দক্ষিণ গুৱাহাটী ১৬ সংখ্যক ৰাস মহোৎসৱৰ লগত সংগতি ৰাখি আজি দক্ষিণ গুৱাহাটী জ্যেষ্ঠ নাগৰিক সন্থা আৰু দক্ষিণ গুৱাহাটী ৰাস মহোৎসৱ সমিতিৰ সৌজন্যত এখন ধৰ্মালোচনী সভা অনুষ্ঠিত হয় । সভাত ‘ ৰাসক্ৰীড়া আৰু তাত্বিক দিশ’ ওপৰত আলোচনা কৰা হয় । অসম সাহিত্য সভাৰ প্ৰাক্তন উপ সভাপতি কনক চন্দ্ৰ শৰ্মাই সঞ্চালনা কৰা সভাখনৰ আঁত ধৰে দক্ষিণ গুৱাহাটী জ্যেষ্ঠ নাগৰিক সন্থাৰ সভাপতি প্ৰসন্ন কুমাৰ পাঠকে । সভাত আলোচক হিচাপে ভাগ লৈ অসম শিশু সাহিত্য ন্যাসৰ সচিব হৃষীকেশ গোস্বামী আৰু দক্ষিণ কামৰূপ ছোৱালী মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ নৰকান্ত অধিকাৰীয়ে ধৰ্মালোচনী সভাৰ বিষয়বস্তুৰ ওপৰত আলোকপাত কৰি কয় যে ৰাস মহোৎসৱ আৰু ভগৱান শ্ৰী কৃষ্ণৰ মাজত আছে এক এৰাব নোৱাৰা সম্পৰ্ক । সভাত দক্ষিণ গুৱাহাটী জ্যেষ্ঠ নাগৰিক সন্থাৰ সম্পাদক বীৰেন চন্দ্ৰ দাস, জ্যেষ্ঠ নাগৰিক অৱনী মাধৱ শৰ্মা পূজাৰী, বেনুধৰ তুমুং, ডঃ ভূমিধৰ কলিতা, প্ৰমোদ শৰ্মা, ৰাজীৱ হাজৰিকা, গোপীকান্ত কাকতি, বিৰাজ মোহন গোস্বামী, মাধৱ শইকীয়া, সৌৰজ বৰুৱা, নীৰেন মেছ, অনুপ কুমাৰ দেউৰী, ৰূপেন হালৈ, দীনবন্ধু কলিতা, কাঞ্চন ৰংথুলু, ৰামচৰন কলিতা, তাৰিণী চৰণ বৰ্মণ, বনজিৎ তালুকদাৰ , দক্ষিণ গুৱাহাটী ৰাস মহোৎসৱৰ সভাপতি, সম্পাদক প্ৰমূখ্যে কৰি বিষয়-ববীয়াসকল, বহু আইমাতৃ আৰু শিক্ষাৰ্থী উপস্থিত থাকে।
