্ট্ৰীয় ৰাজনীতিত গভীৰ শোকৰ ছাঁ পেলাই মঙলবাৰে পুৱা পৰলোকপ্ৰাপ্তি ঘটে উত্তৰাখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্রী ভুৱন চন্দ্ৰ খাণ্ডুৰীৰ। ডেৰাডুন চহৰৰ এখন ব্যক্তিগত হাস্পতালত চিকিৎসাধীন থকা অৱস্থাতে পুৱা শেষ নিশ্বাস ত্যাগ কৰে ভাৰতীয় সেনাৰ অৱসৰপ্ৰাপ্ত মেজৰ জেনেৰেলগৰাকীয়ে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৯১ বছৰ।
প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ পুত্ৰ মণীশ খণ্ডুৰীয়ে সংবাদ প্ৰতিষ্ঠান এএনআইৰ আগত মঙলবাৰে পুৱা পিতৃৰ বিয়োগৰ বাতৰি নিশ্চিত কৰে।
উল্লেখ্য যে, বিজেপিৰ এই জ্যেষ্ঠ নেতাগৰাকীয়ে ২০০৭ চনৰ পৰা ২০০৯ চনলৈ আৰু পৰৱৰ্তী সময়ত ২০১১ চনৰ পৰা ২০১২ চনলৈ দুবাৰকৈ উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ৰাজনৈতিক জীৱনত তেওঁ সফলভাৱে প্ৰতিনিধিত্ব কৰিছিল গড়োৱাল লোকসভা সমষ্টিক।
প্রাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰি বৰ্তমানৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে সামাজিক মাধ্যমত কয়, “উত্তৰাখণ্ডৰ উন্নয়ন, সুশাসন, স্বচ্ছতা আৰু সততাৰ ৰাজনীতিৰ বাবে খণ্ডুৰী ডাঙৰীয়া সদায় স্মৰণীয় হৈ থাকিব।”
ভাৰতীয় সেনাত সুদীৰ্ঘ সময় ধৰি অনুশাসন আৰু নিষ্ঠাৰে সেৱা আগবঢ়াইছিল খাণ্ডুৰীয়ে। ৰাজনীতিৰ পথাৰখনতো এগৰাকী দক্ষ তথা স্পষ্টবাদী জননেতা হিচাপে নিজকে প্ৰতিষ্ঠা কৰিবলৈ তেওঁ সক্ষম হৈছিল।
তেওঁৰ মৃত্যুক উত্তৰাখণ্ডৰ লগতে ৰাষ্ট্ৰীয় ৰাজনীতিৰ বাবেও এক অপূৰণীয় ক্ষতি বুলি অভিহিত কৰে মুখ্যমন্ত্ৰী ধামীয়ে। ইয়াৰ লগতে তেওঁ শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে।
